/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/mriya.jpg)
ডিজিটেল ডেস্কঃ'ম্ৰিয়া' আৰু নাই। যুদ্ধৰ ভয়বহতাই ম্ৰিয়াক ধ্বংস কৰিলে। ৰাছিয়ান সেনাই ইউক্ৰেইনত চলোৱা ধ্বংসলীলাই বৰ বেয়াকৈ চুই গ'ল ম্ৰিয়াক। যাৰ বাবে ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী দিমিত্ৰীয়ে কয়, আমি পুনৰ গঢ়ি তুলিম ম্ৰিয়াক।
ইউক্ৰেইনৰ লগতে বিশ্বৰ বিভিন্নজনৰ বাবে ম্ৰিয়া আছিল এক সপোন। এই ম্ৰিয়া আছিল পৃথিৱীৰ আটাইতকৈ ডাঙৰ বিমান। এই সপোনক ইতিমধ্যে ধ্বংস কৰা হৈছে। ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ বাহিৰৰ হোষ্টমেল বিমান বন্দৰত ৰাছিয়াই ব'ম নিক্ষেপ কৰাৰ পিছতেই এই ম্ৰিয়া ধ্বংস হৈ গৈছে।
যাৰ বাবে ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী গৰাকীয়ে এক টুইট কৰি কয় যে, 'বিশ্বৰ সৰ্ববৃহৎ বিমান ম্ৰিয়া (দ্যা ড্ৰীম) কিয়েভৰ ওচৰৰ এক বিমানবন্দৰত ৰাছিয়াৰ সৈন্যই ধ্বংস কৰিছে। আমি বিমানখন পুনৰ নিৰ্মাণ কৰিম, আমি এক শক্তিশালী, মুক্ত আৰু গণতান্ত্ৰিক ইউক্ৰেইন গঢ়ি তুলিম। আমাৰ সপোন পূৰণ কৰোঁ আহক।'
উল্লেখ্য যে ইউক্ৰেইনত 'ড্ৰীম' বা সপোন বুলি কোৱা এএন-২২৫ 'ম্ৰিয়া' ইউক্ৰেইনৰ এৰোনটিক্স কোম্পানী এণ্টনভে নিৰ্মাণ কৰিছিল। এই ম্ৰিৰাক বিশ্বৰ সৰ্ববৃহৎ কাৰ্গো বিমান হিচাপে গণ্য কৰা হৈছিল।
The biggest plane in the world "Mriya" (The Dream) was destroyed by Russian occupants on an airfield near Kyiv. We will rebuild the plane. We will fulfill our dream of a strong, free, and democratic Ukraine. pic.twitter.com/Gy6DN8E1VR
— Ukraine / Україна (@Ukraine) February 27, 2022