সকলো বিনামূলীয়াঃ বাছ, ৰে'ল, অটো ৰিক্সা ক'তো দিব নালাগে ভাড়া...

বিশ্বত এনে এখন দেশ আছে য’ত ৰাজহুৱা পৰিবহণ ব্যৱস্থা সম্পূৰ্ণ বিনামূলীয়া। ইয়াত ৰাজহুৱা পৰিবহণ সেৱা গ্ৰহণ কৰিলে কোনো ব্যক্তিয়েই দিব নালাগে ভাড়া।

author-image
Asomiya Pratidin
New Update
সকলো বিনামূলীয়াঃ বাছ, ৰে'ল, অটো ৰিক্সা ক'তো দিব নালাগে ভাড়া...

ডিজিটেল ডেস্কঃ বিশ্বৰ প্ৰতিখন দেশতে আছে ৰাজহুৱা পৰিবহণ ব্যৱস্থা। এই ৰাজহুৱা পৰিবহণ ব্যৱস্থা ব্যৱহাৰৰ বাবে সকলোৱে কম, বেছি পৰিমাণে নিৰ্ধাৰিত ভাড়া ব্যয় কৰিব লাগে। ব্যক্তিগত মালিকানাধীন পৰিবহণ সেৱাৰ উপৰিও দেশ অনুসৰি চৰকাৰী ভাৱে জনসাধাৰণক এই সেৱা প্ৰদান কৰি আহিছে।

Advertisment

এনে ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ অংশ বাছেই হওঁক বা ৰে’লেই হওঁক এইসমূহত উঠিলে জনসাধাৰণে দুৰত্ব অনুসৰি ভাড়া দিব লাগে বা টিকট কাটিব লাগে। টিকট অবিহনে ভাৰতত ৰে’লত উঠিলে জৰিমণাও ভৰিব লাগে। শেহতীয়াকৈ ভাৰত চৰকাৰৰ ৰে’ল মন্ত্ৰণালয়ে টিকট বিহীনভাৱে ৰে’ল যাত্ৰা কৰাৰ সমস্যাক সমধান কৰাৰ বাবে টিকট নিশ্চিত হোৱাৰ পাছতহে যাত্ৰীক ষ্টেচনত প্ৰবেশৰ অনুমতি দিয়াৰ এক ব্যৱস্থা কাৰ্যকৰী কৰাৰ পদক্ষেপ গ্ৰহণ কৰাৰ পৰিকল্পনা হাতত লৈছে।

পিছে ভাৰতৰ এনে ব্যৱস্থাৰ পৰিবৰ্তে বিশ্বত এনে এখন দেশ আছে য’ত ৰাজহুৱা পৰিবহণ ব্যৱস্থা সম্পূৰ্ণ বিনামূলীয়া। ইয়াত ৰাজহুৱা পৰিবহণ সেৱা গ্ৰহণ কৰিলে কোনো ব্যক্তিয়েই দিব নালাগে ভাড়া।

বহুতেই বিশ্বাস কৰিবলৈ টান পালেও ইউৰোপৰ লাক্সেমবাৰ্গৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থা সম্পূৰ্ণ বিনামূলীয়া। এই দেশৰ নাগৰিকে বাছ আৰু ৰে’ল সেৱা গ্ৰহণ কৰিলে টিকট কাটিব নালাগে।

এই দেশত বাছত চালকৰ বাহিৰে কোনো পৰিচালক অথবা সহায়কাৰী নাথাকে। ইয়াৰ অটো ৰিক্সাত উঠিলেও যাত্ৰীয়ে ভাড়া দিব নালাগেষ মেট্ৰ’ ৰে’লৰ বাবে কোনেও ক্ৰয় কৰিব নালাগে টিকট।

লাক্সেমবাৰ্গ ইউৰোপৰে নহয়, বিশ্বৰ প্ৰথমখন দেশ, যিয়ে নিজ দেশৰ নাগৰিকৰ বাবে ৰাজহুৱা পৰিবহণ ব্যৱস্থা সম্পূৰ্ণ বিনামূলীয়া কৰিছে। ২০২০ চনৰ পৰা এই ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে। পূৰ্বে ৰাজহুৱা পৰিবহণ ব্যৱস্থাত দেশখনৰ নাগৰিকে নিৰ্ধাৰিত পৰিমাণৰ ভাড়া আদায় দিবলগীয়া হৈছিল যদিও ২০২০ চনত দেশখনৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থা সম্পূৰ্ণ বিনামূলীয়া কৰা হৈছে।

তথ্য অনুসৰি এই দেশত প্ৰতিদিনে প্ৰায় ১ লাখ ২০ হাজাৰ লোকে ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰে। এই যাত্ৰীসকলে ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰিবলৈ টিকট ক্ৰয় কৰিব নালাগে। অৱশ্যে ৰে’ল যাত্ৰীসকলে যদি প্ৰথম শ্ৰেণীৰ ডবা ব্যৱহাৰ কৰিব বিচাৰে তেনে ইয়াৰ বাবে সামান্য পৰিমাণৰ ধনেৰে টিকট ক্ৰয় কৰিব লাগে।

এই দেশখনে এনে ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ আঁৰত মূলতঃ দুটা কাৰণ আছে। প্ৰথম মহানগৰসমূহৰ যান-জঁট হ্ৰাস কৰা আৰু দ্বিতীয়তে প্ৰদূষণ নিয়ন্ত্ৰণ। ২,৫৮৬ বৰ্গ কিলোমিটাৰ এই দেশত প্ৰায় ৬ লাখ লোকে বাস কৰে।

এক সমীক্ষাত অনুসৰি দেশখনৰ ১৯ শতাংশ লোকেহে ৰাজহুৱা পৰিবহণ ব্যৱস্থা ব্যৱহাৰ কৰে। বেছিভাগ মানুহেই নিজৰ গাড়ীৰে যাত্ৰা কৰে। সেয়ে চহৰৰ পথসমূহত যান-জঁট কমাবলৈ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে।

এই চৰকাৰী সিদ্ধান্তৰ ফলত দেশখনলৈ বহু পৰিবৰ্তন আহিছে। ২০২০ ৰ পাছত এই দেশৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থা গ্ৰহণ কৰা লোকৰ সংখ্যা ১৯ শতাংশৰ পৰা ৮৫ শতাংশলৈ বৃদ্ধি পাইছে।

Transport europe