ডিজিটেল ডেস্ক : বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেডৰোছ আধানম গেবেৰেছ (Tedros Adhanom Ghebreyesus) দেওবাৰে নিশা কোৱাৰেন্টাইন হয় । তেওঁ কয় যে যে তেওঁৰ সংস্পৰ্শত থকা এজন ব্যক্তি কৰোনাভাইৰাছত সংক্ৰমিত হৈছিল সেয় তেওঁ কোৱাৰেন্টাইন হয় । অৱশ্যে, তেওঁ কোৱা অনুসৰি তেওঁৰ কৰোনাৰ কোনো লক্ষণ নাই। তেওঁ টুইটাৰ যোগে এই কথা জানিব দিয়ে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী জনে ।
বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী গৰাকীয়ে টুইটাৰ য়োগে কয় " মই বৰ্তমান সম্পূৰ্ন সুস্থ । মোৰ কোনো লক্ষন নাই । বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰটকল অনুসৰি মই আগন্তুক দিন সমূহত নিজকে কোৱাৰেন্টাইনত ৰাখিম আৰু ঘৰৰ পুৰাই কাম কৰিব ।