ভাৰত-পাকিস্তানৰ সংঘৰ্ষ! অনিৰ্দিষ্ট কাললৈ স্থগিত সমঝোটা এক্সপ্ৰেছ সেৱা…

ভাৰত-পাকিস্তানৰ সংঘৰ্ষ! অনিৰ্দিষ্ট কাললৈ স্থগিত সমঝোটা এক্সপ্ৰেছ সেৱা…

author-image
asomiyapratidin
New Update
ভাৰত-পাকিস্তানৰ সংঘৰ্ষ! অনিৰ্দিষ্ট কাললৈ স্থগিত সমঝোটা এক্সপ্ৰেছ সেৱা…

ডিজিটেল ডেস্কঃ যোৱা ১৪ ফেব্ৰুৱাৰীত পুলৱামাত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলোৱাৰ পিছৰে পৰা ভাৰত আৰু পাকিস্তানৰ মাজৰ পৰিস্থিতি দিনকদিন অধিক অৱনতি ঘটিছে। ২৭ ফেব্ৰুৱাৰীত পাকিস্তান বায়ু সেনাৰ যুঁজাৰু বিমানক বাধা দিয়াৰ পাছত আৰু ভাৰতৰ বৈমানিক অভিনন্দন বৰ্থমানক পাক সেনাই কৰায়ত্ত কৰাৰ পাছতে বৃহস্পতিবাৰৰ পৰা স্থগিত ৰখা হয় ভাৰত-পাকিস্তানৰ মাজত চলাচল কৰা 'সমঝোটা এক্সপ্ৰেছ' ৰেলখনৰ সেৱা।

এক সূত্ৰ অনুসৰি এই ৰেল সেৱা কোনো জাননী লাভ নকৰালৈ স্থগিত ৰখা হৈছে। প্ৰতি সোমবাৰ আৰু বৃহস্পতিবাৰে পাকিস্তান পৰা ভাৰতলৈ যাত্ৰা কৰে এই ৰেলখনে। এগৰাকী ৰেল বিষয়াই জনোৱা মতে, আগন্তুক কোনো জাননী এই সন্দৰ্ভত লাভ নকৰালৈ অৰ্থাৎ অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হ'ব সমঝোটা এক্সপ্ৰেছৰ সেৱা।

উল্লেখ্য যে, বৃহস্পতিবাৰে ১৬জন যাত্ৰী লৈ এই ৰেলখনত কৰাচীৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল যদিও লাহোৰত ৰেলখনৰ যাত্ৰা বাতিল কৰা হয়। অন্য এক সূত্ৰ অনুসৰি, অটাৰী বৰ্ডাৰত ২৭গৰাকী পাকিস্তানৰ নাগৰিক আৱদ্ধ হৈ আছে এই ৰেলসেৱা বাতিল কৰাৰ ফলত। সমঝোটা এক্সপ্ৰেছত মুঠ ৬টা স্লিপাৰ দবা আৰু এটা এ চি ৩ টিয়ৰ দবাৰ সুবিধা আছে যাত্ৰীৰ বাবে। এই ৰেল সেৱা ১৯৭৬চনৰ ২২ জুলাইৰ পৰা আৰম্ভ কৰা হৈছিল।