Advertisment

গ্ৰেপ্তাৰ হ'ব এগৰাকী ৰাষ্ট্ৰপতি !

এগৰাকী ৰাষ্ট্ৰপতি গ্ৰেপ্তাৰ হ’ব ! এগৰাকী ৰাষ্ট্ৰপতিক গ্ৰেপ্তাৰৰ বাবে ন্যায়ালয়ে জাৰি কৰিছে গ্ৰেপ্তাৰী পৰোৱানা। এই খবৰ প্ৰকাশ পোৱাৰ লগে লগে বিশ্ব জুৰি বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে। কিয়নো পূৰ্বে এনে ঘটনাৰ নজিৰ নাই।

author-image
Asomiya Pratidin
New Update
গ্ৰেপ্তাৰ হ'ব এগৰাকী ৰাষ্ট্ৰপতি !

ডিজিটেল ডেস্কঃ এগৰাকী ৰাষ্ট্ৰপতি গ্ৰেপ্তাৰ হ’ব ! এগৰাকী ৰাষ্ট্ৰপতিক গ্ৰেপ্তাৰৰ বাবে ন্যায়ালয়ে জাৰি কৰিছে গ্ৰেপ্তাৰী পৰোৱানা। এই খবৰ প্ৰকাশ পোৱাৰ লগে লগে বিশ্ব জুৰি বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে। কিয়নো পূৰ্বে এনে ঘটনাৰ নজিৰ নাই।

Advertisment

দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি য়ুন ছুক য়েৱলৰ বিৰুদ্ধে দেশখনৰ ৰাজধানী ছিউলৰ এখন আদালতে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে বেআইনীভাৱে দেশত সামৰিক আইন বলৱৎ কৰিব বিচৰাৰ অভিযোগত অভিযুক্ত হৈছে।

এই গোচৰত তেওঁক মুঠ তিনি বাৰকৈ আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছিল যদিও আদালতৰ নিৰ্দেশক অমান্য কৰাৰ বাবে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে। মন কৰিবলগীয়া যে, ক্ষমতাৰ পৰা আঁতৰাৰ পাছত বা ক্ষমতালৈ অহাৰ পূৰ্বে প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি গ্ৰেপ্তাৰ হোৱাৰ উদাহৰণ আছে যদিও ৰাষ্ট্ৰপতি হৈ থকাৰ অৱস্থাতে গ্ৰেপ্তাৰী পৰোৱনা লাভ কৰা ঘটনা বিশ্বত এয়াই প্ৰথম।

দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি য়ুন ছুক য়েৱল বেআইনীভাৱে সামৰিক আইন বলৱৎ কৰিব বিচৰা কাৰ্যৰ বাবে তেওঁৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ উত্থাপন হৈছে। এই গোচৰতে তেওঁক মুঠ ৩ বাৰ চমন জাৰি কৰা হৈছিল যদিও তিনিওবাৰেই তেওঁ চমনক আওকান কৰে।

মন কৰিবলগীয়া যে, ডিচেম্বৰৰ প্ৰথম অৱস্থাৰ পৰাই দক্ষিণ কোৰিয়াত সামৰিক আইন প্ৰৱৰ্তনৰ চেষ্টাক কেন্দ্ৰ কৰি অস্থিৰ পৰিবেশৰ সৃষ্টি হৈ আছে। বৰ্তমান তেওঁ আত্মগোপন কৰি আছে বুলিও বাতৰি প্ৰকাশ পাইছে।

স্মৰ্তব্য যে,  দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিলেও তেওঁক গ্ৰেপ্তাৰ কৰিব পাৰিবনে নাই সেয়া অৱশ্যে এতিয়াও স্পষ্ট হোৱা নাই। কাৰণ ৰাষ্ট্ৰপতিৰ নিৰাপত্তাৰক্ষী আৰু সমৰ্থকে তদন্তকাৰী বিষয়াক ৰাষ্ট্ৰপতিগৰাকীৰ কাষ চাপবলৈকে দিয়া নাই।

পূৰ্বেও ৰাষ্ট্ৰপতিৰ নিৰাপত্তাৰক্ষীয়ে তদন্তকাৰী বিষয়াক আদালতৰ অনুমতিৰ পাছতো বাসগৃহত অভিযান চলাবলৈ দিয়া নাছিল। ৰাষ্ট্ৰপতি য়ুনৰ আইনী উপদেষ্টাই তদন্তকাৰী বিষয়াৰ ৰাষ্ট্ৰপতি য়ুনক গ্ৰেপ্তাৰ কৰাৰ কৰ্তৃত্ব নাই বুলি প্ৰকাশ কৰিছে। তেওঁলোকে দাবী কৰিছে সমাৰিক আইন বলবৎ কৰাটো ৰাষ্ট্ৰপতিৰ সাংবিধানিক এক্টিয়াৰৰ ভিতৰৰ কথা।

 

দক্ষিণ কোৰিয়া