/asomiyapratidin/media/media_files/2025/04/21/6cyYQKws9FrPGJHzy4hc.jpg)
ডিজিটেল ডেস্কঃ এক বৰ্ণময় জীৱনৰ পৰিসমাপ্তি। জীৱনৰ ৮৮ টা বসন্ত অতিক্ৰম কৰি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে পোপ ফান্সিছে। সোমবাৰে ভেটিকানৰ পৰা এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে ধৰ্মীয় গুৰুজনৰ মৃত্যুৰ খবৰ নিশ্চিত কৰা হৈছে। ৰোমান কেথলিক গীৰ্জাৰ মুৰব্বীগৰাকী দীৰ্ঘদিন ধৰি ভূগি আছিল শাৰীৰিক সমস্যাত।
সোমবাৰে পুৱা স্থানীয় সময় অনুসৰি ৭-৩৫ বজাত ভেটিকানৰ পৰা জাৰি কৰা এটা ভিডিঅ’ বাৰ্তাত উল্লেখ কৰা অনুসৰি পোপ ফান্সিছে নিজা বাসগৃহ কাছা চাণ্টা মাৰ্টাত শেষ নিশ্বাস ত্যাগ কৰে। ভেটিকানৰ টেলিভিছন চেনেলত কাৰ্ডিনেল কেভিন ফাৰেলে এই খবৰ দিয় কয়, গভীৰ দুখেৰে আমাৰ পবিত্ৰ ফাডাৰ ফ্ৰান্সিছৰ মৃত্যুৰ কথা ঘোষণা কৰিছো।
দেওবাৰে পোপ ফ্ৰান্সিছে কেথলিক খ্ৰীষ্টানসকলৰ আগত নিজৰ ইষ্টাৰ বাৰ্তা প্ৰদান কৰিছিল। তেওঁ চেণ্ট পিটাৰ বেচিলিকাৰ বেলকনিৰ পৰা দিয়া বাৰ্তা শুনিবলৈ হাজাৰ হাজাৰ লোকে ভেটিকান চৌহদত ভিৰ কৰিছিল। দীৰ্ঘদিন ধৰি তেওঁ নিউমোনিয়া সম্পৰ্কীয় সমস্যাত ভূগি আছিল।
এই ৰোগৰ পৰা আৰোগ্যৰ বাবে তেওঁ চিকিৎসালয়তো চিকিৎসাধীন হৈ আছিল। যোৱা কেইমাহমানৰ ভিতৰত তেওঁ কেইবাবাৰো চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছিল। অতি শেহতীয়াকৈ ব্ৰংকাইটিছৰ সৈতে জড়িত সমস্যাৰ বাবে ১৪ ফেব্ৰুৱাৰীত পোপক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
তাৰ পাছতেই তেওঁ নিউমোনিয়া সম্পৰ্কীয় সমস্যাত ভুগি থকা বুলি বাতৰি প্ৰকাশ কৰিছিল। তেওঁৰ তেজত প্লেটলেটৰ মাত্ৰা কমি গৈছিল আৰু প্ৰায় ৰক্তহীনতাৰ সমস্যাৰো সন্মুখীন হৈছিল। শেহতীয়াকৈ ৰোমৰ গেমেলি হাস্পতালৰ পৰা তেওঁক ঘৰলৈ যাবলৈ দিয়া হৈছিল। ৰোমান কেথলিক গীৰ্জাৰ মুৰব্বীগৰাকী তেতিয়াৰ পৰাই ভেটিকানত থকা নিজৰ বাসগৃহত আছিল।
সোমবাৰে পুৱা এই বাসগৃহতেই পোপে শেষ নিশ্বাহ ত্যাগ কৰে। কাকতলীয়াভাৱে দেওবাৰে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে পোপক সাক্ষাৎ কৰিছিল আৰু পোপৰ সৈতে তেওঁ চমু ব্যক্তিগত আলোচনাত মিলিত হৈছিল।
পোপ ফ্ৰান্সিছৰ মৃত্যুৰ পাছতে এতিয়া ৰোমান কেথলিক গীৰ্জাৰ পৰৱৰ্তী মুৰব্বী কোন হ’ব সেয়া চৰ্চালৈ আহিছে। অৱশ্যে এতিয়াও এই সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা হোৱা নাই। সাধাৰণতে পৰৱৰ্তী পোপক ‘কনক্লেভ’ বা সন্মিলনৰ জৰিয়তে বাছনি কৰা হয়।
পোপৰ মৃত্যুৰ ১৫-২০ দিনৰ ভিতৰত এই সন্মিলন আৰম্ভ হ’ব লাগে। সেয়ে আগন্তুক দুটা সপ্তাহৰ পিছতে পৰৱৰ্তী পোপ কোন হ’ব সেয়া স্পষ্ট হ’ব। পোপৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও। পোপ ফ্ৰান্সিছৰ সৈতে কিছু পুৰণি মুহূৰ্ত ছ’চিয়েল মিডিয়াত পোষ্ট কৰি তেওঁ লিখিছে, “পোপ ফ্ৰান্সিছক বিশ্বৰ লাখ লাখ লোকে দয়া, নম্ৰতা আৰু আধ্যাত্মিকতাৰ পোহৰ হিচাপে স্মৰণ কৰিব।”
Deeply pained by the passing of His Holiness Pope Francis. In this hour of grief and remembrance, my heartfelt condolences to the global Catholic community. Pope Francis will always be remembered as a beacon of compassion, humility and spiritual courage by millions across the… pic.twitter.com/QKod5yTXrB
— Narendra Modi (@narendramodi) April 21, 2025
বিৰোধী দলপতি ৰাহুল গান্ধীয়েও পোপৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। তেওঁ এক্সত লিখিছে, দয়া, ন্যায় আৰু শান্তিৰ বিশ্বব্যাপী কণ্ঠস্বৰ পোপ ফ্ৰান্সিছৰ মৃত্যুত গভীৰভাৱে দুখী । ৰাহুলে আৰু লিখিছে, তেওঁ নিপীড়িত আৰু প্ৰান্তীয় লোকৰ কাষত থিয় দিছিল, বৈষম্যৰ বিৰুদ্ধে নিৰ্ভয়ে কথা কৈছিল আৰু তেওঁৰ প্ৰেম আৰু মানৱতাৰ বাৰ্তাৰে বিশ্বাসৰ লাখ লাখ লোকক অনুপ্ৰাণিত কৰিছিল।
Deeply saddened by the passing of His Holiness Pope Francis, a global voice of compassion, justice, and peace.
— Rahul Gandhi (@RahulGandhi) April 21, 2025
He stood by the downtrodden and the marginalised, spoke fearlessly against inequality, and inspired millions across faiths with his message of love and humanity.
My… pic.twitter.com/2UeQhA1KFW
সেইদৰেই বিশ্বৰ আন আন ৰাষ্ট্ৰনেতা সকলেও পোপৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।
It is with great sadness that Jill and I learned of the passing of His Holiness Pope Francis. He was unlike any who came before him. Pope Francis will be remembered as one of the most consequential leaders of our time and I am better for having known him. For decades, he served… pic.twitter.com/GsE03QNoHj
— Joe Biden (@JoeBiden) April 21, 2025
Rest in Peace, Pope Francis. ✝️ pic.twitter.com/8CGwKaNnTh
— The White House (@WhiteHouse) April 21, 2025