যুদ্ধৰ মাজতেই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ নাম শান্তিৰ ন’ৱেল বঁটাৰ বাবে মনোনয়ন…

যুদ্ধৰ মাজতেই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ নাম শান্তিৰ ন’ৱেল বঁটাৰ বাবে মনোনয়ন…

author-image
asomiyapratidin
New Update
এয়া জানি বুজি কৰা হত্যা, আমি কেতিয়াও ক্ষমা নকৰো- ৰাছিয়াক সতৰ্কবাণী ইউক্ৰেইনৰ

ডিজিটেল ডেস্ক: শান্তিৰ ন'ৱেল বঁটাৰ বাবে মনোনিত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ নাম। ইউৰোপৰ বহু ৰাজনৈতিক নেতাই লগ লাগি ন'ৰৱেৰ ন'ৱেল কমিটিত সম্বোধন কৰি আহ্বান জনাই যে শান্তিৰ ন'ৱেল বঁটাৰ বাবে জেলেনস্কিৰ নাম মনোনীত কৰিব লাগে।

Advertisment

উল্লেখ্য যে, ৰাষ্ট্ৰপতিৰ নামৰ বিষয়টো উত্থাপন হোৱাৰ পাছতেই ন'ৱেল বঁটা ২০২২ ৰ বাবে মনোনয়ন দাখিলৰ সময়-সীমা বৃদ্ধি কৰা হৈছে। এই খবৰ বিয়পি পৰাৰ লগে লগে ছচিয়েল মিডিয়াত বিভিন্ন জনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

ৰাছিয়া-ইউক্ৰেইনৰ মাজত অব্যাহত আছে যুদ্ধ। কিন্তু এনে সময়তে ৰাষ্ট্ৰপতি গৰাকীৰ নাম নৱেল বঁটাৰ মনোনয়নৰ বাবে আহ্বান জনোৱাৰ পাছতেই বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে।