ফেচবুকত বিতৰ্ক! ‘অপনে দেশ ক’ জানো’ পেজতে মাজুলীৰ ভুল তথ্য, খুজিলে ক্ষমা…

ফেচবুকত বিতৰ্ক! ‘অপনে দেশ ক’ জানো’ পেজতে মাজুলীৰ ভুল তথ্য, খুজিলে ক্ষমা…

ডিজিটেল ডেস্কঃ ছ'চিয়েল মিডিয়াত এখন ফটোক লৈ খুবেই বিতৰ্ক চলিছে। এই ফটোখন 'অপনে দেশ ক' জানো' নামৰ এটা পেজত আপলোড কৰা হৈছিল। এই ফটোখনৰ সৈতে লিখা হৈছিল যে- 'মাজুলী উৎসৱ অসমৰ এক জনপ্ৰিয় উৎসৱ। আৰু মাজুলীক ১৫১০ খ্ৰীষ্টত আদি শংকৰাচাৰ্যই আৱিষ্কাৰ কৰিছিল।'

ফটোখনৰ সৈতে এই কেপশ্যন লিখাৰ পাছৰে পৰা বিভিন্নজনে সমালোচনা কৰা দেখা পোৱা গৈছে। একাংশই লিখিছে যে- ভালদৰে নাজানিলে এইবোৰ পোষ্ট কৰিব নালাগে। আন একাংশই লিখিছে যে, মাজুলীৰ বিষয়া নজনাকৈ কিয় এনেধৰণৰ পোষ্ট কৰিছে।

ফটোখনক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাছতে 'অপনে দেশ ক' জানো' নামৰ পেজটোৱে পুনৰ আন এক পোষ্ট কৰে। য'ত লিখা হৈছে- 'We sincerely and unequivocally regret the false information that inadvertently crept into the factoid published in the assam tribune today. We by no means, wanted to hurt any sentiments or propagate any false knowledge. Apne desh ko jano has always stood for correct and verifiable information and shall continue to do so. We are now going to upload the corrected factoid and shall publish the same tomorrow.'

এই পেজটোৱে নিজৰ ভুল বুজি এনেদৰে পোষ্ট কৰিছে ফেচবুকত-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in