অসম বিধানসভা অধিবেশনত নাথ যোগী সকলৰ জনজাতিকৰণৰ বিষয়টোক গুৰুত্ব নিদিলে আন্দোলনৰ হুংকাৰ নাথ যোগী ছাত্ৰ সন্থাৰ

অসম বিধানসভা অধিবেশনত নাথ যোগী সকলৰ জনজাতিকৰণৰ বিষয়টোক গুৰুত্ব নিদিলে আন্দোলনৰ হুংকাৰ নাথ যোগী ছাত্ৰ সন্থাৰ

ডিজিটেল সংবাদ, কোকৰাঝাৰ: সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাই নাথ যোগী সকলৰ জনজাতিকৰণৰ বিষয়টোক অহা ৩১ আগষ্টৰ পৰা হ'ব লগা বিধানসভা অধিবেশনত গুৰুত্ব প্ৰদান নকৰিলে অহা ২০ ছেপ্তেম্বৰৰ পৰা ধাৰাবাহিকভাৱে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে৷

বুধবাৰে এক প্ৰেছ বিবৃতিযোগে এই হুংকাৰ প্ৰদান কৰে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক যোগী অৰবিন্দ নাথে৷ উল্লেখ্য যে, গোৱালপাৰা জিলা নাথ যোগী ছাত্ৰ সন্থাৰ কাৰ্যালয়ত ১১ আগষ্টত সদৌ অসম নাথ যোগী ছাত্ৰৰ সন্থাৰ এক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছিল য'ত সন্থাই কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে৷

উক্ত কাৰ্যনিৰ্বাহক সভাতে নাথ যোগী উন্নয়ন পৰিষদ পুনৰ গঠন প্ৰক্ৰিয়াক আদৰণি জনাই এজন দক্ষ ব্যক্তিক অধ্যক্ষ হিচাপে নিযুক্তি দিবলৈ দাবী উত্থাপন কৰিছে৷ তদুপৰি অহা ২০ ছেপ্তেম্বৰত কোকৰাঝাৰস্থিত গেন্দ্ৰাবিলত শ্বহীদ দিৱস অনুষ্ঠিত কৰা, বিটিএডিৰ চাৰিখন জিলাতে সংগঠনটোৰ ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে চাৰিওখন জিলাতে নতুনকৈ জিলা সমিতি গঠন কৰা, নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিবেশন অহা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত বিলাসীপাৰাত অনুষ্ঠিত কৰাকে ধৰি আন কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে ৷

ইফালে, আগন্তুক অসম বিধানসভা নিৰ্বাচনত ৰাজনৈতিক দলসমূহে নাথ যোগী সকলৰ লোকক প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে নাথ যোগী ছাত্ৰ সন্থাই নিজাববীয়াকৈ প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ হুংকাৰ দিছে সংগঠনটোৰ সাধাৰণ সম্পাদক যোগী অৰবিন্দ নাথে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in