মোডীক ‘ডিভাইডাৰ ইন চীফ’ আখ্যা দিয়া আতীশ তাছিৰৰ অ’ চি আই কাৰ্ডৰ পঞ্জীয়ন বাতিল…

মোডীক ‘ডিভাইডাৰ ইন চীফ’ আখ্যা দিয়া আতীশ তাছিৰৰ অ’ চি আই কাৰ্ডৰ পঞ্জীয়ন বাতিল…

ডিজিটেল ডেস্কঃ ব্ৰিটেইনত জন্মগ্ৰহণ কৰা লিখক আতীশ তাছিৰৰ অভাৰছিছ চিটিজেন অৱ ইণ্ডিয়া চমুকৈঅ চি আই কাৰ্ড ঘূৰাই লোৱা হৈছে। অভিযোগ অনুসৰি, তেওঁ এই তথ্য লুকুৱাই ৰাখিছিল যেতেখেতৰ পিতৃ এগৰাকী পাকিস্তানী নাগৰিক। তাৰপাছত লিখক গৰাকীৰ বিৰুদ্ধে গ্ৰহণ কৰা হয়এই ব্যৱস্থা।

গৃহমন্ত্ৰালয়ৰ প্ৰবক্তাগৰাকীয়ে সদৰী কৰা মতে, নাগৰিকত্ব অধিনিয়ম ১৯৫৫ অনুসৰি, তাছিৰ অ' চি আই কাৰ্ড লাভ কৰাৰ বাবে অযোগ্য, কিয়নো অ' চি আই কাৰ্ড এনে এজন ব্যক্তিক দিব নোৱাৰি যাৰ পিতৃ-মাতৃ বা ককা-আইতা পাকিস্তানৰ নাগৰিক। তদুপৰি তেওঁৰ পিতৃ যে পাকিস্তানৰ আছিল সেই কথা লুকুৱাই ৰাখিছিল।

নাগৰিকত্ব অধিনিয়ম অনুসৰি, যদি কোনো ব্যক্তিয়ে জালিয়াতি কৰি বা ভুল তথ্য জমা কৰি অ' চি আই কাৰ্ড লাভ কৰে তেন্তে এই কাৰ্ডৰ পঞ্জীয়ন বাতিল কৰি দিয়া হয়। লগতে ভৱিষ্যতে তেওঁ ভাৰতত প্ৰৱেশ কৰিব নোৱাৰিব। উল্লেখ্য যে আতীশ তাছিৰ পাকিস্তানৰ দিংৱগতৰ নেতা ছলমান তাছীৰ আৰু ভাৰতীয় সাংবাদিক তৱলীন সিঙৰ পুত্ৰ।

ইফালে, এই ঘটনাক লৈ চৰ্চা হৈছিল যে- টাইমছত এইলেখকগৰাকীয়ে প্রধানমন্ত্ৰী মোডীক 'ডিভাইডাৰ ইন চীফ' বুলি লিখাৰ পাছত তেওঁৰ অ' চিআই কাৰ্ডৰ পঞ্জীয়ন বাতিল কৰা হয়। কিন্তু এই সন্দৰ্ভত তাছীৰে কয় যে, এয়া সম্পূৰ্ণমিছা। টাইমছত প্ৰধানমন্ত্ৰীক এনেদৰে সমালোচনা কৰাৰ বাবে তেওঁক অ' চি আই কাৰ্ডৰপঞ্জীয়ন বাতিল কৰা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in