/asomiyapratidin/media/media_files/2025/05/28/R6LFb3YSpDXEPtRu0TMz.jpg)
ডিজিটেল ডেস্কঃ ৪৪০ বছৰ পূৰ্বৰ ১৬ শ শতিকাৰ সাধিকা তথা কাৰ্মেলাইট সংগঠনৰ সংস্কাৰক ছেইণ্ট তেৰেছা অৱ আভিলাৰ দেহৰ বিভিন্ন অংশ এতিয়াও সংৰক্ষিত হৈ আছে সযতনে। ১৬ শতিকাৰ এই মহান সাধিকাগৰাকীৰ সেই দেহৰ অংশ পুনৰ এবাৰ সাধাৰণ লোকক চোৱাৰ সুযোগি দিছে।
প্ৰায় ১১১ বছৰ পিছত প্ৰথমবাৰৰ বাবে তেওঁৰ দেহৰ সেই অংশসমূহ সাধাৰণ ৰাইজৰ দৰ্শনৰ বাবে মুকলি কৰা হৈছে। খ্ৰীষ্টান ধৰ্মজগতৰ অতি প্ৰখ্যাত এই সাধিকাগৰাকীয়ে ১৫৮২ চনত মৃত্যু বৰণ কৰিছিল। তেওঁৰ আধ্যাত্মিকতা আৰু ধৰ্মীয় অনুশাসনে কেথলিক ধৰ্মত গভীৰ প্ৰভাৱ পেলাইছিল।
তেওঁ স্পেইনৰ ‘গল্ডেন এজ’ৰ সময়ৰ এক উজ্জ্বল জ্যোতিষ্ক ৰূপে পৰিগণিত হৈছিল আৰু কাউণ্টাৰ ৰিফৰমেচনত মুখ্য ভূমিকা পালন কৰিছিল। এইগৰাকী মহিয়সী সাধিকাৰ দেহ জনসাধাৰণে চাব পৰাকৈ চলিত মাহৰ আৰম্ভণিতে ব্যৱস্থা কৰা হৈছিল।
১৯১৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে এই দৰে তেওঁৰ দেহৰ অংশসমূহ প্ৰত্যক্ষ কৰা সুযোগ লাভ কৰিছে সাধাৰণ ৰাইজে। প্ৰায় ১.৩ মিটাৰ দীঘল এটা ৰূপালী কাছকেটত তেওঁ ব্যৱহাৰ কৰা পোচাককে ধৰি মুখাৱয়ৱ ৰখা হৈছে।
সাধিকা তেৰেছাৰ দেহৰ যি অংশ সংৰক্ষিত কৰি ৰাখিছে তাত এতিয়াও ছাল, মাংসপিণ্ড, চুলি আৰু চকুৰ অৱয়ব ধৰি বহু অংশ অক্ষত অৱস্থাত আছে। তেওঁৰ হৃদপিণ্ড, হাত, গা আদি ভিন্ন অংশ সংৰক্ষিত হৈ আছে।
তেওঁৰ দেহৰ এই অংশ সমূহ এতিয়াও অক্ষত অৱস্থাত থকাক কেন্দ্ৰ কৰি বহুতেই এই ঘটনাক অলৌকিক আখ্যা দিছে। আৰু এইসমূহক প্ৰাকৃতিকভাৱে সংৰক্ষণ কৰি ৰখা বুলি দাবী কৰিছে। প্ৰফেছৰ লুইজি কাপাছোৰ মতে, তেৰেছাৰ দেহ যিদৰে অতি সযতনে সংৰক্ষণ কৰা হৈছে তাৰ বাবেই তেওঁৰ দেহৰ অংগসমূহৰ পচন ধীৰ কৰি ৰাখিছে।
মাদ্ৰিদৰ পৰা অহা গুইওমাৰ ছাঞ্চেজে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয়, মই মোৰ মাৰ বিশ্বাসৰ বাবে ইয়ালৈ আহিছো আৰু তেওঁৰ দেহৰ অৱশিষ্ট দৰ্শন কৰিছো। এই অভিজ্ঞতা একে সময়তে যিদৰে আনন্দৰ ঠিক সেই সময়তে বিষাদেৰে ভৰপূৰ।
সাধিকাগৰাকীৰ দেহৰ অৱশিষ্ট সংৰক্ষণ কৰি ৰখা সেই পৱিত্ৰ ৰূপালী ৰঙৰ কাছকেট পুনৰ বন্ধ কৰি ৰখা হৈছে। পৰৱৰ্তী সময়ক ইয়াক আকৌ কেতিয়া এইদৰে প্ৰদৰ্শন কৰা হ’ব সেয়া জানিব পৰা নাই। কেথলিক গীৰ্জাই জনাইছে তেওঁৰ দেহৰ এই অংশ ধৰ্মীয় আৰু বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা গুৰুত্বক উপলব্ধি কৰি সংৰক্ষণ কৰি ৰখা হ’ব।
The body of St. Teresa of Avila, who died five centuries ago, has been found incorrupt, according to the Diocese of Avila.
— Sachin Jose (@Sachinettiyil) August 29, 2024
Video: Orden de Carmelitas pic.twitter.com/GOZtRYyjvy