শতিকাৰ অন্যতম শ্ৰেষ্ঠ আছিল তেওঁ

শতিকাৰ অন্যতম শ্ৰেষ্ঠ আছিল তেওঁ

author-image
asomiyapratidin
New Update
শতিকাৰ অন্যতম শ্ৰেষ্ঠ আছিল তেওঁ

তুষাৰ প্ৰতিম

Advertisment

ক্ৰিকেটৰ জগতখনত তেওঁৰ আছিল এখন সুকীয়া আসন। সৰ্বকালৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ তালিকা এখন তৈয়াৰ কৰিলে যিদৰে ছাৰ ডন ব্ৰেডমেনৰ নাম আহিব, শচীন তেণ্ডুলকাৰৰ নাম আহিব ঠিক তেনেদৰে নিশ্চিতভাৱে তেওঁৰ নামো এই তালিকাত থাকিব।

তেওঁ আছিল ক্ৰিকেট জগতৰ স্পীন শিল্পৰ অনন্য যাদুকৰ। তেওঁৰ আনৰ লগত তুলনা নহয়। তেওঁ ব্যতিক্ৰম। তেওঁ এজনেই। তেওঁৰ স্থান অপূৰণীয়। এসময়ত বিশ্ব ক্ৰিকেটত ৰাজত্ব কৰা অষ্ট্ৰেলিয়াৰ কিংবদন্তি আছিল তেওঁ। তেওঁৰ স্পীনৰ যাদুত স্তম্ভিত হৈছিল বিশ্ব।

এসময়ত নিজৰ স্পীনৰ জৰিয়তে বিশ্বৰ বহু মহান বেটছমেনক পেভিলিয়নলৈ ঘূৰাই পঠোৱা এইগৰাকী অষ্ট্ৰেলিয়ান কিংবন্দি স্পীনাৰে অৱশেষত জীৱনৰ ওচৰত হাৰ মানিলে। যিসময়ত এইগৰাকী মহান ক্ৰিকেটাৰৰ জীৱনৰ উইকেট পতন হ'ল সেই সময়ত তেওঁৰ স্ক'ৰ আছিল মাত্ৰ ৫২।

হয়, মাত্ৰ ৫২ টা বসন্ত গৰকা মহান ক্ৰিকেটাৰ শ্বেনৱাৰ্ণে শুকুৰবাৰে জীৱনৰ ওচৰত হাৰ মানিলে। এই পৃথিৱীৰ ক্ৰীড়াংগনত তেওঁৰ উপস্থিতি মাত্ৰ ৫২ টা বছৰেই আছিল। যোৱা ছেপ্টেম্বৰ মাহত শ্বেন ৱাৰ্ণে ৫২ সংখ্যক জন্ম দিন উদযাপন কৰিছিল। এইগৰাকী ৱাৰ্ণৰ মৃত্যুও এক ৰহস্যৰ কাৰণ হৈ পৰিল।

থাইলেণ্ডৰ কো-ছামুইত থকা বাংলোত অচেতন অৱস্থাত উদ্ধাৰ হোৱা ৱাৰ্ণক হাস্পাতালত মৃত্যু ঘোষণা কৰা হয়। প্ৰাথমিক ভাৱে এই মৃত্যুক হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱা বুলিয়েই কোৱা হৈছে। কিন্তু হঠাৎ এইদৰে ৱাৰ্ণে হৃদক্ৰিয়াবন্ধ হৈ মৃত্যু মুখত পৰা বিষয়টো এতিয়া তেওঁৰ অনুৰাগীসকলৰ বাবে অতি দুখৰ বিষয় হৈ পৰিছে।

১৯৯২ চনত ভাৰতৰ বিৰুদ্ধে টেষ্টত অভিষেক ঘটিছিল ৱাৰ্ণৰ। ইয়াৰ এটা বছৰ পিছত তেওঁ অষ্ট্ৰলিয়াৰ হৈ এদিনীয়া দলত স্থান লাভ কৰিছিল। ইয়াৰ পিছতেই লাহে লাহে বিশ্ব ক্ৰিকেটত এক ত্ৰাসৰ নাম হৈ পৰিছিল শ্বেন ৱাৰ্ণ। যাৰ স্পীনৰ যাদুত বিস্ময় হৈ পৰিছিল সমগ্ৰ বিশ্ব।

আজিও শতাব্দীৰ শ্ৰেষ্ঠ ডেলিভাৰী ৱাৰ্ণৰ এছেজ শৃংখলাৰ মাইক গেটিঙক আউট কৰা সেই অসম্ভৱ যেন লগা ডেলিভাৰীটো। কোনে পাহৰিব পাৰে সেই ডেলিভাৰী। আজিও ৱাৰ্ণৰ সেই ডেলিভাৰীক লৈ অব্যাহত আছে চৰ্চা। তেওঁৰ মৃত্যুৰ পিছতো সেই ডেলিভাৰীক লৈয়ে চৰ্চা।

ৱাৰ্ণে কেৰিয়াৰত ১৪৫ খন টেষ্ট খেলিছিল। তেওঁ ৰ নামত আছিল ৭০৮ টা উইকেট। এয়া এক ইতিহাস। ৰঙা বলৰ ক্ৰিকেটত দ্বিতীয় সৰ্বাধিক উইকেট আছে ৱাৰ্ণৰ নামত। আনহাতে এদিনীয়া ক্ৰিকেটত তেওঁৰ নামত আছে ২৯৩ টা ইউকেইট। ১৯৪ খন এদিনীয়া খেলি এই উইকেট নিজৰ নামত ৰাখিছে ৱাৰ্ণে।

ৱাৰ্ণ যিদৰে আছিল জনপ্ৰিয়, একেদৰে আছিল বিতৰ্কিত। খেলপথাৰৰ ভিতৰৰ লগতে বাহিৰৰ কাম- কাজৰ বাবেও তেওঁ শিৰোনাম দখল কৰি আহিছিল। অৱশ্যে তেওঁৰ বিতৰ্কই কেতিয়াও মহান ক্ৰিকেটাৰৰ শাৰীৰ পৰা তললৈ নমাবলৈ সক্ষম হোৱা নাছিল। যিমানেই বিতৰ্ক আহিছে, সিমানেই তেওঁ প্ৰতিটো বিতৰ্কৰ সৈতে সাহসেৰে থিয় দিছে। বিতৰ্কই তেওঁক ভাঙিব পৰা নাছিল।

ক্ৰিকেটাৰ হিচাপ তেওঁ যিমান দক্ষ আছিল, এগৰাকী ধাৰাভাষ্যকাৰ হিচাপেও তেওঁ আছিল সমানেই দক্ষ। খেলপথাৰত প্ৰতিটো বিষয় তেওঁ যিমান সুক্ষ্মভাৱে বিশ্লেষণ কৰিছিল সেই বিশ্লেষণৰ আগত আন ক্ৰিকেটাৰ বা ধাৰাভাষ্যকাৰে হাৰ মানিছিল।

লেগ স্পীনৰ জৰিয়তে ৱাৰ্ণে আনিছিল ক্ৰিকেটলৈ আধুনিকতা। লেগ স্পীনক তেওঁ সময়ৰ সৈতে জনপ্ৰিয় কৰি তুলিছিল। তেওঁক অনুসৰণ কৰিয়েই বিশ্বৰ বহু কেইজন বিখ্যাত লেগ স্পীনাৰৰ জন্ম হৈছিল।আনহে নালাগে ভাৰতৰ তাৰকা স্পীনাৰ য়ুযবেন্দ্ৰ চাহাল আছিল ৱাৰ্ণৰ ভক্ত। চাহালৰ আইডল আছি ৱাৰ্ণ।

যিদৰে খেল পথাৰত, খেল পথাৰৰ বাহিৰত ব্যতিক্ৰম আছিল ৱাৰ্ণ , সেইদৰে তেওঁৰ বলিং ৰান-আপ, তেওঁৰ বলিং শৈলী, উইকেটৰ বাবে আপীল কৰাৰ শৈলীও আছিল ব্যতিক্ৰম। খেলপথাৰৰ মাজত ৱাৰ্ণৰ প্ৰতিটো মুহূৰ্তই তেওঁৰ অনুৰাগীক উন্মাদ কৰি ৰাখিছিল।

কোনে পাহৰিব পাৰে ১৯৯৯ চনৰ বিশ্বকাপৰ সেই ছেমি ফাইনেল মেচখনক। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা সেই ছেমি ফাইনেলখন ৱাৰ্ণৰ ধ্বংসলীলাৰ বাবেই আজিও সকলোৰে মনত আছে। শক্তিশালী স্থিতিত উপনীত হোৱা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হেটট্ৰিক অৰ্জন কৰি ৱাৰ্ণে খেল পথাৰত দেখাইছিল লেগ স্পীনৰ যাদু।

কোনে পাহৰিব এছেজ শৃংখলাত ৱাৰ্ণে চলোৱা সেই নিৰ্দয় সংহাৰক? একেৰাহে ১৪ টাকৈ বছৰ এছেজ শৃংখলাত ৱাৰ্ণে ইংলেণ্ডক দমন কৰিছিল। ইংলেণ্ডৰ বেটছমেনৰ বাবে এক ত্ৰাসৰ নাম হৈ পৰিছিল শ্বেন ৱাৰ্ণ। ইংলেণ্ডৰ বিৰুদ্ধে ১৯৫টা উইকেট দখল কৰিছিল ৱাৰ্ণে। কোনো এখন দেশৰ বিৰুদ্ধে এয়াই সৰ্বাধিক উইকেট দখলৰ অভিলেখ। ইয়াৰ উপৰিও দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তেওঁ লাভ কৰিছিল ১৩০ টা উইকেট।

২০০০ চনত উইচডেনে শতিকাৰ ১০০ জন শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ এক তালিকা প্ৰস্তুত কৰিছিল। বহু প্ৰাক্তন ক্ৰিকেটাৰে এই তালিকাৰ বাবে ক্ৰিকেটাৰ সকলৰ বিৰুদ্ধে ভোটদান কৰিছিল। এই ভোটৰ জৰিয়তে নিৰ্বাচিত কৰা শতিকাৰ শ্ৰেষ্ঠ ১০০ ক্ৰিকেটাৰৰ ভিতৰত ৱাৰ্ণ আছিল চতুৰ্থ স্থানত। তালিকাৰ প্ৰথম স্থানত অৱধাৰিত ভাৱেই আছিল ডন ব্ৰেডমেন। দ্বিতীয় স্থানত আছিল গেৰী চবাৰ্ছ আৰু তৃতীয় স্থানত আছিল জেক হবছ। গুৰুত্বপূৰ্ণ কথাটো হ'ল এই তালিকাৰ শীৰ্ষ ৫টা স্থানত থকা একমাত্ৰ বলাৰ আছিল শ্বেন ৱাৰ্ণ।

ভাৰতৰ বিপক্ষে আত্মপ্ৰকাশ কৰা শ্বেন ৱাৰ্ণ আৰু শচীন তেণ্ডুলকাৰৰ মাজৰ যুঁজখন আছিল অতি আকৰ্ষণীয়। শচীন তেণ্ডুলকাৰে ৱাৰ্ণৰ স্পীন যাদুৰ ৰহস্য ভেদ কৰিবলৈ সক্ষম হৈছিল। আনহাতে আই পি এলৰ উদ্বোধনী ছিজনত শ্বেন ৱাৰ্ণ আছিল ৰাজস্থান ৰয়েলছ দলৰ অধিনায়ক। সেইবাৰ তেওঁৰ অধীনত ৰাজস্থানে শিতাপ দখল কৰিবলৈ সক্ষম হৈছিল।

এইগৰাকী মহান ক্ৰিকেটাৰে এইদৰে অৱসৰ বিনোদনৰ মাজতেই যে এই পৃথিৱীৰ পৰা বিদায় ল'ব সেইয়া কোনেও কল্পনা কৰা নাছিল। তেওঁ ক্ৰিকেটক যিমান দিলে আৰু বহু দিবলৈ থাকি গ'ল। চিৰ শত্ৰু ইংলেণ্ড দলক উদ্ধাৰ কৰাৰ কথা আছিল। দলটোৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব লোৱাৰ কথা আছিল ৱাৰ্ণৰ। সেয়াও হৈ নুঠিল। যদি ৱাৰ্ণে ইংলেণ্ডক প্ৰশিক্ষণ দি শক্তিশালী কৰা দায়িত্ব মূৰ পাতি ল'লে হয়, তেনে হয়তো লিখা হ'ল হয় আন এক ইতিহাস।

যি ইংলেণ্ডক এসময়ত এছেজ শৃংখলাত সংহাৰ কৰিছিল ৱাৰ্ণে সেই ৱাৰ্ণেই ইংলেণ্ডৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব মূৰত লৈ দলটোক শক্তিশালী কৰাৰ দৃশ্য বিশ্বৰ বাবেই হৈ পৰিল হয় আন এক আকৰ্ষণ। আৰু এছেজত যেতিয়া দুয়ো দল মুখামুখি হ'ল হয় তেতিয়া বাৰু কি পৰিস্থিতিৰ সৃষ্টি হ'ল হয়? সেই প্ৰশ্নৰ উত্তৰ আৰু বিশ্ববাসীয়ে নাপাব। উত্তৰ দিবলৈ বা দেখুৱাবলৈ যাদুকৰ শ্বণ ৱাৰ্ণ আৰু এই সংসাৰত নাই।