ডিজিটেল ডেস্কঃ দেওবাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ মূখ্য সচিব ট্ৰেড্ৰোচ এডনোম ঘেব্ৰায়চচৰ সম্পৰ্কলৈ অহা এজন ব্যক্তিৰ দেহত কোৰোনা ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াৰ পিছতে তেওঁ নিজকে কোৱাৰেন্টাইন কৰে। জানিব পৰামতে তেওঁৰ দেহত বৰ্তমানলৈ কোৰোনাৰ কোনো লক্ষণ ধৰা পৰা নাই। তেওঁ এটা টুইটত এই সম্পৰ্কে কয় যে, তেওঁৰ চিনাকী এজন লোকৰ দেহত কোৰোনাৰ সংক্ৰমণ ধৰা পৰিছে।
টুইটযোগে তেওঁ পুনৰ লিখে যে, তেওঁ বৰ্তমান সম্পূৰ্ণ সুস্থ আৰু তেওঁৰ দেহত কোনো লক্ষণ ধৰা পৰা নাই। তথাপি বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰটকল অনুসৰি তেওঁ আগন্তুক দিনৰ বাবে নিজকে কোৱাৰেন্টাইন কৰিছে। তেওঁ ঘৰৰ পৰাই সকলো কাম কাজ চলাব বুলিও টুইটটোত উল্লেখ কৰে।
তেওঁ কয় যে, এইটো খুব জৰুৰী যে আমি সকলোৱে স্বাস্থ্য বিষয়ক সচেতনতাখিনি মানি চলা উচিত। এইদৰেহে কোভিডে সৃষ্টি কৰা চেইনডাল ভাঙিবলৈ আমি সক্ষম হব বুলিও উল্লেখ কৰে বিশ্ব স্বাস্থ্য সংস্থাৰ মূখ্য জনে।