ৰাছিয়াৰ আক্ৰমণত মৃত্যু ২১ জনৰ…

ৰাছিয়াৰ আক্ৰমণত মৃত্যু ২১ জনৰ…

author-image
asomiyapratidin
New Update
ৰাছিয়াৰ আক্ৰমণত মৃত্যু ২১ জনৰ…

ডিজিটেল ডেস্ক: ৰাছিয়া-ইউক্ৰেইনৰ মাজত অব্যাহত আছে যুদ্ধ।ইয়াৰ মাজতে বৃহস্পতিবাৰে ৰুছ সেনাই পূৱ ইউক্ৰেইনৰ এটা অঞ্চলত গোলীবৰ্ষণ কৰে যত প্ৰায় ২১ গৰাকী লোকৰ মৃত্যু হয় আৰু আন ২৫ গৰাকী লোক আহত হয়।

Advertisment

ইউক্ৰেইনৰ তৰফৰ পৰা এক ফেচবুক পোষ্টত জনাই যে বৃহস্পতিবাৰে ৰুছ সেনাই খাৰকীভৰ এটা প্ৰান্তৰ স্কুল আৰু সাংস্কৃতিক কেন্দ্ৰত গোলাবৰ্ষণ কৰে।

পোষ্টত এটা ফটো লগাই লিখা হৈছে যে এটা বিল্ডিঙত বিভিন্ন মহলাত আক্ৰমণ কৰাৰ ফলত নষ্ট হৈ গৈছে।  অট্টালিকাটোৰ খিৰিকীবোৰ ভাঙি পেলোৱা হৈছে আৰু জৰুৰীকালীন কৰ্মীসকলে ধ্বংসস্তূপত আৱদ্ধ হৈ থকা লোকসকলক বিচাৰি আছে। উল্লেখ্য যে, খাৰকিভ ইউক্ৰেইনৰ দ্বিতীয় বৃহত্তম চহৰ। ৰাছিয়াই সাম্প্ৰতিক সময়ত ইয়াত সঘনাই বিমান আক্ৰমণ চলাইছে, যাৰ ফলত যথেষ্ট ক্ষতি হৈছে।