/asomiyapratidin/media/media_files/2025/03/18/qO66ETQMORNYZUI2H0VD.jpg)
ডিজিটেল ডেস্কঃ প্ৰায় ৯ মাহ মহাকাশত অতিবাহিত কৰাৰ পাছত অৱশেষত মহাকাশ এৰি পৃথিৱীলৈ যাত্ৰা আৰম্ভ কৰিলে ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সতীৰ্থ বুশ্ব উইলমৰে। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই প্ৰদান কৰা তথ্য অনুসৰি ভাৰতীয় সময় অনুসৰি পুৱা ১০-৩০ বজাত স্পেছএক্স ড্ৰেগন মহাকাশযানখনে আন্তঃৰাষ্ট্ৰীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা পৃথিৱীলৈ ৰাওনা হৈছে।
তেওঁলোকে মহাকাশৰ পৰাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু স্পেছএক্সৰ মুৰব্বী ইলন মাস্কক কৃতজ্ঞতা জ্ঞাপন কৰিছে। মঙলবাৰে ভাৰতীয় সময় অনুসৰি পুৱা ১০-৩০ বজাত এই মহাকাশযানখনৰ আনডকিং প্ৰক্ৰিয়া সফলতাৰে সম্পন্ন হৈছে।
স্মৰ্তব্য, মাত্ৰ ৮ দিনৰ বাবে মহাকাশলৈ গৈছিল সুনীতা আৰু তেওঁৰ সতীৰ্থ উইলমৰে। কিন্তু তেওঁলোকক কঢ়িয়াই নিয়া মহাকাশযানখনত দেখা দিয়া যান্ত্ৰিক বিজুটিৰ বাবে তেওঁলোক প্ৰায় ৯ মাহ ধৰি আবদ্ধ হৈ থাকিবলগীয়া হয় মহাকাশত।
এই সময়ত বহু কেইবাৰ তেওঁলোকক উদ্ধাৰৰ বাবে চেষ্টা চলোৱা হৈছিল যদিও সম্ভৱ হৈ উঠা নাছিল। অৱশেষত স্পেছএক্সৰ সহযোগত নাছাই এই পৰ্যন্ত সফলতাৰে তেওঁলোকৰ প্ৰত্যৰ্পণৰ প্ৰক্ৰিয়া পৰিচালনা কৰি আছে।
LIVE: #Crew9 and their @SpaceX Dragon spacecraft are departing the @Space_Station and starting their journey back to Earth. Undocking is scheduled for 1:05am ET (0505 UTC). https://t.co/OUp4n98WeE
— NASA (@NASA) March 18, 2025