মহাৰাষ্ট্ৰত উদ্ধৱ থাকৰেৰ সিদ্ধান্তক লৈ কিয় খং উঠিছে শৰদ পাৱাৰৰ…

মহাৰাষ্ট্ৰত উদ্ধৱ থাকৰেৰ সিদ্ধান্তক লৈ কিয় খং উঠিছে শৰদ পাৱাৰৰ…

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেয়ে এনে এক পদক্ষেপ গ্ৰহণ কৰিছে যি পদক্ষেপক শিৱসেনাৰ সহযোগী দল এনচিপিৰ মুৰব্বী শৰদ পাৱাৰে মানি লোৱা নাই বুলি ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰত জানিব পৰা গৈছে। যোৱা মাহত মহাৰাষ্ট্ৰ চৰকাৰে ভীমা কোৰেগাঁৱত সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে এন আই এক দায়িত্ব অৰ্পণ কৰাৰ বিৰোধিতা কৰিছিল।

কিন্তু মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেয়ে এই ঘটনা সন্দৰ্ভত এন আই এ-ক তদন্ত আৰম্ভ কৰাৰ মঞ্জুৰি প্ৰদান কৰা বুলি ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনসুৰি জানিব পৰা গৈছে। অৱশ্যে মহাৰাষ্ট্ৰ চৰকাৰে এই পদক্ষেপক এনচিপিৰ মুৰব্বী শৰদ পাৱাৰক এই সন্দৰ্ভত ভুল বুলি বক্তব্য কৰিছে।

এনচিপি মুৰব্বী শৰদ পাৱাৰে যোৱা মাহত অভিযোগ উত্থাপন কৰিছিলযে কেন্দ্ৰই প্ৰকৃত সত্য যাতে সকলোৰে আগত নাহে তাৰ বাবেহে ভীমা কোৰেগাঁও হিংসাত্মকঘটনাৰ তদন্তৰ দায়িত্ব এন আই এক অৰ্পণ কৰিছে। পৱাৰে লগতে কয় যে, অন্যায়ৰ বিৰুদ্ধেমাত মতা সকলো মাওবাদী নহয়। লগতে তেওঁ কয়- 'মই মতে চৰকাৰে নিজৰ প্ৰকৃত স্বৰূপ সকলোৰেআগত ওলাই পৰিব বুলি ভয় কৰিছে'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in