শেহতীয়া খবৰ
টুটু আমাৰ বৰ মৰমৰ আছিল...  •  টুটু আমাৰ বৰ মৰমৰ আছিল...  •  কেবৰ বিৰুদ্ধে প্ৰতিবাদঃ পশ্চিমবংগত প্ৰতিবাদকাৰীয়ে জ্বলালে ৫খন ৰে’ল...  •  মন্ত্ৰী ৰঞ্জিত দত্তক ক'লা পতাকা প্ৰদৰ্শন  •  ১৬ ডিচেম্বৰত সদৌ অসম কৰ্মচাৰী পৰিষদে পালন কৰিব ৰাজ্যিক কৰ্মচাৰীৰ কৰ্মবিৰতি  •  সান্ধ্য আইনৰ মাজতে মহানগৰীৰ লাখটকীয়াত আৰক্ষীয়ে শ্বহীদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পোষ্টাৰ ফলাৰ অভিযোগ  •  আলোচনাপন্থী আলফা নেতা জিতেন দত্তক গ্ৰেপ্তাৰ  •  CAA বিৰোধী প্ৰতিবাদঃ হিংসাত্মক কাৰ্যত লিপ্ত হোৱাৰ অভিযোগত ৮৫ জনক গ্ৰেপ্তাৰ, শতাধিকক আটক কৰাৰ বিপৰীতে কেইবাশক আটক কৰাৰ প্ৰস্তুতি...  •  অখিল গগৈৰ বিৰুদ্ধে এন আই এ (NIA)য়ে ৰুজু কৰিছে গোচৰ...  •  এতিয়া চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰাৰ সময়ঃ ছোনীয়া গান্ধী

২৪ নবেম্বৰত গুৱাহাটী টাউন ক্লাৱত উন্মোচন হ’ব নিবেদন দাস পাটোৱাৰীৰ কাব্য সংকলন ‘দাইঙৰ পোহৰত’…

145

ডিজিটেল ডেস্কঃ বিশিষ্ট কবি নিবেদন দাস পাটোৱাৰীৰ কাব্য সংকলন ‘দাইঙৰ পোহৰত’ উন্মোচন হ’ব অহা ২৪ নবেম্বৰ, ২০১৯, দেওবাৰে। আঁক-বাক প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা প্ৰতিষ্ঠিত কবিগৰাকীৰ এই সদ্যপ্ৰকাশিত কাব্য সংকলন উন্মোচন কৰিব বিশিষ্ট কবি-সমালোচক হৰেকৃষ্ণ ডেকাই।

গুৱাহাটী টাউন ক্লাৱত দিনৰ ১১ বজাত আয়োজন কৰা এই উন্মোচনী অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব আশুতোষ অগ্নিহোত্ৰীয়ে। ইয়াৰ উপৰিও উন্মোচনী অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকিব ড০ বিভাস চৌধুৰী, বিশিষ্ট কবি অনুভৱ তুলসী আৰু লুটফা হানুমে ছেলিমা বেগমে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি