ডিজিটেল ডেস্কঃ আজি বিশ্ব হস্তী দিৱস। প্ৰতিবছৰে মানুহৰ মাজত এছিয়া আৰু আফ্ৰিকাৰ হাতীৰ দুৰ্দশাৰ প্ৰতি মনোযোগ আকৰ্ষণ আৰু সজাগতা বৃদ্ধিৰ বাবে ১২ আগষ্ট দিনটোক বিশ্ব হস্তী দিৱস হিচাপে পালন কৰি আহা হৈছে। ২০১২ চনৰ পৰা এই দিৱস পালন কৰি আহা হৈছে।
২০১৭ চনত ভাৰতত শেষবাৰৰ বাবে হাতীৰ গণনা কৰা হৈছিল। সেই সময়ৰ হাতীৰ গণনা অনুসৰি ভাৰতত মুঠ ৩০ হাজাৰ হাতী আছে কিন্তু ক্ৰমশঃ এই সংখ্যা হ্ৰাস পাই আহিছে। ভাৰতত হাতীৰ মৃত্যুৰ ঘটনা সৰ্বাধিক সংঘটিত হৈছে কেৰালাত। তথ্য অনুসৰি প্ৰতি তিনিদিনৰ মূৰে মূৰে কেৰালাত একোটাকৈ হাতীৰ মত্যু হৈছে।
তথ্য অনুসৰি দেশত বৰ্তমান ২৭ হাজাৰ হাতী জীয়াই আছে। ২ হাজাৰতকৈ অধিক হাতীক বিভিন্নজনে জিম্মাত লৈছে। প্ৰতিবছৰে হত্যা হৈ আহিছে ১০০ টাতকৈ অধিক হাতী। আনহাতে হাতী মানুহৰ সংঘাতৰ ফলতো কেইবা শ মানুহৰ মৃত্যু হৈছে।
উল্লেখ্য যে ভাৰতত বন্য জন্তুক হত্যা কৰাটো এক অপৰাধ। কিন্তু প্ৰতিবছৰে বন্য জন্তুৰ হত্যা হৈ আহিছে আৰু অতি নগন্য সংখ্যক লোকেহে এই অপৰাধৰ বাবে শাস্তি ভোগ কৰিছে।বন্য জীৱ সুৰক্ষা আইন ১৯৭২ অনুসৰি জন্তুক হত্যাৰ অপৰাধৰ বাবে ৩ বছৰ পৰ্যন্ত কাৰাবাস আৰু ২৫ হাজাৰ টকাৰ জৰিমণা ভৰিবলগীয়া হ'ব পাৰে। একেই অপৰাধ যদি দ্বিতীয়বাৰৰ বাবে কোনোৱে কৰে তেনে তেওঁৰ কাৰাবাস ৭ বছৰ পৰ্যন্ত হ'ব পাৰে।
বিশ্ব হস্তী দিৱসৰ এই দিনটোতে হাতীৰ সন্দৰ্ভত কেইটামান আমোদজনক তথ্যঃ
- আপুনি জানি আচৰিত হ'ব জন্মৰ ২০ মিনিটৰ পাছতেই হাতীৰ পোৱালি থিয় হবলৈ সক্ষম হয়।
- একোটা হাতীয়ে প্ৰতিদিনো ১৫০ কিলোগ্ৰাম আহাৰ খাবলৈ পাৰে।
- হাতীৰ সৰ্বাধিক ওজন ৫ হাজাৰ কিলোগ্ৰাম পৰ্যন্ত হয়।