পাকিস্তানৰ আশাত পৰিল চেঁচাপানী! বাতিল হ’ল SAARCৰ বৈঠক…

পাকিস্তানৰ আশাত পৰিল চেঁচাপানী! বাতিল হ’ল SAARCৰ বৈঠক…

author-image
asomiyapratidin
New Update
পাকিস্তানৰ আশাত পৰিল চেঁচাপানী! বাতিল হ’ল SAARCৰ বৈঠক…

ডিজিটেল ডেস্কঃ ভাৰতৰ বিৰুদ্ধে পাকিস্তানে ষড়যন্ত্ৰ ৰচিবলৈ চেষ্টা কৰিছিল যদিও সেয়া সফল নহ'ল। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, পাকিস্তানে বিচাৰিছিল যে তালিবানে গঠন কৰা নতুন চৰকাৰক দক্ষিণ এছিয়াৰ দেশসমূহৰ সংগঠন ছাৰ্ক (SAARC) অৰ্থাৎ ছাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল ক'ৰ্পাৰেশ্যনত অন্তৰ্ভুক্ত কৰিবলৈ, তালিবানে পাকিস্তানক সহযোগিতা প্ৰদান কৰে। কিন্তু পাকিস্তানৰ আশাত চেঁচাপানী পৰা পৰিলক্ষিত হৈছে। কিয়নো ভাৰতৰ লগতে আন কেইবাখনো দেশে এই প্ৰস্তাৱক খাৰিজ কৰিছে যাৰ ফলত ছাৰ্কৰ বৈঠক বাতিল কৰিব লগা হয়।

Advertisment

শনিবাৰে নিউয়ৰ্কত অনুষ্ঠিত হ'ব লগা আছিল ছাৰ্কৰ বৈঠকখন। পাকিস্তানে চলেৰে তালিবানকো এই বৈঠকখনত প্ৰতিনিধিত্ব প্ৰদান চেষ্টা চলাইছিল। ভাৰতসহ কেইবাখনো দেশে ইয়াত আপত্তি দৰ্শায় আৰু পাকিস্তানৰ এই প্ৰস্তাৱত সন্মতি প্ৰদান নকৰে। উল্লেখ্য যে, ছাৰ্কৰ এই বৈঠকখন প্ৰতি বছৰে সংযুক্ত ৰাষ্ট্ৰৰ মহাসভাৰ সময়চোৱাতে অনুষ্ঠিত কৰা হয়। কিন্তু এইবাৰ এই বৈঠক বাতিল কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হ'ল।