মনত পৰেনে পৰাগ দাস, ডেনিয়েল পাৰ্ল অথবা গৌৰী লংকেশক ?

মনত পৰেনে পৰাগ দাস, ডেনিয়েল পাৰ্ল অথবা গৌৰী লংকেশক ?

ডিজিটেল ডেস্ক : আজি বিশ্ব সংবাদ মাধ্যম স্বতন্ত্ৰতা দিৱস । প্ৰতিবছৰেই ৩ মে'ত এই দিৱস উদযাপন কৰি অহা হৈছে যদিও ২০২৩ বৰ্ষৰ বিশ্ব সংবাদ মাধ্যম স্বতন্ত্ৰতা দিৱস আছে নিজা তাৎপৰ্য । কিয়নো ১৯৯৩ চনত আৰম্ভ হোৱা এই দিৱসে আজি সম্পূৰ্ণ কৰিলে ৩০ বছৰ । অৰ্থাৎ তিনিটাকৈ দশক । সংবাদ মাধ্যমৰ ওপৰত চলা আক্ৰমণ আৰু কৰ্তব্যৰত অৱস্থাত মৃত্যুক সাৱটি লোৱা সংবাদকৰ্মী সকলৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ বাবে আৰম্ভ কৰা হৈছিল এই দিৱ ১৯৯৩ চনত ৰাষ্ট্ৰসংঘৰ মজিয়াত ।

সমগ্ৰ বিশ্বই প্ৰতিটো খোজতেই প্ৰত্যক্ষ কৰি আহিছে অস্থিৰ ৰাজনীতি, সমাজনীতি আৰু যুদ্ধ । দুখনকৈ বিশ্বযুদ্ধৰ ওপৰিও শীতল যুদ্ধ, আগ্ৰাসন, সন্ত্ৰাসবাদ আৰু কত কি অতিক্ৰমী আজিৰ অৱস্থা পাইছে বিশ্বই । আজিৰ বিশ্বত আছে ইন্টাৰনেট । তিলিকতে লাভ কৰিব পাৰি সমগ্ৰ বিশ্বৰ তথ্য কেৱল এটা কম্পিউটাৰৰ সন্মুখত বহিয়েই । কিন্তু ই জানো সম্ভৱ আছিল আজি পৰা কেইটামান দশক পূৰ্বে ? কৃত্ৰিম বুদ্ধিমতাই আৱৰি ধৰিছে সমগ্ৰ বিশ্বক । এটি এপৰ সহায়তেই লিখিব পাৰি কবিতা, গল্প অথবা গান । কিন্তু ই জানো সম্ভৱ আছিল আজিৰ পৰা কেইবছৰমান পূৰ্বে ?

যি বাতৰিয়ে নিষ্পেষিত, শোষিতৰ হকে মাত মাতিছিল, যি গান অথবা কবিতাই বিদ্ৰোহৰ সূচনা কৰিছিল স্বেচ্ছাছাৰী শাসকৰ বিৰুদ্ধে সেইয়া জানো সম্ভৱ হৈ উঠিব কাহানিও ?

মানুহৰ বুদ্ধিমতাক হয়তো চেৰ পেলাব পাৰে কম্পিউটাৰে কিন্তু আৱেগক ? যি আৱেগসৰ্বস্ব হৈ শ শ সংবাদকৰ্মীয়ে বাতৰি সংগ্ৰহৰ বাবে দিনৌ এখন যুঁজত অৱতীৰ্ণ হৈ আহিছে । ইয়াৰ মাজতেই বহুতে মৃত্যুক সাৱটি ল'ব লগীয়া পৰ্যন্ত হৈছে বিভিন্ন কাৰণত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in