মৃত্যুৰ পাছতো চলি থাকিল ৰক্ত প্ৰৱাহ !চিকিৎসা জগতত তোলপাৰ…

মৃত্যুৰ পাছতো চলি থাকিল ৰক্ত প্ৰৱাহ !চিকিৎসা জগতত তোলপাৰ…

author-image
asomiyapratidin
New Update
মৃত্যুৰ পাছতো চলি থাকিল ৰক্ত প্ৰৱাহ !চিকিৎসা জগতত তোলপাৰ…

ডিজিটেল ডেস্ক : অংগ সংৰোপণৰ ক্ষেত্ৰলৈ আহিব আমূল পৰিৱৰ্তন । য়েল ইউনিভাৰ্ছিটিৰ গৱেষকে দিলে নতুন তথ্য । দাবী অনুসৰি সুদীৰ্ঘ সময়লৈকে মৃত্যুৰ পাছতো সজীৱ কৰি ৰাখিব পৰা যাব মানৱ দেহৰ অংগ।

Advertisment

এটি বৰাহৰ মৃত্যুৰ এঘন্টা পাছলৈও তেজৰ প্ৰৱাহ আৰু কোষৰ কাৰ্যকলাপ চলাই থাকিবলৈ সক্ষম হ'ল গৱেষকৰ এটি দলে । এই গৱেষণাতেই প্ৰমাণ হয় যে বিজ্ঞানীয়ে পূৰ্বতে দাবী কৰা অনুসৰি মৃত্যুৰ লগে লগে বন্ধ নহয় কোষসমূহ ।

গৱেষকসকলে এই সম্পৰীক্ষাৰ বাবে ব্যৱহাৰ কৰা পদ্ধতিটোক কোৱা হয় অৰ্গেন-এক্স বুলি যি মৃত্যুৰ পাছতো ৰক্তনলীৰ জৰিয়তে অক্সিজেনৰ প্ৰৱাহ  অব্যাহত ৰাখি কিছু সময়লৈ শৰীৰৰ অংগসমূহক জীয়াই ৰাখে ।

ভৱিষ্যতে এই পদ্ধতিৰে মানৱ শৰীৰৰ অংগসমূহকো সংৰোপণৰ বাবে দীৰ্ঘ সময়লৈ জীয়াই ৰাখিব পৰা যাব বুলি মন্তব্য কৰিছে চিকিৎসকে ।

আৰু পঢ়ক : ৭ আগষ্টত উন্মোচন হ'ব "অসীমৰ যাত্ৰাত কাঞ্চৱ বৰুৱা" আৰু "SAURAV KUMAR CHALIHA"…