কি হৈছে অগ্নিগৰ্ভা পাকিস্তানত ?

কি হৈছে অগ্নিগৰ্ভা পাকিস্তানত ?

ডিজিটেল ডেস্ক : ১৯৭৩-৭৫ চনত অক্সফৰ্ড ইউনিভাৰ্ছিটিত ক্ৰিকেট খেলিছিল এগৰাকী পাকিস্তানী যুৱকে ।সুদৰ্শন, ওখ-পাখ যুৱকজনৰ বেগী বলিঙে মুগ্ধ কৰিছিল সকলোকে ।কেৱল ইউনিভাৰ্ছিটি দলৰ সৈতেই নহয় বৰং ইংলেণ্ডত কাউন্টী ক্ৰিকেটো খেলিছিল যুৱকজনে ।

এনেদৰে খেলিয়েই এদিন পাকিস্তানৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলটো স্থান লাভ কৰিলে যুৱকজনে । দীঘলীয়া ৰান-আপ, ইন-ছুইঙৰ দ্বাৰা প্ৰতিপক্ষক ব্যতিব্যস্ত কৰি তোলা ইমৰাণ খানে পাকিস্তানক ইংলেণ্ডৰ ভূমিত প্ৰথমবাৰৰ বাবে টেষ্ট শৃংখলাত জয়ৰ সোৱাদ দিলে ১৯৮৭ চনত । বৰ দীঘলীয়া কেৰিয়াৰ নহ'লেও পাকিস্তানৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰ সমূহৰ ভিতৰত ইমৰাণ খানৰো নাম অন্তৰ্ভুক্ত ।

সেই ইমৰাণ খানেই ১৯৯৬ চনৰ এপ্ৰিল মাহত গঢ়ি তুলিলে তেহৰিক এ ইনছাফ নামৰ এটি ৰাজনৈতিক দল । সেই সময়ত পাকিস্তানৰ প্ৰধানমন্ত্ৰী আছিল বেনাজিৰ ভূট্টো । কেইবাবছৰীয়া মিলিটেৰী শাসনৰ অন্ত পেলাই পাকিস্তানত কিছু সময়ৰ বাবে স্থাপন হৈছিল শান্তি । কিন্তু ১৯৯৯ চনত পুনৰ মিলিটেৰীৰ হাতলৈ গ'ল পাকিস্তানৰ শাসনভাৰ । অৱশেষত ২০০৮ চনত আত্মঘাটী বোমাৰুৰ আক্ৰমণত প্ৰাণ হেৰুৱালে বেনাজিৰ ভূট্টোৱে । সেইয়া অৱশ্যে অন্য এক কাহিনী ।

২০১৮ চনত সমগ্ৰ বিশ্বক আচৰিত কৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে সেই অক্সফৰ্ড ইউনিভাৰ্ছিটিৰ ক্ৰিকেটাৰজনে অৰ্থাৎ ইমৰাণ খানে । ইমৰাণ খানৰ ৰাজনৈতিক কেৰিয়াৰো কোনো গল্পতকৈ কম নহয় ।

২০১৮ত শাসনভাৰ তুলি লোৱা ইমৰাণ খানক আতৰাই ২০২২ চনত পাকিস্তানৰ ২৩ সংখ্যক প্ৰধানমন্ত্ৰী হ'ল শ্বেহবাজ শ্বৰীফ । ইমৰাণ খানৰ শাসনকালৰ অন্তিম সময়ছোৱা আৰু শ্বেহবাজ শ্বৰীফৰ শাসনকাল কিন্তু কোনপধ্যেই মসৃণ নাছিল পাকিস্তানৰ বাবে ।

অতিৰিক্ত মূল্যবৃদ্ধিয়ে সমগ্ৰ দেশখনক জুৰুলা কৰাৰ ওপৰিও প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ওপৰত বহু গোচৰ ৰুজু কৰা হৈছিল বিত্তীয় কেলেংকাৰীৰ বাবে । যাৰ বাবেই ২০২২ বৰ্ষৰ প্ৰায় মাজভাগতেই নিশ্চিত হৈছিল ইমৰাণ খানৰ গ্ৰেপ্তাৰ । যিকোনো মুহুৰ্ততে গ্ৰেপ্তাৰ হোৱাৰ আশংকাই দহি নিছিল ইমৰাণ খান আৰু তেওঁৰ সমৰ্থকসকলক ।

সেই আশংকাকেই সত্য প্ৰমাণিত কৰি ২০২৩ বৰ্ষৰ ৯ মে'ত গ্ৰেপ্তাৰ কৰা হ'ল ইমৰাণ খানক ।

পাকিস্তানৰ পেৰামিলিটেৰী ফ'ৰ্চে ইছলামাবাদৰ এখন ‍আদালতত উপস্থিত থকা ইমৰাণ খানক সম্পূৰ্ণ নাটকীয় পদ্ধতিৰে গ্ৰেপ্তাৰ কৰি লৈ গ'ল । এখন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক মিলিটেৰীয়ে চোলাৰ ক'লাৰত ধৰি চোচৰাই লৈ যোৱাটো কোনো সাধাৰণ কথা নহয় ।

তাৰ পাছতেই জ্বলি উঠিল সমগ্ৰ দেশ । ইমৰাণ খানৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰাৰ ওপৰিও দেশখনত মিলিটেৰী শাসনৰ বিৰুদ্ধে থকা আশংকাৰ বাবে ৰাজপথলৈ ওলাই আহিল হেজাৰ হেজাৰ লোক । নিমিষতে অগ্নিগৰ্ভা হৈ পৰিল পাকিস্তান । দেশৰ বিভিন্ন প্ৰান্তত তৎক্ষণাৎ বিয়পি পৰিল এই প্ৰতিবাদ ।

আনহাতে, সেনাই কোনো বাচ বিচাৰ নকৰাকৈয়ে প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰাৰ ভিডিঅ'ও প্ৰকাশ হ'ল সামাজিক মাধ্যমত ।

যাৰ ফলত বেয়াৰ দিশে ঢাল খালে প্ৰতিবাদৰ পৰিস্থিতি । অৱশেষত চৰকাৰে সকলো ধৰণৰ সামাজিক মাধ্যম বন্ধ কৰি দিবলৈ বাধ্য হৈ পৰিল দেশখনত । কেৱল এয়াই নহয় নিশাই তেহৰিক এ ইনছাফৰ বহু দলীয় কৰ্মীৰ বাসগৃহত উপস্থিত হ'ল সেনা । অত্যাচাৰ চলোৱা হ'ল পৰিয়ালবৰ্গৰ ওপৰতো ।

মুঠৰ ওপৰত ভীষণভাৱে অশান্ত পাকিস্তানৰ ৰাজনৈতিক আৰু সামাজিক পৰিৱেশ । এই পৰিৱেশে আগন্তুক সময়ত আৰু ভয়াৱহ ৰূপ লোৱাৰ আশংকা কৰিছে বিশ্বৰ সচেতন মহলে । কিয়নো সেনাই গ্ৰেপ্তাৰ কৰা ইমৰাণ খানৰ ভৱিষ্যতে মুকলি হৈ অহাৰ সম্ভাৱনাতো নায়েই বৰং সেনাৰ অধীনত থাকোতে কোনো দুৰ্ঘটনা সংঘটিবলৈ হ'ল বিষম হৈ পৰিব বাতাবৰণ । পাকিস্তানত এতিয়া আইন-কানুন, মানৱধিকাৰ, সংবিধান বুলিবলৈ পুনৰ এবাৰ সেনাসৰ্বস্ব হৈ পৰিছে চৰকাৰ । তেনে পৰিস্থিতিত অগ্নিগৰ্ভা পাকিস্তানৰ ভৱিষ্যত সন্দৰ্ভে সকলো অনিশ্চিত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in