২০১৯ত আমেৰিকাক চেৰ পেলাব ভাৰতে!

২০১৯ত আমেৰিকাক চেৰ পেলাব ভাৰতে!

author-image
asomiyapratidin
New Update
২০১৯ত আমেৰিকাক চেৰ পেলাব ভাৰতে!

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ ২০১৯ চনত বিশ্বৰ সৰ্বশক্তিমান আমৰিকাক চেৰ পেলাব ভাৰতে। সকলো ক্ষেত্ৰতে আগবঢ়া আমেৰিকাক ২০১৯ ত বিশ্বৰ ভিতৰতে সৰ্বাধিক তীখা ব্যৱহাৰৰ ক্ষেত্ৰত অতিক্ৰম কৰিব ভাৰতে।

Advertisment

২০১৯ চনত সমগ্ৰ বিশ্বৰ ভিতৰতে তীখা ব্যৱহাৰত আমেৰিকাক চেৰ পেলাই দ্বিতীয় স্থান লাভ কৰিব ভাৰতে। ৱৰ্ল্ড ষ্টীল এছ'চিয়েচনে কৰা অনুমান অনুসৰি ভাৰতত প্ৰস্তুত সৰ্ম্পূণ তীখাৰ ব্যৱহাৰ চলিত বৰ্ষৰ ৯৫.৪ নিযুত টনৰ পৰা ২০১৯ত ১০২.৩ নিযুত টনলৈ বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে।

এই ক্ষেত্ৰত বাৰ্ষিক বিকাশৰ হাৰ হ'ব ৭.৩ শতাংশ। ইয়াৰ বিপৰীতে ২০১৯ ত আমেৰিকাৰ তীখাৰ ব্যৱহাৰ ১০২.২ নিযুত টনলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে ৱৰ্ল্ড ষ্টীল এছ'চিয়েচনে। উল্লেখ্য যে, তীখা ব্যৱহাৰৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতৰ শীৰ্ষত আছে চীন। দেশখনত বাষিক ৭৮১ নিযুত টন তীখা ব্যৱহাৰ হয়