ষ্টেডিয়ামত নহয়, লণ্ডনৰ শ্বপিং মলত শুভাৰম্ভ বিশ্বকাপ ক্ৰিকেট-২০১৯ৰ

ষ্টেডিয়ামত নহয়, লণ্ডনৰ শ্বপিং মলত শুভাৰম্ভ বিশ্বকাপ ক্ৰিকেট-২০১৯ৰ

author-image
asomiyapratidin
New Update
ষ্টেডিয়ামত নহয়, লণ্ডনৰ শ্বপিং মলত শুভাৰম্ভ বিশ্বকাপ ক্ৰিকেট-২০১৯ৰ

ডিজিটেল ডেস্কঃ ৪ বছৰীয়া প্ৰতীক্ষাৰ অন্তত পুনৰ এবাৰ ক্ৰিকেটাৰ লহৰত উদ্বাউল হ'বলৈ সাজু হৈছে সমগ্ৰ বিশ্ব। ২০১৯ বৰ্ষৰ বিশ্বকাপ ক্ৰিকেটৰ সময় সমাগত হোৱাৰ লগে লগে সমগ্ৰ বিশ্বজুৰি ক্ৰিকেট প্ৰেমীসকলৰ মাজত সৃষ্টি হৈছে এক ৰোমাঞ্চকৰ পৰিৱেশৰ। এইবাৰৰ ১২ সংখ্যক বিশ্বকাপ আয়োজন কৰিছে ইংলেণ্ডে। বিশ্বকাপ ক্ৰিকেটৰ ৩০ মে'ত অনুষ্ঠিত হ'বলগীয়া প্ৰথমখন মেছত খেলপথাৰত নামিব দক্ষিণ আফ্ৰিকা আৰু আয়োজক ইংলেণ্ড। ইয়াৰ পূৰ্বে বুধবাৰে লণ্ডনৰ বকিংহাম পেলেচৰ সমীপৰ লণ্ডন মলত আয়োজন কৰা হয় ক্ৰিকেটৰ মহাযুদ্ধ বিশ্বকাপৰ উদঘাটন সমাৰোহ।

Advertisment

উদঘাটন সমাৰোহৰ আৰম্ভণিতে বিশ্বকাপ ক্ৰিকেটত অংশ লোৱা সকলো দলৰে অধিনায়ক সকলক মঞ্চলৈ আমন্ত্ৰণ জনোৱা হয়। মঞ্চৰ পৰা নামি ভাৰতৰ অধিনায়ক বিৰাট কোহলীয়ে কয়, 'ইংলেণ্ডলৈ আহি ভাল লাগিছে। ইয়াত আধাতকৈও অধিক সংখ্যক ভাৰতীয় ক্ৰিকেটপ্ৰেমী আছে। ইংলেণ্ডত খেলৰ বাবে সুন্দৰ প্লে গ্ৰাউণ্ড আছে। আমি আশা কৰো দৰ্শকৰ চেনেহ লাভ কৰিম।'

উদঘাটন সমাৰোহত ভাৰতক প্ৰতিনিধিত্ব কৰে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক অনিল কুম্বলে আৰু অভিনেতা ফাৰহান আখতাৰে। অনুষ্ঠানত পাকিস্তানৰ ন'বেলজয়ী সমাজকৰ্মী মালালা ইউচুফৰাজ, ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অধিনায়ক ভিবিয়ন ৰিচাৰ্ডছ, অষ্ট্ৰেলিয়াৰ প্ৰাক্তন খেলুৱৈ মাইকেল ক্লাৰ্কৰ লগতে বিশ্বৰ কেইবাগৰাকীও প্ৰসিদ্ধ লোক উপস্থিত থাকে। আনহাতে এই সমাৰোহত ইংলেণ্ডৰ ৰাজ পৰিয়ালেও অংশ লয়।

উল্লেখ্য যে, বিশ্বকাপ ইতিহাসত প্ৰথমবাৰলৈ বিশ্বকাপৰ উদঘাটন সমাৰোহ কোনো ষ্টেডিয়ামৰ পৰিৱৰ্তে মলত কৰা হৈছে। এই সমাৰোহত বিশ্বৰ প্ৰায় ৪০০০ ক্ৰিকেট অনুৰাগী উপস্থিত থাকে। এই অনুৰাগীসকলক বেলট প্ৰক্ৰিয়াৰে নিৰ্বাচিত কৰা হয়।

ইফালে, সমাৰোহৰ লগত সংগতি ৰাখি আয়োজন কৰা ৬০ চেকেণ্ডৰ প্ৰতিযোগিতামূলক খেলত ভাৰতৰ হৈ অংশ লৈ অনিল কুম্বলে আৰু ফাৰহান আখতাৰে ১৯ ৰান সংগ্ৰহ কৰে। প্ৰতিযোগিতাত ইংলেণ্ডৰ কেবিন পিটাৰচনে ৭৪ ৰান সংগ্ৰহ কৰি জয়লাভ কৰে। প্ৰতিযোগিতাত জেক কালিছ, ব্ৰেট লী, কেভিন পিটাৰচনৰ দৰে প্ৰখ্যাত খেলুৱৈয়ে অংশ লয়।