ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক পাকিস্তান পুনৰ এবাৰ নিজে পতা জালত পৰিল। পাকিস্তানৰ ভূমিক সন্ত্ৰাসবাদৰ চৰণীয়া পথাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ দিয়া পাকিস্তান চৰকাৰকে এইবাৰ তেহৰিক-ই-তালিবান পাকিস্তান চমুকৈ টিটিপি নামৰ সন্ত্ৰাসবাদী সংগঠনটোৱে ভাবুকি দিবলৈ আৰম্ভ কৰিছে।
সন্ত্ৰাসবাদী সংগঠনটোৱে পাকিস্তানৰ ১৬ গৰাকীকৈ পাৰমাণৱিক বিজ্ঞানীক অপহৰণ কৰি আৰম্ভ কৰিছে পাকিস্তান চৰকাৰৰে দৰদাম। তেওঁলোকে এই পাৰমানৱিক বিজ্ঞানী কেইজনৰ মুকলিৰ বিনিময়ত তেওঁলোকৰ দাবীসমূহ মানি ল’বলৈ ইছলামাবাদৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে।
শেহতীয়াকৈ তেহৰিক-ই-তালিবানে এটা ভিডিঅ’ মুকলি কৰিছে। এই ভিডিঅ’ত দেখা গৈছে পাকিস্তানৰ পাৰমাণৱিক বিজ্ঞানীসকলে তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দেশখনৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰফিক অনুৰোধ কৰিছে। তাৰোপৰি এই পাৰমাণৱিক বিজ্ঞানী কেইজনে সন্ত্ৰাসবাদী সংগঠনটোৰ দাবী মানি ল'বলৈ কাটৰ আহ্বান জনাইছে।
সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰা এই ভিডিঅ’ক লৈ পাকিস্তান চৰকাৰ মহা বিপদত পৰিছে। চৰকাৰী পাৰমাণৱিক গৱেষা প্ৰতিষ্ঠানত কাম কৰা এই বিজ্ঞানী কেইজনৰ সুৰক্ষা নিশ্চিত কৰিবলৈ পাকিস্তান চৰকাৰ যেনেকৈয়ে নহওক বাধ্য।
তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ গৈ সন্ত্ৰাসবাদী সংগঠনটোৰ ওচৰত হাৰ মানিলেও সেয়া হ’ব দেশখনৰ বাবে আন এক লজ্জাজনক ঘটনা। আনহাতে সন্ত্ৰাসবাদী সংগঠনটোৰ দাবী মানি নল'লে বিজ্ঞানী কেইজনৰো জীৱনলৈ নামি আহিব পাৰে ভাবুকি। এনে পৰিস্থিতিত এতিয়া পাকিস্তান চৰকাৰ যে মহা বিপদত পৰিছে সেয়া নিশ্চিত হৈছে।
TTP has released an exclusive video of the abducted employees of Atomic Energy. The 16-18 employees were abducted, who were working in the Qabul Khel Atomic Energy mining project in Lakki Marwat. The armed man has also ablazed the company's staff vehicle. pic.twitter.com/3Uq7jhSGkI
— Jawad Yousafzai (@JawadYousufxai) January 9, 2025