কমনৱেলথ গেমছত ভাৰতৰ পি ভি সিন্ধুৰ স্বৰ্ণ জয়…

কমনৱেলথ গেমছত ভাৰতৰ পি ভি সিন্ধুৰ স্বৰ্ণ জয়…

author-image
asomiyapratidin
New Update
কমনৱেলথ গেমছত ভাৰতৰ পি ভি সিন্ধুৰ স্বৰ্ণ জয়…

ডিজিটেল ডেস্কঃ ৱাৰ্মিংহামত অনুষ্ঠিত হৈ থকা কমনৱেলথ গেমছৰ আজি অন্তিম দিন।এই অন্তিম দিনটোতে বেডমিণ্টনত তাৰকা শ্বাটলাৰ পি ভি সিন্ধুয়ে লাভ কৰিলে স্বৰ্ণ পদক।ফাইনেল মেচখনত সিন্ধুয়ে ২১-১৫ আৰু ২১-১৩ পোনপটীয়া ছেটত কানাডাৰ মেচেলী লীক হৰুৱাই এই সফলতা লাভ কৰিছে।

Advertisment

উল্লেখ্য যে, সিন্ধুয়ে ২০১৪ আৰু ২০১৮ চনৰ অলিম্পিকতো ক্ৰমে ব্ৰঞ্জ আৰু ৰুপৰ পদক জয় কৰিছিল। সিন্ধুৱে স্বৰ্ণ জয় কৰাৰ লগে লগে, এইবাৰৰ কমনৱেলথ গেমছত ভাৰতৰ পদকৰ সংখ্যা বৃদ্ধি পায় ৫৫ টালৈ।ইয়াৰ ভিতৰত ১৮ টা সোণ, ১৫ টা ৰূপ আৰু ২২টা ব্ৰঞ্জ।