অলিম্পিক স্বৰ্ণ নাহিল কি হ’ল, দেশৰ বাবে তুমিয়েই স্বৰ্ণ মেগনিফিচিয়েণ্ট মেৰী…

অলিম্পিক স্বৰ্ণ নাহিল কি হ’ল, দেশৰ বাবে তুমিয়েই স্বৰ্ণ মেগনিফিচিয়েণ্ট মেৰী…

author-image
asomiyapratidin
New Update
অলিম্পিক স্বৰ্ণ নাহিল কি হ’ল, দেশৰ বাবে তুমিয়েই স্বৰ্ণ মেগনিফিচিয়েণ্ট মেৰী…

টকিঅ' অলিম্পিকৰ প্ৰি-কোৱাৰ্টাৰতে স্তব্ধ হ'ল উত্তৰ পূৰ্বাঞ্চলৰ বক্সাৰ মেৰী কম। লণ্ডন অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা মেৰী কমৰ চূড়ান্ত লক্ষ্য আছিল অলিম্পিক স্বৰ্ণ। তেওঁৰ সেই লক্ষ্য হয়তো আৰু পূৰণ নহ'ব। ইচ্ছা কৰিলেও বক্সিং ৰিঙত নামিব নোৱাৰিব মেৰী কম। বয়সক এটা সংখ্যা বুলি গণ্য কৰা মেৰী কমৰ বয়সেই এইক্ষেত্ৰত হৈ পৰিব হেঙাৰ। এই সকলোবোৰ দিশ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কৰ তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

Advertisment

দেশে তেওঁৰ পৰা পাবলৈ আৰু একো নাই। নিজৰ সৰ্বস্ব উজাৰী দেশক তেওঁ সকলো দিছে। তিনিটা সন্তানৰ মাতৃ হোৱাৰ পাছতো তেওঁ নিজ সন্তানক এৰি দেশে-বিদেশে খেলি গৈছে দেশৰ বাবে। আজুৰি আনিছে এটাৰ পাছত আন এটা পদক।এক কথাত তেওঁ হৈ পৰিছিল অপ্ৰতিৰোধ্য।

মুঠ ৬ বাৰকৈ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰাৰ লগতে অলিম্পিকত ব্ৰঞ্জৰ পদক দখল কৰি ইতিহাস ৰচনা কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰৰ মহিলা বক্সাৰ এম চি মেৰী কমে। দেশৰ বক্সিং জগতখনলৈ নৱ জাগৰণ আনিবলৈ সক্ষম হৈছিল মেৰী কম। তেওঁক আদৰ্শ হিচাপে লৈয়ে বক্সিঙৰ ৰিঙলৈ আগবাঢ়ি আহিছে অনেক ভাৰতীয় ছোৱালী। টকিঅ' অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা অসমৰ লাভলীনা, পূজাৰাণী এই মেৰী কমৰে ফচল। মেৰী কমেই তেওঁলোকৰ আদৰ্শ।

টকিঅ' অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰি পুনৰ বাৰ ভাৰতীয়ৰ মনত আশাৰ সঞ্চাৰ কৰিছিল মেৰী কমে। এইবাৰ মেৰী কমে হয়তো স্বৰ্ণ জয় কৰিব! নহ'বই বা কিয়? অলিম্পিকৰ পূৰ্বে মেৰী কমে নিজেই এই ঘোষণা কৰিছিল অলিম্পিক স্বৰ্ণ জয় কৰাটোৱেই তেওঁৰ জীৱনৰ চৰম লক্ষ্য। সেই লক্ষ্য তেওঁ পূৰণ কৰিব। তেওঁৰ বাবে বয়স কেৱল মাত্ৰ এটা সংখ্যা হে।

সেই মতেই সকলোৱে আশাৰে বাট চাইছিল মেৰী কমলৈ।টকিঅ'ত বক্সিংৰ ৪৮ কেজি শাখাত ৰাউণ্ড অৱ ৩২ৰ বাউটত মেৰী কমে তেওঁৰ প্ৰতিদ্বন্দ্বী ৰিপাব্লিক নিগুলিনা হাৰ্নাণ্ডেছ গাৰ্ছিয়াক পৰাভূত কৰি দেশ বাসীক সপোন দেখিবলৈ আৰম্ভ কৰোৱাইছিল। ইয়াৰ পাছতেই মেৰী কমৰ সন্মুখত প্ৰি-কোৱাৰ্টাৰ, তাৰ পাছত কোৱাৰ্টাৰ ফাইনেল আৰু তাৰ পাছত ছেমি ফাইনেল। স্বৰ্ণ নহলেও অন্ততঃ ৰূপ বা ব্ৰঞ্জ নিশ্চিত!

দেশবাসীৰ সেই সপোন পূৰণ নহল। প্ৰি-কোৱাৰ্টাৰৰ মেচ খনতেই মেৰী কম পৰাস্ত হ'ল। টকিঅ'ত তেওঁৰ যাত্ৰা সমাপ্ত হ'ল। কলম্বিয়াৰ ইংগ্ৰীট ভেলেন্সিয়াই টকিঅ'ত মেৰী কমৰ যাত্ৰাক স্তব্ধ কৰিলে।দেশবাসীৰ সপোন আৰু মেৰী কমৰ সেই আশা নিৰ্বাপিত হ'ল। অলিম্পিকৰ সেই সোণালী পদকত চুম্বন কৰাৰ পৰা পুনৰ বঞ্চিত হ'ল উত্তৰ পূবৰ এই দুৰ্দান্ত বক্সাৰগৰাকী।

অলিম্পিক স্বৰ্ণ মেৰী কমৰ জীৱনৰ চূড়ান্ত লক্ষ্য। জীৱনৰ পৰা তেওঁ শিকেছে। জীৱনত তেওঁ সকলো পাইছে। বিশ্বৰ প্ৰতিখন প্ৰতিযোগিতাত মেৰী কমে লাভ কৰিছে পদক। ৬ বাৰকৈ বিশ্ব চেম্পিয়ন হোৱাৰ উপৰিও অলিম্পকতো মেৰী কমে লাভ কৰিছে ব্ৰঞ্জৰ পদক। কেৱল বাকী থাকিল অলিম্পিক স্বৰ্ণ।

জীৱনৰ চূড়ান্ত লক্ষ্য অলিম্পিক স্বৰ্ণ জয় বুলি উল্লেখ কৰিলেও সেই লক্ষ্যত হয়তো উপনীত হ'ব নোৱাৰিব বক্সিঙৰ ৰাণী।কিয়নো তেওঁ নিজেও সেই কথা উপলব্ধি কৰিছে।বয়সৰ জোখাৰে ৩৮ বছৰ অতিক্ৰম কৰা মেৰী কমে অলিম্পিকৰ পূৰ্বে তেওঁৰ বয়সৰ কথা উনুকিয়াই কৈছিল এইদৰে, – "মই নিশ্চিত যে ইচ্ছা কৰিলেও মোক ২০২৪ চনৰ অলিম্পিকত ভাগ লবলৈ অনুমতি দিয়া নহ'ব।" বয়সক কেৱল এটা সংখ্যা হিচাপে গণ্য কৰা মেৰী কমে ইচ্ছা কৰিলেও অলিম্পিক খেলিব নোৱাৰিব। কিয়নো অলিম্পিকত অংশগ্ৰহণৰ বয়সৰ শেষ সীমা ৪০ বছৰ। কোৰোনা ভাইৰাছৰ বাবে এই সংখ্যা ৪১ লৈ বৃদ্ধি কৰা হৈছে। পেৰিছ অলিম্পিকত মেৰী কমৰ বয়সে ৪১ অতিক্ৰম কৰিব।

বিগত ২০ বছৰ ধৰি বক্সিংৰ ৰিঙত দপদপাই আছে মেৰী কমে। ২০১২ চনৰ লণ্ডন অলিম্পিকত পোন প্ৰথমবাৰৰ বাবে দেশক প্ৰতিনিধিত্ব কৰি লাভ কৰিছিল ব্ৰঞ্জৰ পদক। ২০১৬ৰ ৰিঅ' অলিম্পিকত অংশগ্ৰহণৰ বাবে প্ৰয়োজনীয় যোগ্যতা অৰ্জনৰ পৰা বঞ্চিত হৈছিল। ২০১৯ তেওঁ পুনৰ টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছিল।

এসময়ত নিজৰ পৰিয়ালেই মেৰী কমৰ ক্ৰীড়া জগতত প্ৰৱেশৰ ক্ষেত্ৰত হেঙাৰ হৈ পৰিছিল যদিও সেই হেঙাৰ আঁতৰাই মেৰী কমে নিজকে বিশ্বত প্ৰতিষ্ঠা কৰিলে। সকলোৱে মেৰী কমৰ জৰিয়তে চিনি পালে উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰক। কেৱল নিজকআৰু গৃহ ৰাজ্যকেই নহয়, ভাৰতীয় বক্সিঙকে বিশ্বত প্ৰতিষ্ঠা কৰিলে মেৰী কমে।

মেৰী কমে দেশলৈ আগবঢ়োৱা এনে সফলতাৰ বাবেই ভাৰত চৰকাৰে মেৰী কমক প্ৰদান কৰিছে ২০০৩ চনত অৰ্জুন, ২০০৬ চনত পদ্মশ্ৰী, ২০০৯ চনত ৰাজীৱ গান্ধী খেলৰত্ন, ২০১৩ চনত পদ্মভূষণ, ২০২০ চনত পদ্ম বিভূষণ আদি সন্মান। কেৱল তেওঁ পাবলৈ বাকী থাকিল ভাৰত ৰত্ন। সেয়াও হয়তো মেৰী কমক ভাৰত চৰকাৰে প্ৰদান কৰিব! ভাৰতীয় মহিলা বক্সিংৰ ক্ষেত্ৰলৈ কঢ়িয়াই অনা নৱজাগৰণৰ লগতে দেশৰ বক্সিং ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবেই হয়তো মেৰী কম বিবেচিত হৈ পৰিব পাৰে ভাৰত ৰত্ন সন্মাৰ বাবে।অৱশ্যে এই সন্মান লাভ নকৰিলেও মেৰী কমৰ কোনো আক্ষেপ নাথাকিব। তেওঁ যে প্ৰকৃতাৰ্থত কোনো মূল্যৱান ৰত্নতকৈ কম নহয় সেয়া ভাৰতীয়ই বুজে।

বয়সৰ ওচৰত হাৰ নামানি ৩৮ বছৰ বয়সতো দেশক অলিম্পিকত প্ৰতিনিধিত্ব কৰা মেৰী কমক লৈ হয়তো দেশৰ কোনো এজন ব্যক্তিৰে আক্ষেপ নাই। কাৰণ মেৰী কমে ভাৰতক, ভাৰতৰ ক্ৰীড়া জগতক, বক্সিংক আৰু ভাৰতীয় নাৰীক বহুখিনি দিলে। অলিম্পিক স্বৰ্ণ জয় কৰিব নোৱাৰিলেও তেওঁ ভাৰতৰ বাবে পূৰ্বেই হৈ পৰিছে স্বৰ্ণ কন্যা।