লণ্ডনৰ নেহৰু চেণ্টাৰত সত্ৰীয়া নৃত্যৰ বিশেষ সন্ধিয়াঃ মন্ত্ৰমুগ্ধ দৰ্শক...

লণ্ডনৰ নেহৰু চেণ্টাৰত সংগীত নাটক একাডেমী যুৱ পুৰস্কাৰপ্ৰাপ্ত, আই চি চি আৰৰ তালিকাভুক্ত শিল্পী মৃদুস্মিতা দাস আৰু তেওঁৰ দলে সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি দৰ্শকক মুগ্ধ কৰে।

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
লণ্ডনৰ নেহৰু চেণ্টাৰত সত্ৰীয়া নৃত্যৰ বিশেষ সন্ধিয়াঃ মন্ত্ৰমুগ্ধ দৰ্শক...

ডিজিটেল ডেস্কঃ লণ্ডনৰ নেহৰু চেণ্টাৰত সংগীত নাটক একাডেমী যুৱ পুৰস্কাৰপ্ৰাপ্ত তথা আই চি চি আৰৰ তালিকাভুক্ত শিল্পী মৃদুস্মিতা দাস আৰু তেওঁৰ দলে সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি দৰ্শকক মুগ্ধ কৰে। ভাৰতীয় ভাৰতীয় হাই কমিছনৰ সাংস্কৃতিক শাখাত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত ভাৰতৰ উপ-হাই কমিছনাৰ সুজিত ঘোষে উপস্থিত থাকি অনুষ্ঠানৰ শোভা বৰ্ধন কৰে। 

Advertisment

লণ্ডনৰ নেহৰু চেণ্টাৰত সত্ৰীয়া নৃত্যৰ বিশেষ সন্ধিয়াঃ মন্ত্ৰমুগ্ধ দৰ্শক...

নৃত্যপ্ৰেমী আৰু লণ্ডনস্থিত প্ৰৱাসী ভাৰতীয়সকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি সত্ৰীয়া নৃত্যৰ আধ্যাত্মিক তথা নান্দনিক সৌন্দৰ্য্য উপভোগ কৰে।সত্ৰীয়া নৃত্য প্ৰদৰ্শনৰ পূৰ্বে দৰ্শকসকলক সত্ৰীয়া নৃত্যৰ উৎপত্তিৰ বিষয়ে জনোৱা হয়।

লণ্ডনৰ নেহৰু চেণ্টাৰত সত্ৰীয়া নৃত্যৰ বিশেষ সন্ধিয়াঃ মন্ত্ৰমুগ্ধ দৰ্শক...

শিল্পী মৃদুস্মিতা দাস বৰাই তেওঁৰ দলটোৰ সত্ৰীয়া নৃত্য পৰিবেশন উপভোগ কৰি মন্ত্ৰমুগ্ধ হৈ পৰি উপস্থিত প্ৰতিগৰাকী দৰ্শক। সত্ৰীয়া নৃত্যৰ এই বিশেষ সন্ধিয়াটোৱে লণ্ডনত কেৱল সাংস্কৃতিক ঐতিহ্যৰ উদযাপনেই নহয়, বিশ্ব মঞ্চত ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ প্ৰচাৰৰো এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈ ৰ’ল। 

সত্ৰীয়া নৃত্য লণ্ডন