একেখন মঞ্চত ভাৰত, পাকিস্তান, চীন…

একেখন মঞ্চত ভাৰত, পাকিস্তান, চীন…

author-image
asomiyapratidin
New Update
একেখন মঞ্চত ভাৰত, পাকিস্তান, চীন…

তুষাৰ প্ৰতিম

Advertisment

কথাতে কোৱা হয় বিপদত পৰিলে বাঘে-ছাগে একেলগ হয়। কিন্তু এনে দৃশ্য খুব কমেইহে দেখিবলৈ পোৱা যায়। বিশ্বই এতিয়া এক জটিল সন্ধিক্ষণত ভৰি দিছে। মহা শক্তিধৰ ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত চলাইছে ধ্বংসলীলা। আনহাতে পূৰ্বৰে পৰা ইউক্ৰেইনৰ পক্ষত থাকি নাটো বাহিনীয়ে ইউক্ৰেইনক ৰাছিয়াৰ বিৰুদ্ধে থিয় দিবলৈ সাহস দি আহিছিল যদিও সময়ত নাটোৱে ইউক্ৰেইনৰ হৈ যুদ্ধ ক্ষেত্ৰত নমাৰ পৰা বিৰত থাকিল। যাৰ বাবে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰি জেলেনস্কিয়ে আমাক অকলশৰীয়া নকৰিব বুলি অহ্বান জনাইছে।

বিশ্বৰ এটা প্ৰান্তত ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ অব্যাহত থকাৰ মাজতে আন এটা প্ৰান্তৰ ২খন চিৰবৈৰী দেশে আন্তঃৰাষ্ট্ৰীয় মঞ্চত একেটা স্থিতি গ্ৰহণ কৰাৰ বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে। দক্ষিণ এছিয়াৰ দুই চিৰবৈৰী দেশে আন্তঃৰাষ্ট্ৰীয় মঞ্চত একেটা পক্ষত থিয় দিয়াৰ লগতে এই দুয়ো দেশৰ মাজৰ সংঘাতক সাৰ-পানী দিয়া আন এখন দেশেও একেটা স্থিতিকেই গ্ৰহণ কৰা বিষয়টো চৰ্চালৈ আহিছে।

ৰাজনৈতিক চৰ্চাৰ বাবে ভাৰত,পাকিস্তান আৰু চীন নামটোৱেই যথেষ্ট। বাৰত আৰু পাকিস্তান এই দুই ৰাষ্ট্ৰৰ শত্ৰুতাই দুয়োখন দেশৰ আভ্যন্তৰিণ ৰাজনীতি গৰম কৰি থকাৰ লগতে আন্তঃৰাষ্ট্ৰীয় মঞ্চতো দুয়োখন দেশৰ কূটনৈতিক যুঁজে চূড়ান্ত পৰ্যায় দখল কৰিছে। কাশ্মীৰক কেন্দ্ৰ কৰি দুয়ো দেশৰ সংঘাত অতি পূৰণি। কাশ্মীৰক কেন্দ্ৰ কৰিয়েই দুয়োখন দেশে সমুখ সমৰতো নামিছে।

একেদৰে বাৰত আৰু চীনৰ সম্পৰ্কও সুখৰ নহয়। দুয়োখন দেশৰ মাজত পূৰ্বৰে পৰা সীমা বিবাদ অব্যাহত আছে। শেহতীয়াকৈ এই দুয়ো দেশেৰ সেনাই সীমান্ত সমুখ সমৰতো নামিছে। লাডাখত চীনে ভাৰতৰ ভূমি দখল কৰাৰ লগতে হতাহতিত লিপ্ত হৈছে। পূৰ্বেও এই দুই দেশে যুদ্ধত লিপ্ত হৈছে।

এই তিনিওখন দেশেৰ ৰাজনৈতিক আৰু সামৰিক দিশৰ সংঘাতৰ পিছতো এতিয়া ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুঁজৰ বাবে তিনিওখন দেশে একেটা স্থিতি গ্ৰহণ কৰিছে। অৱশ্যে ৰাছিয়াৰ লগত চীনৰ সম্পৰ্ক মধুৰ। দুয়োদেশৰ সম্পৰ্ক অতি মুকলি। কিন্তু ভাৰত আৰু পাকিস্তানৰ ৰাছিয়াৰ সৈতে থকা সম্পৰ্ক ইমান মুকলি নহয়। অৱশ্যে ৰাছিয়াৰ সৈতে ভাৰতৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক অতি পুৰণি। ভাৰত আৰু পাকিস্তানৰ কূটনৈতিক উদ্দেশ্যও পৃথক। সেয়েহে ৰাষ্ট্ৰসংঘৰ মজিয়াত দুয়ো দেশে গ্ৰহণ কৰা স্থিতিক কেন্দ্ৰ কৰি এতিয়া দক্ষিণ এছিয়াত ব্যাপক চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে।

ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ অব্যাহত থকাৰ মাজতে ৰাষ্ট্ৰসংঘৰ মজিয়াত ৰাছিয়াৰ বিৰুদ্ধে নিন্দা প্ৰস্তাৱ উত্থাপন কৰা হৈছে। এই নিন্দা প্ৰস্তাৱত বিশ্বৰ ১৪১ খন দেশে সপক্ষে ভোটদান কৰাৰ বিপৰীতে ৫ খন দেশে ইয়াৰ বিপক্ষে ভোটদান কৰিছে। আনহাতে ৩৫ খন দেশে ভোটদান কৰাৰ পৰা বিৰত আছে। তাৎপৰ্যপূৰ্ণ যে, আফগানিস্তানেও এই জটিল সন্ধিক্ষণত ৰাছিয়াৰ বিৰুদ্ধে ভোটদান কৰিছে।

ৰাষ্ট্ৰসংঘৰ এই নিন্দা প্ৰস্তাৱত ৰাছিয়াক ইউক্ৰেইনৰ পৰা চৰ্তহীনভাৱে নিজৰ সৈন্য প্ৰত্যাহাৰ কৰিবলৈ কোৱা হৈছে। ৰাছিয়াৰ বিৰুদ্ধে উত্থাপন কৰা এই নিন্দা প্ৰস্তাৱত যি ৫ খন দেশে বিপক্ষে ভোটদান কৰিলে ইয়াৰ ভিতৰত আছে ভাৰত, পাকিস্তান, চীন, বাংলাদেশ, শ্ৰীলংকা। আনহাতে ৰাছিয়াই নিজেও এই নিন্দা প্ৰস্তাৱৰ বিৰুদ্ধে ভোটদান কৰিছে।

বৃহস্পতিবাৰে গৃহীত হোৱা এই প্ৰস্তাৱৰ পূৰ্বে ভাৰতে ৰাষ্ট্ৰসংঘাৰ কেইবাটাও নিন্দা প্ৰস্তাৱত ভোটদান কৰাৰ পৰা বিৰত আছিল। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থিতি আছিল, যুদ্ধত লিপ্ত হোৱা দুয়োখন দেশে শান্তি আলোচনাৰ মাধ্যমেৰে সমস্যাৰ সমাধান কৰিব লাগে। ভাৰতে পূৰ্বে দুবাৰকৈ ৰাছিয়াৰ বিৰুদ্ধে ভোটদান কৰাৰ পৰা চীন আৰু ইউ এ ইৰ সৈতে বাহিৰত আছিল।

ভাৰত আৰু পাকিস্তানে ৰাছিয়াৰ বিৰুদ্ধে ভোটদান কৰাৰ পৰা বিৰত থকাটো আন্তঃৰাষ্ট্ৰীয় মঞ্চত এক ব্যতিক্ৰমী তেওঁলকে ক'ব বিচাৰিছথে যে ভাৰতে ৰাছিয়াৰ বিৰুদ্ধে ভোটদান নকৰাৰ কাৰণ হ'ল ৰাছিয়াক ভয় কৰে। তেওঁলোকে ক'ব বিচাৰে ভাৰত গান্ধীৰ দেশ আৰু ভাৰতে ইউক্ৰেইনৰ সাৰ্বভৌমত্ব আৰু স্বাধীনতাৰ বিৰুদ্ধে মাত মাতিব লাগে। যদি সেইয়াই নহয় তেনে ভাৰতৰ বিশ্বব্যাপী প্ৰভাৱ দুৰ্বল হ'বলৈ বাধ্য হ'ব

ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ সময়ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হৈছিল প্ৰধানমন্ত্ৰী মোডী। ইয়াৰ পিছত অতি শেহতীয়াকৈ ভাৰতৰ আহ্বানৰ প্ৰতি সহাৰি জনাই ৰাছিয়াই ইউক্ৰেইনত আবদ্ধ ভাৰতীয়ক উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিবলৈ ৬ ঘণ্টাৰ বাবে ইউক্ৰইন আক্ৰমণৰ পৰা বিৰত থাকিব বুলিও কৈছে।

ৰাষ্ট্ৰসংঘৰ মজিয়াত এতিয়ালৈকে ভাৰতে ৰাছিয়াৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰা নাই। পূৰ্বৰে পৰা দুয়োখন দেশৰ সম্পৰ্ক মধুৰ বুলি সকলোৰে জ্ঞাত। ৰাছিয়াৰ বিৰুদ্ধে স্থিতি লোৱাৰ বিপৰীতে ভাৰতে নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰাৰ জৰিয়তে এক কৌশলপূৰ্ণ স্থিতি গ্ৰহণ কৰিছে।

ইফালে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে ইউক্ৰেইন সংকটৰ সময়ত যোৱা ২৩ ফেব্ৰুৱাৰীত ৰাছিয়া ভ্ৰমণ কৰিছিল। এই ভ্ৰমণৰ সময়ত তেওঁ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰিছিল। ইয়াৰ অন্তৰালত পাকিস্তানৰ এক সুবিধাবাদী স্থিতি পোহৰলৈ আহিছে। বিদেশী ৰাষ্ট্ৰৰ পুঁজিৰে দেশ চলাই থকা ইমৰান খানক আমেৰিকাই শেহতীয়াকৈ এৰাই চলিবলৈ আৰম্ভ কৰিছে।

পাকিস্তানৰ প্ৰতি দৰদ হ্ৰাস হৈছে আমেৰিকাৰ। শেহতীয়াকৈ পাকিস্তানে অভাৱনীয় অৰ্থনৈতি বিপৰ্যয়ৰ সন্মুখীন হৈছে। পাকিস্তানত দেখা দিছে মূল্যবৃদ্ধিকে ধৰি অনেক সমস্যা। আমেৰিকাই পাকিস্তানক অৰ্থনৈতিক সাহায্য দিয়াৰ বিপৰীতে বৃহৎ পৰিমাণৰ পেনাল্টিহে লগাইছে । এনে পৰিস্থিতিত পাকিস্তানক এতিয়া প্ৰয়োজন হৈছে আমেৰিকাৰ এক বিকল্প।

এই বিকল্প হিচাপে পাকিস্তানে ৰাছিয়াক বিচাৰি উলিয়াইছে। যাৰ বাবে পাকিস্তানে এতিয়া ৰাছিয়াৰ কাষ চাপিছে। কোৱা বাহুল্য যে পাকিস্তানে ইতিমধ্যে চীনৰ লগতো বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিছে। চীন আৰু ৰাছিয়াৰ সম্পৰ্ক সকলৰে জ্ঞাত। ৰাষ্ট্ৰসংঘত পাকিস্তানে সেয়েহে ৰাছিয়াৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰাৰ পৰা বিৰত থাকি ৰাছিয়াৰ কাষ চাপিবলৈ চেষ্টা কৰিছে।

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে ৰাছিয়াৰ পৰা প্ৰাকৃতিক গেছ আমদানিৰ চুক্তি স্বাক্ষৰ কৰিছে। যিসময়ত বিশ্বৰ কেইবাখনো শক্তিশালী দেশে ৰাছিয়াৰ বিৰুদ্ধে অৰ্থনৈতিক প্ৰতিবন্ধকতা আৰোপ কৰিছে সেই সময়ত পাকিস্তানে ৰাছিয়াৰ সৈতে নতুন বাণিজ্যিক চুক্তিৰ স্বাক্ষৰ কৰিছে। ইমৰান খানে ৰাছিয়াৰ সৈতে সম্পন্ন কৰা এই চুক্তিৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে।

ৰাষ্ট্ৰসংঘৰ মজিয়াত ৰাছিয়াৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰাৰ বিপৰীতে এইদৰে কৌশলপূৰ্ণ স্থিতিৰে ৰাছিয়াৰ পক্ষত থিয় দিয়া ভাৰত আৰু পাকিস্তানৰ বিষয়টো ব্যাপক চৰ্চা হৈছে। ৰাছিয়াৰ পুৰণি বন্ধু হিচাপে ভাৰতৰ স্থিতিক বহুতেই স্বাভাৱিক বুলি গণ্য কৰিছে যদিও নিজৰ স্বাৰ্থৰ বাবে পাকিস্তানে এইদৰে এতিয়া সুবিধাবাদ স্থিতি গ্ৰহণ কৰা বিষয়টোকে বহুতেই কঠোৰ সমালোচনা কৰিছে।

আনহাতে ভাৰতৰ এই কৌশলপূৰ্ণ স্থিতিৰ বাবে অদূৰ ভৱিষ্যতে ভাৰত বিপদ পৰাৰো আশংকা কৰা হৈছে। কিয়নো পাকিস্তানে কাশ্মীৰক নিজৰ বুলি দাবী কৰি অহাৰ লগতে চীনে ভাৰতৰ এক বৃহৎ অংশ তেওঁলোকৰ বুলি দাবী কৰি আহিছে। গতিকে ৰাছিয়া আৰু ইউক্ৰেইনৰ এই যুঁজত ভাৰতৰ কৌশলপূৰ্ণ স্থিতিয়ে অনাগত সময়ত ভাৰতক বিপদত পেলাব পাৰে বুলি সন্দেহ কৰা হৈছে।