ধূপধৰাত পথাৰৰ পৰা গৰু আনিবলৈ গৈ ৪ দিনে সন্ধানহীন যুৱতী…

ধূপধৰাত পথাৰৰ পৰা গৰু আনিবলৈ গৈ ৪ দিনে সন্ধানহীন যুৱতী…

ডিজিটেল সংবাদ ধূপধৰাঃ ধূপধৰা আৰক্ষী থানাৰ অন্তৰ্গত শাচিবড়ী গাঁৱৰ পৰা চাৰিদিন ধৰি এগৰাকী ১৭ বছৰীয়া যুৱতী সন্ধানহীন হৈ থকা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰামতে শাচিবড়ী গাঁৱৰ ইউচুফ আলীৰ কন্যা ছামিয়াৰা বেগমে যোৱা ৩০ জুলাইৰ দিনা দিনৰ প্ৰায় ২ বজাত ঘৰৰ কাষৰ পথাৰৰ পৰা পোহনীয়া গৰুজনী আনিবলৈ গৈছিল ৷ কিন্তু সেই সময়ৰ পৰা ছামিয়া ঘৰলৈ ঘূৰি নাহিল ৷

পিছত পৰিয়ালৰ লোকে নিজ গাঁও তথা আত্মীয়ৰ ঘৰৰ উপৰিও সম্ভাব্য সকলো স্থানত সন্ধান চলায় যদিও ছামিয়াৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম নহ'ল ৷ পিছত উদ্বিগ্ন হৈ পৰা পৰিয়ালৰ লোকসকলে সেইদিনাই নিশা ছামিয়া সন্ধানহীন হোৱা সন্দৰ্ভত ধূপধৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷

যুৱতীগৰাকীৰ সন্ধানত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ৷ ইফালে কোনোলোকে সন্ধানহীন হোৱাৰ সদয়ত ক'লা জিনচ পেন্ট আৰু বগা টি ছাৰ্ট পৰিহিতা প্ৰায় ৫ ফুট ৪ ইঞ্চি উচ্চতাৰ যুৱতীগৰাকীৰ কিবা সন্ধান পালে ওচৰৰ আৰক্ষীক খবৰ দিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in