ভাৰতৰ বিমান হাইজেক কৰা সন্ত্ৰাসবাদী গোটৰ মূল মাষ্টাৰ মাইণ্ডক হত্যা…

ভাৰতৰ বিমান হাইজেক কৰা সন্ত্ৰাসবাদী গোটৰ মূল মাষ্টাৰ মাইণ্ডক হত্যা…

ডিজিটেল ডেস্কঃ অচিনাক্ত অস্ত্ৰধাৰীৰ গুলীত নিহত হ'ল জাফাৰুল্লা জামালী। পাকিস্তানৰ দুধৰ্ষ এই সন্ত্ৰাসবাদীটোৰ লগত আছে ভাৰতৰ বিশেষ সম্পৰ্ক। ১৯৯৯ চনৰ ২৪ ডিচেম্বৰত এখন ভাৰতীয় বিমান অপহৰণত জড়িত আছিল এই সন্ত্ৰাসবাদীটো। অপহৰণ কৰা সেই বিমানখন আছিল আই চি ৮১৪।

ভাৰতৰ এখন বিমান হাইজেক কৰি জামালী আৰু তেওঁৰ দলে কান্দাহাৰত অৱতৰণ কৰাইছিল। এই সন্ত্ৰাসবাদী দলটোৰ নেতা আছিল জামালী। মুঠ ৫ জন সন্ত্ৰাসবাদীৰ সেই দলটোৱে বিমানখনৰ এজন যাত্ৰী ৰূপিন কাটিয়ালক হত্যাও কৰিছিল।

সেই বিমান হাইজেকৰ লগত জড়িত জাফাৰুল্লা জামালীৰ মৃত্যুৰ খবৰ প্ৰকাশ হোৱাৰ লগে লগে স্বাভাৱিকতে ভাৰততো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে এই বিমান হাইজেক কৰা দলটোৰ মুঠ ৩ জন সদস্যক ইতিমধ্য হত্যা কৰা হৈছে। মাৰ্চ মাহৰ প্ৰথমটো দিনতে জহুৰ মিস্ত্ৰী নামৰ সন্ত্ৰাসবাদীটোক হত্যা কৰিছিল।

উল্লেখ্য যে এই ৫ জনীয়া সন্ত্ৰাসবাদীৰ দলটোৰ আন এজন সদস্যক ইয়াৰ পূৰ্বে হত্যা কৰা হৈছিল। এইদৰে ৫ জনীয়া দলটোৰ ৩ জন অস্ত্ৰধাৰী দুৰ্বৃত্তৰ হাতত মৃত্যু হোৱা ঘটনাই এতিয়া ব্যাপক চাঞ্চল্যৰ লগতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আনহাতে একে সময়তে ভাৰতত তেওঁলোকৰ এইদৰে মৃত্যু হোৱা ঘটনাই অনন্দৰ সৃষ্টি কৰিছে।

https://twitter.com/Jitubha55090537/status/1504214385761214464?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1504214385761214464%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.opindia.com%2F2022%2F03%2Fzafarullah-jamali-zahoor-mistry-ic-814-hijacker-killed-indian-airlines-truth%2F

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in