যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত ভাৰতীয়ৰ উদ্ধাৰৰ বাবে চলিব বিশেষ ৰেলঃ প্ৰত্যাহাৰ কাৰ্ফিউ….

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত ভাৰতীয়ৰ উদ্ধাৰৰ বাবে চলিব বিশেষ ৰেলঃ প্ৰত্যাহাৰ কাৰ্ফিউ….

author-image
asomiyapratidin
New Update
যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত ভাৰতীয়ৰ উদ্ধাৰৰ বাবে চলিব বিশেষ ৰেলঃ প্ৰত্যাহাৰ কাৰ্ফিউ….

ডিজিটেল ডেস্কঃ  ইউক্ৰেইনত আবদ্ধ ভাৰতীয়ক উদ্ধাৰৰ ক্ষেত্ৰত কিছু সকাহ লাভ কৰিছে ভাৰতে। ইউক্ৰেইনৰ ৰাজধানী চহৰ কিয়েভত জাৰি কৰি থোৱা কাৰ্ফিউ সাময়িক ভাৱে প্ৰত্যাহাৰ কৰা হৈছে। ভাৰতীয়সকলক কিয়েভৰ পৰা স্থানান্তৰিত কৰিবলৈ যুদ্ধ বিধ্বস্থ কিয়েভৰ পৰা চলিব বিশেষ ৰেল। সেয়েহে যুদ্ধৰ ভয়াবহতাৰ মাজতো ৰাজধানী কিয়েভৰ ৰেলৱে ষ্টেচনলৈ ভাৰতীয়সকলক যাবলৈ পৰামৰ্শ আগবঢ়াইছে ভাৰতীয় দূতাবাসে।

Advertisment

উল্লেখ্য যে ইউক্ৰেইনত ভাৰতৰ ১৫ হাজাৰ লোক এতিয়াও আবদ্ধ হৈ আছে। এই লোকসকলক উদ্ধাৰৰ বাবে ভাৰতে অপাৰেচন গংগাৰ মাধ্যমেৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে ১১০০ ভাৰতীয়ক উদ্ধাৰ কৰি ভাৰতলৈ লৈ অনা হৈছে।

ইফালে কিয়েভৰ পৰা ভাৰতীয়সকলক উদ্ধাৰৰ বাবে বিশেষ ৰেল ৰাজধানীৰ পৰা ইউক্ৰেইনৰ পশ্চিম প্ৰান্তলৈ চলিব। ভাৰত চৰকাৰে ইউক্ৰেইনত আবদ্ধ ভাৰতীয়ক উদ্ধাৰৰ বাবে এটা বিশেষ টুইটাৰ হেণ্ডেল মুকলি কৰিছে। এই টুইটাৰ একাউণ্টৰ জৰিয়তে ইউক্ৰেইনৰ সীমান্তৰ দেশ হাংগেৰী, পোলেণ্ড, ৰোমানিয়া, স্লোভাক গণৰাজ্যৰ বাবে হেল্প লাইন নম্বৰ মুকলি কৰিছে।  

উল্লখ যোগ্য যে ভাৰত চৰকাৰে অতি শীঘ্ৰে এক মন্ত্ৰী মণ্ডলক ইউক্ৰেইনৰ চুবুৰীয়া দেশলৈ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰতীয়সকলক উদ্ধাৰ অভিযান তদাৰক কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয়মন্ত্ৰী হৰদীপ পুৰী, জ্যোতিৰাদিত্য সিন্ধিয়া, কিৰেন ৰিজিজু , জেনেৰেল ভি কে সিঙক প্ৰেৰণ কৰিব।


— India in Ukraine (@IndiainUkraine) February 28, 2022