বাৰ্মিংহামৰ পৰা আহিল ভাল খবৰঃ ৰূপৰ পদকেৰে ভাৰতৰ যাত্ৰা আৰম্ভ…

বাৰ্মিংহামৰ পৰা আহিল ভাল খবৰঃ ৰূপৰ পদকেৰে ভাৰতৰ যাত্ৰা আৰম্ভ…

author-image
asomiyapratidin
New Update
বাৰ্মিংহামৰ পৰা আহিল ভাল খবৰঃ ৰূপৰ পদকেৰে ভাৰতৰ যাত্ৰা আৰম্ভ…

ডিজিটেল ডেস্কঃ বাৰ্মিংহামৰ পৰা আজি আহিল প্ৰথমটোে ভাল খবৰ। ভাৰতে লাভ কৰিলে প্ৰথমটো পদক। কমনৱেলথ গেমছৰ ভাৰত্তোলনত সংকেত মহাদেৱ সাৰ্গৰে ৫৫ কিলোগ্ৰাম শাখাত ৰূপৰ পদক লাভ কৰিছে। ইয়াৰ লগে লগে ভাৰতৰ পদক তালিকাত সন্নিৱিষ্ট হ'ল প্ৰথমটো পদক।

Advertisment

ইফালে প্ৰতিযোগিতাখনত অসমৰ শিৱ থাপাই বক্সিংৰ ৬৩.৫ কেজি শাখাত প্ৰথম ৰাউণ্ডত পাকিস্তানৰ প্ৰতিদ্বন্দিক ৫-০ ব্যৱধানত পৰাস্ত কৰি প্ৰীকোৱাৰ্টাৰত প্ৰৱেশ কৰাৰ লগতে ভাৰতীয় মিক্সড বেডমিণ্টন দলটোৱেও শ্ৰীলংকাক ৪-০ ব্যৱধানত পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰে আৰু পাকিস্তানক ৫-০ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।

ইফালে আজি নিশা ১২ বজাত ৰিঙত নামিব বক্সাৰ লাভলীনা বৰগোহাঁই। অলিম্পিক পদক বিজয়ী লাভলীনাই নিউজিলেণ্ডৰ প্ৰতিদ্বন্দিগৰাকীক পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হ'ব পাৰিব বুলি আশা কৰাৰ লগতে তেওঁৰ পৰা স্বৰ্ণ পদক আশা কৰিছে দেশবাসীয়ে।