আফগানিস্তানত সন্ত্ৰাসবাদীৰ আত্মঘাতী বিস্ফোৰণ, নিহত ৫ আৰক্ষী বিষয়া

আফগানিস্তানত সন্ত্ৰাসবাদীৰ আত্মঘাতী বিস্ফোৰণ, নিহত ৫ আৰক্ষী বিষয়া

author-image
asomiyapratidin
New Update
নিৰ্বাচনী ৰেলীৰ মাজতে আফগানিস্তানত বিস্ফোৰণ, নিহত ১২

ডিজিটেল ডেস্কঃ আফগানিস্তানত শনিবাৰে আৰক্ষী বিষয়া আৰু কৰ্মচাৰী কঢ়িওৱা এখন বাহনলৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে কৰা এক আত্মঘাতী গাড়ী বিস্ফোৰণত ৫ জন লোক নিহত হয়।

Advertisment

জানিব পৰা মতে, ৰাষ্ট্ৰখনৰ কাবুলত পুৱা ৮.৩০ বজাত এজন আত্মঘাতী সন্ত্ৰাসবাদীয়ে এখন বাৰুদেৰে ভৰা বাহনৰ বিস্ফোৰণ ঘটায়। আত্মঘাতী বিস্ফোৰণৰ সময়ত সেই পথেৰে আৰক্ষী আৰু কৰ্মচাৰী কঢ়িওৱা বাহনখন গৈ আছিল। এই বিস্ফোৰণত আক্ৰমণকাৰী আৰু আৰক্ষীৰ ৫ বিষয়া-কৰ্মী নিহত হয়।

ইফালে কাবুলৰে মৈদান চহৰত সংঘটিত হোৱা এক বোমা বিস্ফোৰণত ১২ জন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে। এই বিস্ফোৰণো পুৱা প্ৰায় ৮.২৫ মিনিটত হোৱা বুলি সদৰী কৰিছে আফগানিস্তানৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই।

আনহাতে ৰাষ্ট্ৰখনত ঘটা দুয়োটা বিস্ফোৰণৰ কথা স্বীকাৰ কৰিছে সন্ত্ৰাসবাদী সংগঠন তলিবানে। ৰাষ্ট্ৰখনৰ এক সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বাৰ্তাত তালিবানৰ প্ৰৱক্তা জবীউল্লা মুজাহিদে কয় যে, আফিগানিস্তানত এয়া কেৱল সন্ত্ৰাসৰ আৰম্ভণিহে। ভৱিষ্যতে আৰু কেইবাজনো আৰক্ষী বিষয়া-কৰ্মী মৃডত্যুৰ বলি হ'ব বুলিও মন্তব্য কৰে তালিবানে।