কোভিড আক্ৰান্ত শিশুৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ যুৱৰাজ সিঙৰ ১০০ খন অত্যাধুনিক আই চি ইউ বিচনা

কোভিড আক্ৰান্ত শিশুৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ যুৱৰাজ সিঙৰ ১০০ খন অত্যাধুনিক আই চি ইউ বিচনা

ডিজিটেল ডেস্কঃ অসমৰ কোভিড আক্ৰান্ত শিশুৰ বাব বিশেষ সহায়ৰ হাত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ। কোভিডত আক্ৰান্ত শিশুৰ বাবে ১০০খন অত্যাধুনিক আই চি ইউ বিচনা আগঢ়াইছে যুৱৰাজ সিং ফাউণ্ডেশ্যনে। অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীব কাকতিয়ে সংবাদ মাধ্যমৰ আগত এই বিষয়ে অবগত কৰিছে।

বিগত কিছু দিনত ৰাজ্যত শিশুৰ মাজত কোৰোনাৰ সংক্ৰমণ বৃদ্ধি পাইছে। ৰাজ্যৰ ভিন্ন প্ৰান্তত শিশু কোৰোনাত আক্ৰান্ত হোৱাৰ খবৰে সংকিত কৰি ৰাখিছে সকলোকে। তাৰ মাজতে যুৱৰাজ সিং ফাউণ্ডেশ্যনে অসম চিকিৎসা মহাবিদ্যালয়লৈ ১০০ খন শিশু উপযোগী আই চি ইউ বেড আগবঢ়োৱাৰ খবৰে চিকিৎসা মহাবিদ্যালয়খনলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।

চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি দুমাহৰ পূৰ্বে যুৱৰাজ সিং ফাইণ্ডেশ্যনে ভাৰতৰ বিভিন্ন চিকিৎসালয়ত ১০০০ খন শিশুৰ বাবে বিচনা আগবঢ়াব বুলি খবৰ লাভ কৰিছিল। ইয়াৰ ভিতৰত গুৱাহাটী মেডিকেলত ৫০ খন, শ্বিলং মেডিকেলত ৫০ খন, অসম চিকিৎসা মহাবিদ্যালয় (ডিব্ৰুগড়)ত ১০০ খন বিচনা প্ৰদান কৰিব বুলি জানিব পাৰিছিলো। শুক্ৰবাৰে ফাউণ্ডেশ্যনৰ ফালৰ পৰা চিকিৎসা মহাবিদ্যালয়খনলৈ ইমেইলৰ জৰিয়তে প্ৰাৰম্ভিকতে ৫০ খন শিশুৰ বাবে আই চি ইউ বেড প্ৰদান কৰা হ'ব বুলি জনায়।

যুৱৰাজ সিং ফাউণ্ডেশ্যনৰ ফালৰ পৰা প্ৰদান কৰিবলগীয়া এই অত্যাধুনিক আই চি ইউ বিচনা কেইখন বৰ্তমান কোভিড আক্ৰান্ত শিশুৰ বাবে ব্যৱহাৰ কৰাৰ লগতে ইয়াৰ পৰৱৰ্তীসময়ত এই বিচনাসমূহ কৰ্কট আক্ৰান্ত শিশুৰ বাবে ব্যৱহাৰ কৰিবলৈ এক বুজাবুজিৰ চুক্তি ফাউণ্ডেশ্যনলৈ প্ৰেৰণ কৰা হ'ব বুলিও চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষই সংবাদ মাধ্যম যোগে উল্লেখ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in