অশান্ত হোৱাৰ দিশে দক্ষিণ পূব এছিয়া ! চীনৰ চৰম ভাবুকিৰ পিছতো টাইৱানত উপস্থিত আমেৰিকাৰ প্ৰতিনিধি….

অশান্ত হোৱাৰ দিশে দক্ষিণ পূব এছিয়া ! চীনৰ চৰম ভাবুকিৰ পিছতো টাইৱানত উপস্থিত আমেৰিকাৰ প্ৰতিনিধি….

author-image
asomiyapratidin
New Update
অশান্ত হোৱাৰ দিশে দক্ষিণ পূব এছিয়া ! চীনৰ চৰম ভাবুকিৰ পিছতো টাইৱানত উপস্থিত আমেৰিকাৰ প্ৰতিনিধি….

ডিজিটেল ডেস্কঃ আকৌ এখন যুদ্ধ ! এইবাৰ স্থান দক্ষিণ পূৱ এছিয়া। আকৌ গৰজি উঠিছে চীন। আমেৰিকাৰ নিম্ন সদনৰ অধক্ষ্য নেন্সি পেলোছিয়ে চীনৰ ভাবুকিৰ পিছতো উপস্থিত হ'লহি টাইৱানত। উল্লেখ্য যে আমেৰিকাৰ প্ৰতিনিধিগৰাকীক টাইৱান ভ্ৰমণ নকৰিবলৈ বাৰম্বাৰ সকীয়নি প্ৰদান কৰিছিল চীনে। চীনৰ বাধা নামানি টাইৱান ভ্ৰমণ কৰিলেই চীনে আমেৰিকাৰ বিৰুদ্ধে সামৰিক অভিযান চলোৱাৰো হুংকাৰ দিছিল। কেৱল হুংকাৰেই নহয় চীনে এতিয়া টাইৱান সীমান্তলৈ প্ৰেৰণ কৰিছে যুদ্ধ বিমান।

Advertisment

চীনৰ এই চৰম ভাবুকিৰ পিছতো অৱশেষত টাইৱানত উপস্থিত হ'লহি নেন্সি পেলোছি। সীমান্তত চীনৰ যুদ্ধ বিমানে গিজগিজাই থকাৰ মাজতে আমেৰিকাৰ বায়ু সেনাৰ এখন বিশেষ বিমানেৰে টাইৱানৰ ৰাজধানী টাইপেইত উপস্থিত হ'লহি নেন্সি পেলোছি। চীনৰ ভাবুকিৰ পিছতো টাইৱানত উপস্থিত হোৱা নন্সিক টাইৱানত অতি উস্ম আদৰণি জনোৱাৰ সমান্তৰালকৈ চীনেও ২১ খনকৈ যুদ্ধ বিমানেৰে টাইৱানৰ প্ৰতিৰক্ষা ক্ষেত্ৰত প্ৰৱেশ কৰি শক্তি প্ৰদৰ্শন কৰে।

বেইজিংৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে মঙ্গলবাৰে নিশা প্ৰকাশ কৰিছে যে চীনা যুঁজাৰু বিমানে টাইৱান ষ্ট্ৰেইট অতিক্ৰম কৰিছে। টাইৱানৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে প্ৰথমে এই কথা অস্বীকাৰ কৰিলেও পৰৱৰ্তী সময়ত এক বিবৃতিৰ জৰিয়তে ২০ খনৰো অধিক চীনৰ 'এছ ইউ-35' যুঁজাৰু বিমানে টাইৱান ষ্ট্ৰেইচট অতিক্ৰম কৰাৰ কথা প্ৰকাশ কৰে।

টাইৱানৰ ওপৰত অধিকাৰ দাবী কৰা চীনে নেন্সি পেলোছিৰ এই ভ্ৰমণক সহজভাৱে লোৱা নাই। চীনৰ ভাবুকিৰ প্ৰতি কেৰেপ নকৰি টাইৱানলৈ আমেৰিকাৰ প্ৰতিনিধি প্ৰেৰণ কৰা বিষয়টোৱে বিশ্বৰ শীৰ্ষ অৰ্থব্যৱস্থাৰ দুখন দেশৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাই নহয়, দক্ষিণ পূৱ এছিয়াৰ শান্তি বিঘ্নিত হোৱাৰো আশংকা কৰা হৈছে।

ইফালে চীনৰ ভাবুকিৰ পিছতো মঙ্গলবাৰে নিশা নেন্সি পেলোছি আহি টাইৱানত উপস্থিত হয়। টাইপেইত পদাৰ্পণ কৰা নেন্সিক বিমানবন্দৰত স্বাগতম জনাই টাইৱানৰ ৰাষ্ট্ৰপতি টচাই ইং ৱেনে। আজি নেন্সিয়ে টাইৱানৰ সংসদত আগবঢ়াই তেওঁৰ ভাষণ।

নিজৰ ভাষণত নেন্সিয়ে কয় যে, আমেৰিকাই সদায় টাইৱানৰ সৈতে থিয় হোৱাৰ প্ৰতিশ্ৰুতি দি আহিছে। তেওঁলোকে বন্ধুত্ব বৃদ্ধি কৰিবলৈ আৰু গণতন্ত্ৰৰ সুৰক্ষাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ শান্তিৰ বাৰ্তা প্ৰদান কৰিবলৈ আহিছে। টাইৱানে সংগ দিব।

তেওঁ কয়, "আমি টাইৱানক বিশ্বৰ অন্যতম স্বতন্ত্ৰ সমাজ হিচাপে প্ৰশংসা কৰোঁ। চীনৰ সৈতে প্ৰতিযোগিতা কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ জাহাজ উদ্যোগ শক্তিশালী কৰাৰ লক্ষ্যৰে নতুন আমেৰিকা যুক্তৰাষ্ট্ৰৰ আইনে "আমেৰিকা-টাইৱান অৰ্থনৈতিক সহযোগিতাৰ বাবে অধিক সুযোগ প্ৰদান কৰে।"