সলনি হ’ল তালিবান ! ধ্বংস নহয়, সৃষ্টিত গুৰুত্ব, পুন নিৰ্মাণ কৰিছে গুৰুদ্বাৰ…

সলনি হ’ল তালিবান ! ধ্বংস নহয়, সৃষ্টিত গুৰুত্ব, পুন নিৰ্মাণ কৰিছে গুৰুদ্বাৰ…

author-image
asomiyapratidin
New Update
সলনি হ’ল তালিবান ! ধ্বংস নহয়, সৃষ্টিত গুৰুত্ব, পুন নিৰ্মাণ কৰিছে গুৰুদ্বাৰ…

ডিজিটেল ডেস্কঃ সলনি হৈছে তালিবান ! ধ্বংসৰ পৰিৱৰ্তে সৃষ্টিত গুৰুত্ব দিছে তালিবানে ! আচৰিত যেন লাগিলেও শেহতীয়াকৈ তালিবানৰ চৰিত্ৰত কিছু পৰিবৰ্তন দেখা পোৱা গৈছে। কিয়নো তালিবানে এইবাৰ পুনৰ নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে এটা গুৰুদ্বাৰ।

Advertisment

দুমাহ পূৰ্বে আফগানিস্তানৰ পাৰৱান গুৰুদ্ধাৰ আক্ৰমণ কৰি ধ্বংস কৰা হৈছিল। এই গুৰুদ্বাৰ এতিয়া পুনৰ নিৰ্মাণৰ উদ্যোগ গ্ৰহণ কৰিছে তালিবানে। ইয়াৰ বাবে ৪০ লাখ আফগানি টকা বিনিয়োগ কৰিব তালিবানে। আনহাতে এই গুৰুদ্বাৰৰ সুৰক্ষাৰ কথা বিবেচনা কৰি তালিবানে বৃদ্ধি কৰিছে সুৰক্ষা কৰ্মী।

উল্লেখ্য যে মাত্ৰ দুমাহ পূৰ্বে আপগানিস্তানৰ ৰাজধানী কাবুলৰ কাৰতে পাৰৱান গুৰুদ্বাৰাত ইছলামিক ষ্টেট খোৰাচান প্ৰদেশ (আই এছ কে পি)ৰ দ্বাৰা আক্ৰমণ কৰা হৈছিল। যি আক্ৰমণত প্ৰায় ধ্বংসস্তূপত পৰিণত হৈছিল গুৰুদ্বাৰটো। ইয়াৰ পিছতে তালিবানে এই গুৰুদ্বাৰ পুনৰ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰি ইতিমধ্যে ইয়াৰ কাম আৰম্ভ কৰিছে।

আফগান শিল্পীসকলে বৰ্তমান দেৱালত ছবি আঁকিছে। গুৰুদ্বাৰৰ মজিয়াত টাইলছ লগোৱা হৈছে। প্ৰায় ৪ নিযুত আফগানি টকাৰে গুৰুদ্বাৰৰ মুখ্য হলটোৰ নিৰ্মাণ প্ৰায় চূড়ান্ত কৰি তুলিছে। সন্মান সহকাৰে গুৰু গ্ৰন্থ চাহিব ৰাখিবলৈ সকলো সব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে।

এই সন্দৰ্ভত কাবুলৰ হিন্দু-শিখ সমাজৰ মুৰব্বী আৰু গুৰুদ্বাৰ পুনৰ নিৰ্মাণ কামৰ তদাৰক কৰি থকা ৰামচৰণ ভাছিনে কয় যে- তালিবান অভিযন্তাসহ বহু তালিবান পুনৰ নিৰ্মাণৰ কামৰ বুজ ল'বলৈ গুৰুদ্বাৰটোলৈ আহিছে। তেওঁলোকে ক্ষতিৰ মূল্যাঙ্কন কৰিছে। আমাক তালিবানে ৪ মিলিয়ন আফগান টকা সহায় হিচাপে আগবঢ়াইছে।

কট্টৰপন্থী তালিবানে তেওঁলোকৰ গোড়ামী ত্যাগ কৰা নাই যদিও আফগানিস্তানৰ ক্ষমতা হাতত লোৱাৰ পিছৰে পৰা ভাবি-চিন্তি সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰত চৰকাৰেও যুদ্ধ বিধ্বস্ত আফগানিস্তানৰ সাধাৰণ নাগৰিকৰ কাষত থিয় দি বিভিন্নধৰণে সহায়-সহযোগিতা আগবঢ়াইছিল। কেইদিনমান পূৰ্বে তালিবান চৰকাৰে আফগানিস্তানৰ শিখ বাসিন্দাসকলক দেশলৈ ঘূৰি আহিবলৈ আহ্বান জনোৱাৰ লগতে তেওঁলোক সুৰক্ষিত ভাৱে থাকিব পাৰিব বুলিও মন্তব্য কৰিছিল।