ডিজিটেল ডেস্কঃ এখন বিশেষ ফটো। ফটোখন দেখিলে প্ৰথমে আপোনাৰ মনলৈ আহিব, এয়া এক মৃত্যু উপত্যকা। সেয়া যেন বিস্ফোৰিত আগ্নেয়গিৰিৰ পৰা ওলাই অহা জ্বলন্ত লাভা।
কিন্তু দুদিনৰ আগলৈকে ইয়াত আছিল এখন চহৰ। এই চহৰৰ ৰঙীন পৰিবেশত মানুহবোৰ হৈ আছিল নিজতে বিভোৰ। উদযাপন কৰিছিল খ্ৰীষ্টমাছ, আদৰিছিল নতুন বছৰক। কিন্তু তাৰ পাছতেই সকলো শেষ হৈ গ’ল।
Satellite image showing the wreckage caused by the fires in California pic.twitter.com/AiPb7OisJH
— non aesthetic things (@PicturesFoIder) January 9, 2025
উপগ্ৰহৰ পৰা সংগৃহীত দৃশ্য এয়া। এখন প্ৰাণচঞ্চল চহৰৰ জ্বলন্ত ৰূপ এয়া। চাৰিওফালে সেয়া জুইৰ ৰঙা লেলিহান শিখা। আকাশ ক’লা ধোঁৱাৰে আৱৰা। এই ক’লা ধোঁৱাই আৱৰি ৰখা বায়ুমণ্ডলৰ অক্সিজেন লৈ অসুস্থ হৈছে শ শ শিশু, বৃদ্ধ।
🚨 LOS ANGELES IS BURNING
— Shirion Collective (@ShirionOrg) January 8, 2025
🎥 VIDEO: WEST LA NEIGHBORHOOD RIGHT NOW
This is shocking.
Our hearts ache for everyone in Pacific Palisades and Los Angeles as these insane devastating fires rage on.
⛔️ PLEASE, stay safe—nothing is more important than your life and the lives of… pic.twitter.com/dXSllWZZf9
ভয়ংকৰ বন জুয়ে এফালৰ পৰা দহি নিছে আমেৰিকাৰ লছ এঞ্জেলছ। জুইত দাহ গৈছে কেলিফৰ্নিয়াৰ একাধিক চহৰ। ইতিমধ্যে জ্বলি ছায় হৈছে হাজাৰ হাজাৰ বাসগৃহ। মৃত্যু হৈছে কেইবাজনো লোকৰ। গৃহহীন হৈছে কাইবালাখ লোক।
খবৰ অনুসৰি এতিয়াও বিভিন্ন স্থানৰ পৰা নাগৰিকক স্থানান্তিৰতকৰণৰ প্ৰক্ৰিয়া অব্যাহত আছে। পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ঘোষণা কৰা হৈছে জৰুৰী অৱস্থা। আনকি জুই নিৰ্বাপন কৰিবলৈ অগ্নি নিৰ্বাপক বাহিনীৰ সৈতে যোগ দিছেহি ইতিমধ্যে অৱসৰ গ্ৰহণ কৰা অগ্নি নিৰ্বাপক বাহিনীৰ লোকসকলেওয়।
জানিব পৰা মতে লছ এঞ্জেলছৰ পাহাৰীয়া অঞ্চলৰ বন জুই আহি চহৰ অঞ্চলতো বিয়পি পৰে। সেৰে নাগৰিকসকলক ঘন বসতিপূৰ্ণ অঞ্চলৰ পৰা সুৰক্ষিত স্থানালৈ স্থানান্তৰ কৰা হৈছে। খবৰ অনুসৰি এই বিধ্বংসী বন জুইৰ উফৰিও ছাণ্টা মনিকা আৰু মালিবুৰ উপৰিও, আন চাৰিটা স্থানত পৃথকে জুই জ্বলিছে।
West Hills helicopter fire drop worthy of espn highlight. pic.twitter.com/POJSNiopq2
— Big Fish (@BigFish3000) January 9, 2025
ফলস্বৰূপে, পৰিস্থিতি অধিক বেয়া হৈ পৰিছে। বুধবাৰে এই অগ্নিকাণ্ডত ৫ জন লোকৰ মৃত্যু হৈছিল। এতিয়া এই সংখ্যা ১০ জনৰ ঘৰ অতিক্ৰম কৰিছে। আহতৰ সংখ্যাও ক্ৰামান্বয়ে বাঢ়ি গৈ আছে।
বহু অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰীও আহত হৈছিল। এতিয়ালৈকে, দক্ষিণ কেলিফৰ্ণিয়াৰ একাধিক স্থানৰ পৰা ৭০ বাজাৰ আৱাসীক স্থানান্তৰ কৰা হৈছে। এফালে মানুহৰ ঘৰবোৰ জ্বলি ছায় হৈছে আনফালে ৰাজপথত শাৰী শাৰীকৈ থোৱা বাহনবোৰো জ্বলি শেষ হৈছে।
এই অগ্নিকাণ্ডক লছ এঞ্জেলেছৰ ইতিহাসৰ আটাইতকৈ বৃহৎ অগ্নিকাণ্ডৰ ঘটনা হিচাপে চিহ্নীত হৈছে। এনে ভয়ংকৰ পৰিস্থিতিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদায়ী ৰাষ্ট্ৰপতি জো বাইডেনে ইটালী ভ্ৰমণ বাতিল কৰিছে। বুধবাৰে ৰাষ্ট্ৰপতি বাইডেন লছ এঞ্জেলছতে আছিল।
তাত তেওঁ আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দলৰ সৈতে সাক্ষাৎ কৰে। ৰাষ্ট্ৰপতি বাইডেনে তেওঁৰ ইটালী ভ্ৰমণ বাতিল কৰি গোটেই পৰিস্থিতিটো নিৰীক্ষণ কৰি আছে বুলি হোটাইট হাউচৰ প্ৰেছ সচিব জিন পিয়েৰে এক বিজ্ঞপ্তিৰ জৰিয়তে উল্লেখ কৰিছে।