/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/biden-24.jpg)
ডিজিটেল ডেস্কঃ ৰাছিয়ান সেনাই ইউক্ৰেইনত ধ্বংসযজ্ঞ অব্যাহত ৰাখিছে।ইউক্ৰেইনৰ কিয়েভ ধ্বংস্তূপত পৰিণত হোৱাৰ পিছতো ক্ষান্ত হোৱা নাই ৰাছিয়া। কিয়েভত এতিয়াও অব্যাহত ৰাখিছে বোমা নিক্ষেপ।কিয়েভৰ উপৰিও মাৰিয়পোল, খাৰকিভ আদিতো অব্যাহত আছে ৰাছিয়াৰ ধ্বংসযজ্ঞ।
আনহাতে ইউক্ৰেইনৰ সেনাৰ হাতত বৰ্তমানলৈকে নিহত হৈছে ৭ হাজাৰৰ পৰা ১৫ হাজাৰ ৰাছিয়ান সেনা। নাটোৱে অনুমান কৰা মতেে ১ মাহৰ যুদ্ধত ৰাছিয়াই প্ৰায় ১৫ হাজাৰ সেনা জোৱান হেৰুৱাইছে। ইফালে ইউৰোপত ৰাছিয়াৰ সন্ত্ৰাস অব্যাহত থকাৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে ইউক্ৰেইন সংকট সমাধানৰ বাবে ব্ৰাছেলছত উপস্থিত হৈছে।
আশা কৰা হৈছে আমেৰিকাই ৰাছিয়াৰ বিৰুদ্ধে আৰু অধিক নতুন নতুন নিষেধাজ্ঞা ঘোষণা কৰিব। জো বাইডেনৰ নিৰাপত্তা উপদেষ্টাই প্ৰকাশ কৰা মতে জো বাইডেনে ইউৰোপ ভ্ৰমণৰ সময়ত কেইবাটও অনুষ্ঠানত অংশগ্ৰহণ কৰিবষ ইয়াৰ ভিতৰত আছে জৰুৰীকালীন নাটো সন্মিলন, ইউৰোপীয় ইউনিয়নৰ নেতাক সম্বোধন আৰু জি-৭ নেতাৰ সৈতে বৈঠক।
মন কৰিবলগীয়া যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আইন প্ৰণেতাসকলে জো বাইডেনক ভাৰত, ব্ৰাজিল, ইজিপ্ত, ইউ এ ই আদিৰ দৰে দেশসমূহ ভ্ৰমণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। আইন প্ৰণেতাসকলে বাইডেনক এই দেশসমূহৰ কাষলৈ গৈ ইউক্ৰেইনক মানৱীয় সহায়ৰ বাবে আহ্বান জনাবলৈ পৰামৰ্শ আগবঢ়াইছে। আইন প্ৰণেতাসকলে বিশ্বাস কৰে যে এই দেশসমূহৰ সৈতে ৰাছিয়াৰ বন্ধুত্বসুলভ সম্পৰ্ক। গতিকে এই দেশবোৰৰ বোৰৰ পৰা পাইলট বিচাৰিব লাগে। তেওঁলোকৰ মতে ইউক্ৰেইনৰ যিমান সম্ভৱ জীৱন ৰক্ষা কৰাটো আমেৰিকাৰ নৈতিক দায়িত্ব।
ইফালে ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে উল্লেখ কৰা মতে বৃটেইনে ৰাছিয়া বিৰুদ্ধে যুঁজ কৰিবলৈ ইউক্ৰেইনৰ সামৰিক বাহিনীলৈ ৬ হাজাৰ মিছাইল আৰু ৩৩ নিযু ডলাৰ আৰ্থিক সাহায্য প্ৰদান কৰিছে। ইয়াৰ উপৰিও ইউক্ৰেইনক বহু বিস্ফোৰক অস্ত্ৰও প্ৰদান কৰিছে।
ইফালে যুদ্ধই ১ মাহ অতিক্ৰম কৰাৰ সময়তে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভালোদিমিৰ জেলেনস্কিয়ে বুধবাৰে সমগ্ৰ বিশ্বৰ নাগৰিকক ৰাছিয়াৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান জনাইছে। উল্লেখ্য ফেব্ৰুৱাৰী মাহৰ ২৪ তাৰিখে ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে সামৰিক অভিযান আৰম্ভ কৰিছিল। তেতিয়াৰ পৰা এতিয়ালৈতে ইউক্ৰেইমৰ পৰা বিভিন্ন দেশলৈ প্ৰায় ৩.৩ নিযুত ইউক্ৰেনিয়ানে পলায়ন কৰিছে।