কোনে আৰু কিয় হত্যাৰ চেষ্টা চলালে ছিনজো আবেক? গুলীয়াই পলায়নো নকৰিলে দুৰ্বৃত্তই…

কোনে আৰু কিয় হত্যাৰ চেষ্টা চলালে ছিনজো আবেক? গুলীয়াই পলায়নো নকৰিলে দুৰ্বৃত্তই…

author-image
asomiyapratidin
New Update
কোনে আৰু কিয় হত্যাৰ চেষ্টা চলালে ছিনজো আবেক? গুলীয়াই পলায়নো নকৰিলে দুৰ্বৃত্তই…

ডিজিটেল ডেস্কঃ জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিনজো আবেলৈ লক্ষ্য কৰি কোনে আৰু কিয় চলালে গুলী? প্ৰাক্তন প্ৰধানমন্ত্ৰী আবেক কিয় হত্যা কৰাৰ চেষ্টা কৰিছিল দুৰ্বৃত্তই? এই প্ৰশ্নৰ উত্তৰ জাপানৰ প্ৰশাসনে এতিয়াও লাভ কৰা নাই যদিও অতি সহজেই যে এই প্ৰশ্নসমূহৰ উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব সেয়া নিশ্চিত।

Advertisment

কিয়নো প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিনজো আবেক লক্ষ্য কৰি গুলী চালনা কৰাৰ পিছত দুৰ্বৃত্তই সেই স্থান এৰি পলাবলৈ চেষ্টা কৰা নাছিল। গুলীচালনা কৰি ভাৱ লেখহীন ভাৱেই দৃৰ্বৃত্ত সেই স্থানত ৰৈ আছিল। যাৰ বাবে আৰক্ষীয়ে অতি সহজে দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে এখন নিৰ্বাচনী সভাৰ মঞ্চত ভাষণ দি থকাৰ সময়তে প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিনজো আবেক লক্ষ্য কৰি গুলীয়াই গুৰুতৰ ভাৱে আহত কৰিছে দুৰ্বৃত্তই। ইয়াৰ পিছতে সংকটজনক অৱস্থাত ছিনজো আবেক এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

ছিনবো আবে জাপানৰ অন্যতম জনপ্ৰিয় এগৰাকী ব্যক্তি। জাপানৰ ইতিহাসত আটাইতকৈ কম বয়সত প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰি সৰ্বাধিক সময় প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছে ছিনজো আবেয়ে। ২০২০ চনত কোৰোনাৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে তেওঁ প্ৰধানমন্ত্ৰী আসনৰ পৰা পদত্যাগ কৰিছিল।

জাপানৰ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ মতে ছিনজো আবেক যিগৰাকী লোকে গুলীয়াইছে তেওঁৰ বয়স ৪০ বছৰ। তেওঁৰ নাম য়ামাগামী। য়ামাগামীয়ে ছিনজো আবেক গুলীওৱাৰ ক্ষেত্ৰত থ্ৰীডি প্ৰিণ্টেড বন্দুক ব্যৱহাৰ কৰিছিল। অৱশ্যে জাপানৰ প্ৰশাসনে এই বিষয়ে কোনো আনুস্থানিক তথ্য এই পৰ্যন্ত প্ৰকাশ কৰা নাই।