/asomiyapratidin/media/media_files/2025/02/11/FyLAm4EjeuWqsyCxYIyG.jpg)
ডিজিটেল ডেস্কঃ দুৰ্নীতি একো একোখন দেশৰ উন্নয়ন, প্ৰগতিৰ মূল প্ৰত্যাহ্বান। দুৰ্নীতিৰ বাবেই সকলোধৰণৰ উন্নয়নৰ পৰা বঞ্চিত হয় একো একোখন দেশৰ সাধাৰণ জনতা। বিশেষকৈ তৃতীয় বিশ্বৰ দেশসমূহ দুৰ্নীতিৰ কৰাল গ্ৰাসত পৰি নানান সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰিছে।
শেহতীয়াকৈ মঙলবাৰে ট্ৰেন্সপাৰেন্সি ইণ্টাৰনেশ্যনেল (Transparency International)-এ ২০২৪ চনৰ দুৰ্নীতিৰ ধাৰণা সূচকাংক Corruption Perceptions Index (CPI) ৰেংকিং প্ৰকাশ কৰিছে। এই তালিকাই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।
উল্লেখ্য যে, CPI- এ বিশ্বজুৰি ৰাষ্ট্ৰসমূহক তেওঁলোকৰ ৰাজহুৱা খণ্ডত হোৱা দুৰ্নীতিৰ মাত্ৰাৰ ওপৰত ভিত্তি কৰি বিভিন্ন দিশ সামৰি এক তাকিলা প্ৰকাশ কৰিছে। বিশ্বৰ মুঠ ১৮০ খন দেশ সামৰি তৈয়াৰ কৰা হৈছে এই তালিকা। ইয়াত প্ৰতিখন দেশক ০ ৰ পৰা ১০০ লৈ নম্বৰ দিয়া হৈছে। য’ত অধিক নম্বৰে স্বচ্ছ ৰাজহুৱা খণ্ডৰ ইংগিত দিয়ে আৰু কম নম্বৰে অধিক দুৰ্নীতিৰ ইংগিত দিয়ে।
বিশ্বৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত দেশৰ তালিকা প্ৰকাশ
চিপিআইৰ প্ৰতিবেদনত দেখা গৈছে যে বিশ্বজুৰি দুৰ্নীতি এতিয়াও এটা ডাঙৰ সমস্যা হৈয়ে আছে। এই প্ৰতিবেদনখনত বহু দেশৰ গুৰুতৰ দুৰ্নীতিৰ ওপৰত আলোকপাত কৰা হৈছে। প্ৰতিবেদনখনৰ মতে ২০১২ চনৰ পৰা ৩২খন দেশত দুৰ্নীতিৰ মাত্ৰা যথেষ্ট হ্ৰাস পাইছে যদিও ইয়াক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ এতিয়াও বহু কাম বাকী আছে।
একে সময়ছোৱাত ১৪৮ খন দেশত দুৰ্নীতি পূৰ্বৰ অৱস্থাতে স্থবিৰ হৈ আছে বা অধিকহে হৈ গৈছে। চি পি আইয়ে প্ৰকাশ কৰা তালিকা অনুসৰি দুই তৃতীয়াংশতকৈ অধিক দেশৰ স্ক’ৰ ৫০ৰ তলত। এই দেশসমূত দুৰ্নীতি এক ভয়ংকৰ ব্যাধি হৈ পৰিছে।
চি পি আইৰ স্ক’ৰ ৫০ তকৈ কম থকা দেশসমূহত প্ৰায় ৬.৮ বিলিয়ন লোকে বাস কৰে। এই জনসংখ্যা হৈছে বিশ্বৰ মুঠ জনসংখ্যাৰ ৮৫ শতাংশ।
দুৰ্নীতিৰ ধাৰণা সূচকাংক ২০২৪ৰ প্ৰতিবেদন অনুসৰি ডেনমাৰ্কে একেৰাহে সপ্তম বছৰৰ বাবে সৰ্বনিম্ন দুৰ্নীতিগ্ৰস্ত দেশ হিচাপে শীৰ্ষস্থান দখল কৰিছে। এই দেশখনে ১০০ ৰ ভিতৰত ৯০ পইণ্ট বা স্ক’ৰ লাভ কৰিছে। ইয়াৰ পিছতে স্থান লাভ কৰিছে ক্ৰমে ফিনলেণ্ড (৮৮), ছিংগাপুৰ (৮৪), নিউজিলেণ্ড (৮৩) আৰু লাক্সেমবাৰ্গ (৮১), নৰৱে আৰু ছুইজাৰলেণ্ডে (৮১) আৰু ছুইডেন (৮০) পইণ্ট।
দুৰ্নীতিৰ ধাৰণা সূচকাংক সৰ্বনিম্ন দুৰ্নীতি হোৱা শীৰ্ষ ১০ খন দেশ
- ৰেংক ১: ডেনমাৰ্ক (স্ক’ৰ: ৯০)
- ৰেংক ২: ফিনলেণ্ড (স্ক’ৰ: ৮৮)
- ৩য় স্থান: ছিংগাপুৰ (স্ক’ৰ:৮৪)
- ৰেংক ৪: নিউজিলেণ্ড (স্ক’ৰ:৮৩)
- ৫ নং স্থান: লাক্সেমবাৰ্গ (স্ক’ৰ:৮১)
- ৰেংক ৫: নৰৱে (স্ক’ৰ: ৮১)
- ৫ম স্থান: চুইজাৰলেণ্ড(স্ক’ৰ:৮১)
- ৰেংক ৮: ছুইডেন (স্ক’ৰ:৮০)
- ৰেংক ৯: নেদাৰলেণ্ড (স্ক’ৰ: ৭৮)
- ৰেংক ১০: অষ্ট্ৰেলিয়া (স্ক’ৰ: ৭৭)
ইফালে সৰ্বাধিক দুৰ্নীতিগ্ৰস্ত দেশ হিচাপে এই তালিকাত প্ৰথম স্থান লাভ কৰিছে দক্ষিণ চুডানে। এই দেশখনে মাত্ৰ ৮ পইণ্টহে লাভ কৰিছে। ১৮০ খন দেশৰ তালিকাত ৮ নম্বৰ লাভেৰে ১৮০ নং স্থানত আছে।
ইয়াৰ পিছতে ছোমালিয়াই ১৭৯ নম্বৰ স্থানত থকাৰ বিপৰীতে ভেনিজুৱেলা ১৭৮ নম্বৰ স্থানত আছে। ছিৰিয়াই ১৭৭ নম্বৰ স্থান দখল কৰাৰ বিপৰীতে য়েমেন, লিবিয়া, ইৰিত্ৰিয়া আৰু ইকুৱেটৰিয়েল গিনিয়ে ১৩ পইণ্টকৈ ১৭৩ নম্বৰ স্থান লাভ কৰিছে। ১৪ পইণ্টেৰে ১৭২ নম্বৰ স্থানত আছে নিকাৰাগুয়া।
সৰ্বাধিক দুৰ্নীতি হোৱা শীৰ্ষ ১০ খন দেশ
- ৰেংক ১৭০: চুডান (স্ক’ৰ: ১৫)
- ৰেংক ১৭২: নিকাৰাগুয়া(স্ক'ৰ: ১৪)
- ৰেংক ১৭৩: বিষুৱীয় গিনি(স্ক'ৰ: ১৩)
- ৰেংক ১৭৩: লিবিয়া (স্ক’ৰ: ১৩)
- ৰেংক ১৭৩: য়েমেন (স্ক’ৰ: ১৩)
- ৰেংক ১৭৭: ছিৰিয়া (স্ক’ৰ: ১২)
- ৰেংক ১৭৮: ভেনিজুৱেলা(স্ক’ৰ: ১০)
- ৰেংক ১৭৯: ছোমালিয়া (স্ক’ৰ: ৯)
- ৰেংক ১৮০: দক্ষিণ চুডান (স্ক’ৰ:৮)
মন কৰিবলগীয়া যে, অৰ্থনৈতিক জুৰুলা অৱস্থাৰে যুঁজি থকা পাকিস্তানে ২০২৩ চনৰ তুলনাত সামন্য উন্নতি কৰিব পাৰিছে। ২০২৩ তুলনাত দুটা স্থানৰ হ্ৰাসেৰে এইবাৰ ১৩৫ নম্বৰ স্থান লাভ কৰিছে। ২৭ নম্বৰ লাভ কৰি মালি, লাইবেৰিয়া, গেবনৰ দৰে দেশৰ সমান্তৰালভাৱে স্থান লাভ কৰিছে পাকিস্তানে।
ইয়াৰ বিপৰীতে দুৰ্নীতি সূচকাংকত পাকিস্তানৰ তুলনাত ভাৰতৰ স্থান বহু বেছি। অৱশ্যে ভাৰতৰ ৰেংকিঙত তিনিটা স্থান হ্ৰাস পাইছে, ২০২৩ চনৰ তুলনাত ১ পইণ্ট হ্ৰাস পাইছে। ২০২৪ চনৰ ৰেংকিঙত ভাৰতে ৩৮ পইণ্টেৰে ৯৬ নম্বৰ স্থান দখল কৰাৰ বিপৰীতে চুবুৰীয়া দেশ চীনে ৪২ পইণ্টেৰে ৭৬ নম্বৰ স্থানত আছে।
• ৰেংক ১৩৫: এছৱাটিনি (স্ক’ৰ:২৭)
• ৰেংক ১৩৫: গাবন (স্ক’ৰ: ২৭)
• ৰেংক ১৩৫: লাইবেৰিয়া (স্ক’ৰ: ২৭)
• ৰেংক ১৩৫: মালি (স্ক’ৰ: ২৭)
• ৰেংক ১৩৫: পাকিস্তান (স্ক’ৰ: ২৭)
তালিকাত বাংলাদেশে ২৩ পইণ্টেৰে ১৫১ নম্বৰ স্থানত থকাৰ বিপৰীতে শ্ৰীলংকাই ৩২ পইণ্টেৰে ১২১ নম্বৰ স্থানত আছে। তালিবানৰ শাসনত আফগানিস্তানে ১৭ পইণ্ট লাভ কৰি ১৬৫ নম্বৰ স্থানত আছে।