/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/russia-19-1.jpg)
ডিজিটেল ডেস্কঃ ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণ দিনক দিনে তীব্ৰতৰ হৈ আহিছে। ৰাছিয়াৰ সামৰিক বাহিনীয়ে শুকুৰবাৰে পুৱা দক্ষিণ ইউক্ৰেইনৰ এটা সামৰিক বেৰেকত আক্ৰমণ কৰে। ইয়াৰ ফলত প্ৰায় অৰ্ধশতাধিক সৈন্য নিহত হয়। ইউক্ৰেইনৰ সেনাৰ ফালৰ পৰা প্ৰকাশ কৰা মতে প্ৰায় ২০০ জন সৈন্য সামৰিক সেনা নিবাসত শুই থকাৰ সময়তে ৰাছিয়াই এই আক্ৰমণ কৰে। ফলত ৫০ জনৰো অধিক ইউক্ৰেনিয়ান সেনাৰ মৃত্যু হৈছে।
এই আক্ৰমণ দক্ষিণ ইউক্ৰেইনৰ মাইকলিভ চহৰত সংঘটিত হৈছে। উদ্ধাৰ অভিযানৰ সময়ত, প্ৰত্যক্ষদৰ্শীয়ে ঘটনাসম্পৰ্কীয় তথ্য প্ৰদান কৰি কয়, ধ্বংসস্তূপৰ তলত আৰু কিমান সৈনিকৰ মৃতদেহ আছে তাৰ কোনো হিচাপ নাই। এজন সৈন্যই প্ৰকাশ কৰা মতে ৰাছিয়াৰ এই আক্ৰমণত অতি কমেও ১০০ জন সৈনিক নিহত হৈছে। অৱশ্যে, এই বিষয়ে কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা হোৱা নাই।
কোৱা হৈছে যে ৰৈাছিয়াৰ ৰকেট আক্ৰমণত এই সামৰিক সেনা নিবাস সম্পূৰ্ণৰূপে ধ্বংস হৈছে। আঞ্চলিক প্ৰশাসনৰ মুৰব্বী ভিটালি কিমে কৈছে যে, শত্ৰুসকলে আমাৰ শুই থকা সৈনিকসকলক কাপুৰুষভাৱে আক্ৰমণ কৰিছে। এই অঞ্চলত উদ্ধাৰ অভিযান চলি আছে।
ইফালে এই আক্ৰমণৰ পিছত কোনো মতে প্ৰাণ লৈ সেই স্থানৰ পৰা পলাই যোৱা এজন ইউক্ৰেনিয়ান সেনাই কয় যে, আমি মৃতদেহ গণনা কৰি আছোঁ, কিন্তু এতিয়ালৈকে ইয়াত কিমানটা মৃতদেহ পোৱা গৈছে কোৱা কঠিন। মাইকলিভ চহৰৰ মেয়ৰ অলেক্সেণ্ডাৰ চেঙ্কেজে স্থানীয় সাংবাদিকক কৈছে যে, যুদ্ধৰ আগতে চহৰখনৰ জনসংখ্যা আছিল প্ৰায় ৫,০০,০০০। কিন্তু খেৰচানৰ ওপৰত ৰাছিয়াৰ নিয়ন্ত্ৰণৰ পিছত, ইয়াত আক্ৰমণো তীব্ৰতৰ হৈছে। ৰাছিয়াৰ সেনাই কেইবাদিনো ধৰি মাইকলিভ আক্ৰমণ কৰি আহিছে।