শেহতীয়া খবৰ
ৰহাত বন বিভাগৰ জালত চোৰাং শাল আৰু চেগুন কাঠসহ ২জন, চাওক VIDEO  •  পশ্চিম কাৰ্বি আংলঙত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ২৫জন লোক  •  ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ...  •  ‘মই ভাল পত্নী নহয়, কাৰণ মই ৰান্ধনিঘৰৰ একো কামেই নাজানো’- প্ৰিয়ংকা চোপ্ৰা...  •  মাৰ্ঘেৰিটাত জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ  •  জম্মু-কাশ্মীৰত পাক সেনাৰ গুলীচালনাত নিহত ভাৰতীয় সেনা জোৱান...  •  মহানগৰীত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্য  •  কৰিমগঞ্জত ৫ বছৰীয়া শিশুক বলাত্‍কাৰ  •  এবছুসহ কেইবাটাও সংগঠনে তেজপুৰ সংসদীয় সমষ্টিত নিৰ্দলীয়ৰূপে আগবঢ়াব প্ৰাৰ্থিত্ব...  •  ৰহা উন্নয়ন খণ্ড এতিয়া দুৰ্নীতিৰ কৱলত...

ইউক্ৰেইনৰ ২ যুৱকে ৰাজহুৱা কৰিলে ৬০হাজাৰ ফেচবুক একাউণ্টৰ তথ্য…

1,165

ডিজিটেল ডেস্কঃ দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে চাইবাৰ ক্ৰাইম। ছ’চিয়েল মিডিয়া যেনে- ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম আদিৰ একাউণ্টবোৰৰ তথ্য ব্যক্তিগত কৰি ৰখা হয়। কিন্তু বহু হেকাৰে এই ব্যক্তিগত তথ্য সমূহ হেক ৰি ৰাজহুৱা কৰাও খবৰ সময়ে সময়ে দেখিবলৈ পোৱা গৈছে। য়ুক্ৰেইনতো সংঘটিত হ’ল চাইবাৰ ক্ৰাইম।

য়ুক্ৰেইনৰ দুজন যুৱকে অনলাইন কুইজৰ মাধ্যমেৰে ৬০ হাজাৰতকৈ অধিক ফেচবুক ব্যৱহাৰকাৰীক ব্ৰাউজাৰ ইনষ্টল কৰাৰ প্ৰলোভন দি তেওঁলোকৰ প্ৰফাইলৰ তথ্যসমূহ ৰাজহুৱা কৰে। জানিব পৰা মতে, এণ্ড্ৰিয় গোব্ৰেকোব আৰু গ্লেব স্লেকস্কী নামৰ যুৱক দুজনে ফেচবুকৰ ‘নিউজ ফীড’ত নিজৰ বিজ্ঞাপন দেখুৱাবলৈ ব্ৰাউজাৰৰ ব্যৱহাৰ কৰিছিল।

ইফালে, কীৱত বাস কৰা যুৱক দুজনে কেলিফৰ্ণিয়া আৰু হেকিং বিৰোধী আইন উলংঘা কৰিছে। লগতে যুৱকজনৰ ওপৰত ফেচবুকৰ নিয়ম উলংঘা কৰাৰ বাবে এক গোচৰো ৰুজু কৰা হৈছে। লগতে ফেচবুকে অভিযোগ উত্থাপন কৰিছে যে- এই যুৱক দুজনে ৰুছী নাগৰিকৰ একাউণ্ট লক্ষ্য কৰি লৈছে। আনহাতে, ফেচবুকে দাবী কৰিছে যে- যুৱক দুজনে মুঠ ফেচবুকৰ ব্যৱহাৰকাৰীৰ দ্বাৰা প্ৰায় ৬৩হাজাৰ ব্ৰাউজাৰ ব্যৱহাৰ কৰায় আৰু কোম্পানীটোৰ ৭৫ হাজাৰ পাউণ্ড লোকচান হয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি