‘ফলচ ফ্লেগেৰে’ই আৰম্ভ তৃতীয় বিশ্বযুদ্ধ!

‘ফলচ ফ্লেগেৰে’ই আৰম্ভ তৃতীয় বিশ্বযুদ্ধ!

author-image
asomiyapratidin
New Update
‘ফলচ ফ্লেগেৰে’ই আৰম্ভ তৃতীয় বিশ্বযুদ্ধ!

তুষাৰ প্ৰতিম

Advertisment

তৃতীয় বিশ্বযুদ্ধৰ গ্ৰাসত পৰিব নেকি বিশ্ব? ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত আৰম্ভ হ'ল নেকি যুদ্ধ? এই প্ৰশ্নই এতিয়া বিশ্বৰ প্ৰতিজন নাগৰিকৰ মনত। দীৰ্ঘদিনৰ বিবাদৰ মাজতে পূৱ ইউক্ৰেইনত বাঢ়ি আহিছে সংঘৰ্ষ। ইয়াৰ মাজতে বৃটেইন আৰু আমেৰিকাই সন্দেহ প্ৰকাশ কৰিছে, ৰাছিয়াই ইউক্ৰেইনক দোষাৰোপ কৰিবলৈ 'ফলচ ফ্লেগ' আক্ৰমণৰ পৰিকল্পনা কৰিছে।

আমেৰিকাই ইতিমধ্যে এই বিষয়ত সতৰ্ক কৰি দিছে। আমেৰিকাই কৈছে যে, ৰাছিয়াই ইচ্ছাকৃতভাৱে 'ফলচ ফ্লেগ অভিযান' চলাব পাৰে। আৰু ইয়েই দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপত এক বৃহৎ সামৰিক সংঘৰ্ষ আৰম্ভ হোৱাৰ পথ মুকলি কৰিব।

এতিয়া প্ৰশ্ন হয় আমেৰিকা, বৃটেইন আদিয়ে প্ৰকাশ কৰা ফলচ ফ্লেগ প্ৰকৃততে কি? ফলচ ফ্লেগৰ জৰিয়তে কিদৰে সূচনা হ'ব পাৰে তৃতীয় বিশ্বযুদ্ধ? দৰাচলতে ফলচ ফ্লেগ হৈছে এক ৰাজনৈতিক বা সামৰিক পদক্ষেপ। ইয়াৰ উদ্দেশ্য় হৈছে যুদ্ধৰ জৰিয়তে প্ৰতিদ্বন্দি দেশক দোষাৰোপ কৰা। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজতে চলি থকা এনে জটিল সন্ধিক্ষণত ফলচ ফ্লেগ অভিযান হলেই ই পূৰ্ণ পৰ্যায়ৰ যুদ্ধলৈ পৰ্যবক্ষিত হ'ব। আৰু সেয়া হ'লেই দুয়ো দেশৰ সমৰ্থিত দেশসমূহেও এই যুদ্ধত অংশগ্ৰহণ কৰাৰ বাট মুকলি হ'ব, ফলত তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ'ব।

নাটোৰ মূৰব্বী জেনছ ষ্টলটেনবাৰ্গে মিউনিখ নিৰাপত্তা সন্মিলনত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেওঁ কৈছে যে, ৰাছিয়াই সামৰিক যুদ্ধৰ নামত ইউক্ৰেইনৰ সীমান্তত বৃহৎ সংখ্যক সৈনিক আৰু সামৰিক সঁজুলি মজুত কৰিছে। এইয়া সামৰিক কৌশলতকৈ অধিক বেছি। আনহাতে তেওঁ এই সন্মিলনত ৰাছিয়া সমৰ্থিত ইউক্ৰেইনৰ বিচ্ছিন্নতাবাদীসকলে ইতিমধ্যে ইউক্ৰেইনৰ সামৰিক বাহিনীৰ ওপৰত সন্দেহজনক আক্ৰমণ সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে।

ফলচ ফ্লেগৰ জৰিয়তে ইচ্ছাকৃতভাৱে এনে এক পদক্ষেপ গ্ৰহণ কৰা হয় যাতে আক্ৰমণ সংঘটিত হোৱাৰ পিছত প্ৰতিদ্বন্দি দেশখনক দোষাৰোপ কৰা হয়। বহু দেশে ইতিমধ্যে এনে কৌশল গ্ৰহণ কৰিছে। ফলচ ফ্লেগৰ অধীনত, দেশবোৰে নিজেই নিজকে আক্ৰমণ কৰি শত্ৰুৱে আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন কৰি যুদ্ধৰ আৰম্ভণি কৰা হয়।

ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত এতিয়া সেইয়াই হ'বলৈ আগবাঢ়িছে। ইতিমধ্যে ইউক্ৰেইনত সংঘটিত হৈছে বহু কেইটা বিস্ফোৰণ। তাৰ মাজতে ১৯ ফেব্ৰুৱাৰী শনিবাৰে ইউক্ৰেইনৰ ৰাছিয়া পন্থী বিচ্ছিন্নতাবাদীসকলৰ নেতা ডেনিছ পুচিলিনে সম্পূৰ্ণ সামৰিক সংগ্ৰামৰ নিৰ্দেশ দিছে আৰু অভিযোগ কৰিছে যে উক্ৰানিয়াৰ বাহিনীৰ আক্ৰমণ বেছি দূৰ নহয়। আমেৰিকা, বৃটেইনৰ মদদপুষ্ট ইউক্ৰেইনে যিকোনো মুহূৰ্ততে কৰিব পাৰে আক্ৰমণ।

আনহাতে এনে পৰিস্থিতিৰ মাজতে ইউক্ৰেইনে ৰাছিয়াৰ ওপৰত আক্ৰমণ কৰা বিষয়টোক অস্বীকাৰ কৰিছে। এই বিষয়ত আমেৰিকা যুক্তৰাষ্ট্ৰই দাবী কৰিছে যে ৰাছিয়াৰ এইয়া এক গেম প্লেন। ৰাছিয়াই ফলচ ফ্লেগৰ আশ্ৰয় লৈছে।

শনিবাৰে পুৱা ইউক্ৰেইনৰ বিদ্ৰোহী নিয়ন্ত্ৰিত ডনটেস্ক অঞ্চলত সংঘটিত হৈছিল বিস্ফোৰণ। এই বিস্ফোৰণৰ আঁৰৰ কাৰণ তাৎক্ষণিকভাৱে স্পষ্ট হোৱা নাই যদিও ইউক্ৰেইনে দাবী কৰিছিল যে ইয়াৰে এজন সৈনিকৰ মৃত্যু হৈছিল। তাৎপৰ্যপূৰ্ণভাৱে এই অঞ্চলটোৰ পৰা লাখ লাখ লোকক ৰাছিয়ালৈ স্থানান্তৰ কৰিবলৈ বিচ্ছন্নতাবাদীসকলে নিৰ্দেশনা প্ৰদান কৰিছিল।

ইফালে, আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে জাৰ্মানীত মিউনিখ নিৰাপত্তা সন্মিলনত ভাষণ দি ৰাছিয়াক সকিয়নী প্ৰদান কৰিছে। এই সন্মিলনতে ইউক্ৰেইনক ৰাছিয়াই আক্ৰমণ কৰিলে ৰাছিয়াৰ বিৰুদ্ধে পঙ্গু বিত্তীয় নিষেধাজ্ঞা আৰোপ কৰিব বুলি সতৰ্কবাণী পুনৰবাৰে প্ৰদান কৰিলে কমলা হেৰিছে।

এইটোও খবৰ পোৱা গৈছে যে হেৰিছে মিউনিখত থাকোতে পৰিস্থিতিৰ বিষয়ে অধিক আলোচনা কৰিবলৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিক সাক্ষাৎ কৰিব। আৰু ৰাছিয়াই আক্ৰমণ আৰম্ভ কৰিলে পঙ্গু বিত্তীয় নিষেধাজ্ঞাৰ পৰিকল্পনা চূড়ান্ত কৰিব।

এনে পৰিস্থিতিৰ মাজতে আকৌ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দাবী কৰিছে যে, ৰাছিয়াই ইউক্ৰেইনৰ সীমান্তৰ পৰা তেওঁলোকৰ সেনা প্ৰত্যাহাৰ কৰিছে। কিন্তু ৰাছিয়াৰ এই দাবীক নস্যাত কৰিছে আমেৰিকাই। আমেৰিকাৰ মতে ৰাছিয়া এতিয়াও ইউক্ৰেইনৰ সীমান্তত ভাবুকিপূৰ্ণ স্থিতিত আছে।

ইফালে ১৮ ফেব্ৰুৱাৰী, শুক্ৰবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন প্ৰতিৰক্ষা বিষয়াই কৈছিল যে, ইউক্ৰেইন সীমান্তত থকা ৰাছিয়াৰ ৫০ শতাংশতকৈও অধিক সেনা বাহিনীয়ে ইউক্ৰেইন আক্ৰমণ কৰিবলৈ কৌশলগত স্থিতিত আছে। তেওঁ দাবী কৰিছিল যে, মস্কোৱে স্থিতিহীনতা অভিযান আৰম্ভ কৰিছে।

প্ৰকাশিত খবৰ মতে ইউক্ৰেইন সীমান্তত ৰাছিয়াই ১,৫০,০০০ ৰাছিয়ান সেনা নিয়োগ কৰিছে আৰু অস্ত্ৰ-সস্ত্ৰ স্থাপন কৰিছে।সংবাদ সংস্থা এএফপিৰ বাতৰি অনুসৰি আমেৰিকাই ইউক্ৰেইনৰ সীমাৰ ওচৰত প্ৰায় ১,৫০,০০০ ৰাছিয়াৰ সৈন্যৰ আকলন কৰিছিল আৰু দেশখনৰ ভূমিত গুৰুত্বপূৰ্ণ চলাচল লক্ষ্য কৰিছিল।

শনিবাৰে ইউক্ৰেইনৰ এজন সেনা বিষয়া ৰাছিয়াপন্থী বিচ্ছিন্নতাবাদীৰ গুলীত নিহত হৈছে। ইয়াৰ পূৰ্বে ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে শুকুৰবাৰে কৈছে যে, যোৱা ২৪ ঘণ্টাত ডনবাছ অঞ্চলত বিচ্ছিন্নতাবাদীসকলৰ দ্বাৰা ৬০ বাৰকৈ যুদ্ধবিৰতি উলংঘন কৰিছে। ইউক্ৰেইনৰ যুটীয়া বাহিনীৰ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল আলেকজেণ্ডাৰ পাভলিউকে দাবী কৰিছে যে ৰাছিয়া সমৰ্থিত সৈন্যই ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীক গুলীচালনা কৰিবলৈ উচতনিমূলক কাৰ্যকলাপ বৃদ্ধি কৰিছে।

এনে পৰিস্থিতিত ফলচ ফ্লেগৰ জৰিয়তে যুদ্ধৰ দিশে যে দুয়োখন দেশ গতি কৰিছে সেইয়া প্ৰায় নিশ্চিত হৈ পৰিছে। ৰাছিয়াই যুদ্ধৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি কৰাৰ মাজতে আমেৰিকা, বৃটেইন আদিৰ সহযোগত ইউক্ৰেইনেও যুদ্ধৰ বাবে সম্পূৰ্ণ প্ৰস্তুত বুলি দেশখনৰ প্ৰতিৰক্ষা বিভাগৰ পৰা বিজ্ঞপ্তি জাৰি কৰিছে। এনে প্ৰেক্ষেপটত বিশ্বৰ আন আন দেশসমূহে এতিয়া কি পদক্ষেপ গ্ৰহণ কৰে সেইয়া হৈ পৰিছে লক্ষণীয় হৈ পৰিছে।