নিউজিলেণ্ডৰ ক্ৰাইষ্টচাৰ্চৰ সেই ভয়ংকৰ আক্ৰমণৰ ভিডিঅ’…

নিউজিলেণ্ডৰ ক্ৰাইষ্টচাৰ্চৰ সেই ভয়ংকৰ আক্ৰমণৰ ভিডিঅ’…

author-image
asomiyapratidin
New Update
নিউজিলেণ্ডৰ ক্ৰাইষ্টচাৰ্চৰ সেই ভয়ংকৰ আক্ৰমণৰ ভিডিঅ’…

ডিজিটেল ডেস্কঃ বিশ্বৰ অন্যতম শান্তিৰ দেশ নিউজিলেণ্ডত দুস্কৃতিকাৰীয়ে গুলিবৰ্ষণ কৰি ৪৯ জন লোক নিহত কৰাৰ ঘটনাই সমগ্ৰ বিশ্বক মৰ্মাহত কৰি তুলিছে। অতি বৰ্বৰ ভাৱে বন্দুকধাৰীয়ে চলাইছিল এই আক্ৰমণ। ক্ৰাইষ্টচাৰ্চত থকা দুটা মছজিদত এই আক্ৰমণ চলাবলৈ সন্ত্ৰাসবাদী দলটো ৰাওনা হৈছিল এখন বগা গড়ীত।

Advertisment

গাড়ীৰ পিছফালে লৈ গৈছিল গুলি বাৰুদ আৰু মৰাণাস্ত্ৰ। অষ্ট্ৰেলিয়াৰ বেন্টন টৰান্ট নামৰ বন্দুকধাৰীজনে কিদৰে চলাইছিল এই আক্ৰমণ সেই দৃশ্য দেখিলে গা শিয়ৰি উঠিব। দেশখনৰ সংবাদ মাধ্যমৰ লগতে বিশ্বজুৰি এই আক্ৰমণৰ ঘটনাৰ দৃশ্য উপলব্ধ হৈছে। কিয়নো এই আক্ৰমণৰ পূৰ্বে তেওঁলোকে ফেচবুক লাইভ যোগে এই দৃশ্য সম্প্ৰচাৰ কৰিছিল।

আক্ৰমণত নিহত হোৱা লোকৰ গাত উপৰ্য্যুপৰি বৰ্ষণ কৰিছিল গুলি। হত্যালীলাৰ পূৰ্বে ফেচবুকত শ্বেতাংগৰ অধিপত্য আৰু মুছলমান বিদ্বেষী এক ইস্তাহাৰো প্ৰকাশ কৰিছিল আক্ৰমণকাৰীয়ে। ইতিমধ্যে এই আক্ৰমণত ৪৯ জন লোক নিহত হোৱাৰ তথ্য নিউজিলেণ্ড চৰকাৰে সদৰি কৰিছে।