Advertisment

হোৱাটছএপ গ্ৰুপৰ পৰা উলিয়াই দিয়াৰ বাবেই এডমিনক গুলীয়ালে সদস্যই...

আপুনিও হোৱাটছএপ গ্ৰুপৰ এডমিন নেকি? যদিহে আপুনি কোনো হোৱাটছএপ গ্ৰুপৰ এডমিন তেন্তে এই ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব।অন্যথা আপোনাৰো দশা হ’ব পাৰে মুস্তাক আহমেদৰ দৰেই।

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
হোৱাটছএপ গ্ৰুপৰ পৰা উলিয়াই দিয়াৰ বাবেই এডমিনক গুলীয়ালে সদস্যই...

ডিজিটেল ডেস্কঃ আপুনিও হোৱাটছএপ গ্ৰুপৰ এডমিন নেকি? যদিহে আপুনি কোনো হোৱাটছএপ গ্ৰুপৰ এডমিন তেন্তে এই ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব। কিয়নো কোনে, কেতিয়া কি ৰূপ ধাৰণ কৰে তাৰ কোনো নিশ্চয়তা নাই। 

Advertisment

 

গ্ৰুপত কাৰোবাক এড কৰোঁতে অথবা গ্ৰুপৰ পৰা কাৰোবাক বাহিৰ কৰি দিয়াৰ সময়ত অথবা  গ্ৰুপটোৰ সংক্ৰান্তিয় কিবা সিদ্ধান্ত লোৱাৰ আগত দহবাৰ ভাবিব। অন্যথা আপোনাৰো দশা হব পাৰে মুস্তাক আহমেদৰ দৰেই। আপোনাৰো মৃত্যু হব পাৰে আশ্বফাক খানৰ দৰে অঁকৰা, অপৰাধী সদস্যৰ গুলীত।

 

ঘটনা যোৱা বৃহস্পতিবাৰৰ। এটা হোৱাটছএপ গ্ৰুপৰ এডমিন আছিল মুস্তাক আহমেদ।জানিব পৰা মতে মুস্তাকে গ্ৰুপৰ পৰা বাহিৰ কৰি দিছিল আশ্বফাক খান নামৰ সদস্যজনক। গ্ৰুপৰ পৰা বাহিৰ কৰি দিয়াৰ গ্ৰুপটোত সদস্যসকলৰ মাজত কিবা এটা বিষয়ক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছিল। 

 

তীব্ৰ বাকবিতণ্ডা চলিছিল গ্ৰুপত। সেয়ে বিষয়টোত হস্তক্ষেপ কৰিছিল এডমিন মুস্তাকে। তেতিয়াই মুস্তাকৰ সৈতেও বিতৰ্ক হয় আশ্বফাকৰ। এনে বিতৰ্কৰ মাজতেই এডমিন মুস্তাকে আশ্বফাকক গ্ৰুপটোৰ পৰা বাহিৰ কৰি দিয়ে। 

 

অৱশ্যে পৰৱৰ্তী সময়ত দুয়োৱে বিষয়টো মীমাংসা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে। সেই মতেই দুয়োৱে হোৱাটছএপ অথবা ফোন কলৰ জৰিয়তে আলোচনা কৰাত কৈ সাক্ষাৎ কৰি আলোচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। 

 

সেই মতেই মুস্তাক গৈছিল আশ্বফাকৰ কাষলৈ। অভিযোগ মতে তেতিয়াই আশ্বফাকে তেওঁৰ লগত থকা পিষ্টলেৰে মুস্তাকক নিচেই কাষৰ পৰা গুলীয়াই হত্যা কৰে। ফলত ঘটনাস্থলীতে মৃত্যু হয় মুস্তাক আহমেদৰ।

 

অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষীয়ে আশ্বফাকক এই হত্যাকাণ্ডৰ বাবে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে প্ৰাথমিক তদন্ত কৰি হোৱাটছএপ গ্ৰুপত হোৱা বিতৰ্ক আৰু তাৰ পাছত গ্ৰুপটোৰ পৰা উলিয়াই দিয়াৰ বাবেই আশ্বফাকে মুস্তাকক হত্যা কৰা বুলি তথ্য লাভ কৰিছে।

 

এই ঘটনা এতিয়া বিশ্বজুৰি চৰ্চিত হৈ পৰিছে। নেটিজেনসকলে এই হত্যাকাণ্ডক লৈ বিভিন্ন ধৰণে টিপ্পনি কৰিছে। এই ঘটনা সংঘটিত হৈছ চুবুৰীয়া পাকিস্তানৰ খাইবাৰ পাখতুনখোৱাত। 

 

অপৰাধ পাকিস্তান হোৱাটছএপ