/asomiyapratidin/media/media_files/2025/08/16/rahul-16-2025-08-16-09-36-34.jpg)
ডিজিটেল ডেস্কঃ বিৰোধী দলৰ দলপতি তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু দলটোৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে শুকুৰবাৰে লালকিল্লাত অনুষ্ঠিত স্বাধীনতা দিৱসৰ চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ নকৰাক লৈ বিতৰ্কৰ সূচনা হৈছে। স্বাধীনতাৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে এনে এক ঘটনা সংঘটিত হ'ল।
অৱশ্যে এই বিতৰ্কৰ মাজতে কংগ্ৰেছে স্পষ্ট কৰিলে এনে হোৱাৰ কাৰণ কি। কংগ্ৰেছেৰ মতে বিগত বছৰৰ বিতৰ্কৰ বাবেই এইবাৰ ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেয়ে স্বাধীনতা দিৱসৰ চৰকাৰী কাৰ্যসূচী বৰ্জন কৰিলে। স্বাধীনতা দিৱসৰ চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ নকৰিলেও তেওঁলোক দুয়োগৰাকী নেতাই অৱশ্যে প্ৰতিকুল বতৰৰ মাজতে জাতীয় পতাকা উত্তোলন কৰি স্বাধীনতা দিৱস পালন কৰে।
দুয়োজন নেতাই সামাজিক মাধ্যমত দেশৰ স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাঞ্জলি জনাই সকলো নাগৰিকলৈয়ো শুভেচ্ছা জ্ঞাপন কৰিলে। ৰাহুল গান্ধীয়ে ৰাজধানীৰ ইন্দিৰা ভৱনত আৰু মল্লিকাৰ্জুন খাৰ্গেয়ে কংগ্ৰেছ দলৰ মুখ্য কাৰ্যালয়ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে।
কিন্তু চৰকাৰী কাৰ্যসূচীত তেওঁলোক দুয়োৱে অংশগ্ৰহণ নকৰাক লৈ বিজেপিৰ একাংশ নেতাই আক্ৰমণৰ লক্ষ্য কৰি লয়। ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ শ্বেহজাদ পুনাৱালাই লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ এই অনুপস্থিতিক লৈ তীব্ৰ সমালোচনা কৰে।
তেওঁ এক্সত ৰাহুল গান্ধীয়ে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ নকৰাৰ কথা উল্লেখ কৰি কয় যে, দুৰ্ভাগ্যজনকভাৱে পাকিস্তানপ্ৰেমী ৰাহুল গান্ধীয়ে মোডীৰ বিৰোধিতাৰ নামত দেশ আৰু সেনাৰ বিৰোধিতা কৰিছে! লজ্জাজনক আচৰণ। এয়াই নেকি সংবিধান আৰু সেনাৰ প্ৰতি সন্মান?”
কংগ্ৰেছৰ প্ৰতিক্ৰিয়া
কংগ্ৰেছ নেতা অজয় উপাধ্যায়ে জনোৱা মতে ২০২৪ চনৰ ঘটনাৰ বাবেই এইবাৰ ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেয়ে লালকিল্লাৰ চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ নকৰিলে। তেওঁ কয়, ৰাজ্যসভা আৰু লোকসভাৰ বিৰোধী দলৰ পদটো কেবিনেট মন্ত্ৰীৰ মৰ্যাদাৰে প্ৰধানমন্ত্ৰীৰ পিছতে আছে।
জৱহৰলাল নেহৰুৰ পৰা মনমোহন সিঙৰ দিনলৈকে যি চৰকাৰেই শাসনত নাথাকক কিয় সেই মৰ্যাদা দি অহা হৈছিল। যি দলেই বিৰোধীৰ আসনত বহিছে, সেই দলৰ বিৰোধী নেতাক চৰকাৰী কাৰ্যসূচীৰ আগৰ শাৰীত বহিবলৈ দিয়া হয়। কিন্তু বিগত বছৰত সেই পৰম্পৰা ভংগ কৰি ৰাহুল গান্ধীক শেষৰ শাৰীত বহিবলৈ দিয়া হৈছিল।
তেওঁ আৰু কয়, ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গে দুয়োগৰাকী সাংবিধানিক পদত আছে। তেওঁলোকৰ ক্ষেত্ৰত সাংবিধানিক মৰ্যাদাৰ কথা আছে। কোনো ব্যক্তিগত কথা নহয়। তেওঁলোকৰ পদৰ মৰ্যাদা উলংঘন উচিত নহয়।
কি হৈছিল ২০২৪ চনৰ স্বাধীনতা দিৱসত
যোৱা বছৰ স্বাধীনতা দিৱসৰ উদযাপনৰ সময়ত ৰাহুল গান্ধীৰ আসনক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। ৰাহুল গান্ধী বিৰোধী দলৰ নেতা। সেই অনুসৰি দেশৰ বিৰোধী দলৰ নেতা যিয়েই নহওঁক কিয় তেওঁ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা লাভ কৰে।
প্ৰ’টকল অনুসৰি স্বাধীনতা দিৱসৰ কাৰ্যসূচীকে ধৰি সকলো চৰকাৰী কাৰ্যসূচীত বিৰোধী দলৰ নেতাগৰাকীক অন্যান্য কেবিনেট মন্ত্ৰীৰ মৰ্যাদাৰেই আসন দিব লাগে যদিও বিগত বছৰত তেনে হোৱা নাছিল। প্ৰ’টকল ভংগ কৰি লালকিল্লাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত তেওঁ পঞ্চম শাৰীত আসন দিয়া হৈছিল।
বিৰোধী দলৰ তৰফৰ পৰা সেয়া জনতাৰ প্ৰতি অপমান বুলি আখ্যা দিয়া হৈছিল। অনুষ্ঠান পৰিচালনাৰ দায়িত্বত থকা প্ৰতিৰক্ষা মন্ত্ৰণালয়ে, যুক্তি দিছিল যে অলিম্পিকৰ পদকবিজয়ীসকলক সন্মান জনোৱাৰ বাবে আসন বিন্যাসত সামান্য পৰিৱৰ্তন কৰা হৈছিল।
কিন্তু অন্যান্য কেবিনেট মন্ত্ৰীসকলক প্ৰট’কল অনুসৰিয়েই সন্মুখত আসন দিয়া হৈছিল। প্ৰ’টকল ভংগ কৰা হৈছিল কেৱল বিৰোধী দলৰ নেতাগৰাকীৰ ক্ষেত্ৰতহে। সেইবাৰ অনুষ্ঠানৰ প্ৰথম শাৰীত প্ৰ’টকল অনুসৰিয়েই বহিছিল তৎকালীন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ, শিৱৰাজ সিং চৌহান, অমিত শ্বাহ আৰু এছ জয়শংকৰ আদি।
অলিম্পিক পদক বিজয়ী খেলুৱৈক আগস্থান দিয়াৰ নামত কেৱল বিৰোধী দলৰ নেতাৰ আসনখন পঞ্চম শাৰীলৈ লৈ যোৱা হৈছিল। এই সম্পৰ্কে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে জনোৱা মতে আনুষ্ঠানিক কাৰ্যসূচীৰ আসন বিন্যাস প্ৰট’কল আৰু প্ৰাধান্যৰ তালিকা অনুসৰি কৰা হয়। সেইবাৰ অলিম্পিকৰ পদকবিজয়ীসকলক সন্মান জনোৱাৰ সিদ্ধান্ত লোৱা হৈছিল।
উল্লেখযোগ্য যে আন কিছু কেন্দ্ৰীয় মন্ত্ৰীকো অলিম্পিকৰ পদকবিজয়ীসকলৰ পিছফালে আসন দিয়া হৈছিল। কিন্তু, কংগ্ৰেছে এই ব্যাখ্যাক খণ্ডন কৰিছিল। কংগ্ৰেছৰ দাবী আছিল অলিম্পিক পদক বিজয়ী খেলুৱৈসকল সন্মানৰ যোগ্য। কিন্তু অমিত শ্বাহ, নিৰ্মলা সীতাৰমণৰ দৰে কেন্দ্ৰীয় মন্ত্ৰীসকলে প্ৰথমশাৰীত বহিবলৈ কিদৰে আসন পালে?