পাকিস্তানক দিব উচিত প্ৰত্যুত্তৰ, কাশ্মীৰত ভাৰতীয় সেনাত ভৰ্তি হ’বলৈ অগণন যুৱকৰ ভিৰ

পাকিস্তানক দিব উচিত প্ৰত্যুত্তৰ, কাশ্মীৰত ভাৰতীয় সেনাত ভৰ্তি হ’বলৈ অগণন যুৱকৰ ভিৰ

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ বৰ্বৰ আত্মঘাতী আক্ৰমণত ৪৪জনকৈ চি আৰ পি এফৰ জোৱান শ্বহীদ হোৱাৰ পিছতে যেন প্ৰতিশোধৰ অগনি উথলি উঠিছে প্ৰতিজন ভাৰতীয় বুকুত। পাক সমৰ্থিত সন্ত্ৰাসবাদী আৰু পাকিস্তানৰ বিৰুদ্ধে যিকোনো প্ৰকাৰৰ যুঁজ দিবলৈ যেন সকলো সাজু হৈ পৰিছে।

এই দেশপ্ৰেম দেখা গ'ল কাশ্মীৰি যুৱকসকলৰ মাজতো। শ্বহীদ জোৱানসকলৰ প্ৰতি টোপাল তেজৰ বিনিময়ত সীমান্তত থিয় হৈ পাক সেনা আৰু পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে জীৱন দিবলৈও প্ৰস্তুত হৈ পৰিছে কাশ্মীৰি যুৱকসকল। শনিবাৰে ভাৰতীয় সেনাৰ ১১১ টা খালী পদৰ নিযুক্তি সাক্ষাৎকাৰত বাৰমুল্লাত ভিৰ কৰিছেহি হাজাৰ হাজাৰ দেশপ্ৰেমী কাশ্মীৰি যুৱকে।

যোৱা ১৪ ফেব্ৰুৱাৰীত পুলৱামাৰ অৱন্তীপুৰাত পাক সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদে চি আৰ পি এফৰ কনভয়ত আক্ৰমণ কৰাৰ পিছতে পাকিস্তানৰ বিৰুদ্ধে পোতক লোৱাৰ বাবেই সেনাত ভৰ্তি হ'ব বিচাৰিছে এই কাশ্মীৰি যুৱকসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in