এগৰাকী ১০৪ বছৰীয়া বৃদ্ধাক গ্ৰেপ্তাৰ আৰক্ষীৰ, কিয়, জানিবলৈ পঢ়ক এই বাতৰি

এগৰাকী ১০৪ বছৰীয়া বৃদ্ধাক গ্ৰেপ্তাৰ আৰক্ষীৰ, কিয়, জানিবলৈ পঢ়ক এই বাতৰি

author-image
asomiyapratidin
New Update
এগৰাকী ১০৪ বছৰীয়া বৃদ্ধাক গ্ৰেপ্তাৰ আৰক্ষীৰ, কিয়, জানিবলৈ পঢ়ক এই বাতৰি

ডিজিটেল ডেস্কঃ ইচ্ছা বা আকাংক্ষাৰ কোনো পৰিসীমা নাই। সপোন দেখাটো সহজ। বহু সপোন পূৰণ হোৱাটোৱেই অসম্ভৱ। কিন্তু তাৰ মাজতে যদি কেতিয়াবা আমি দেখা অদ্ভূত সপোন এটা পূৰণ হৈ যায়, তেন্তে হয়তো আমাতকৈ সুখী সেই মুহূৰ্তত আন কোনো হ'ব নোৱাৰে।

ইংলেণ্ডৰ নিৱাসী এগৰাকী বৃদ্ধাৰো এটা সপোন আছিল। ১০৪ বছৰীয়া এনী ব্ৰ'কনব্ৰো নামৰ এইগৰাকী বৃদ্ধাৰ সপোনটোও অৱশেষত সফল হ'ল। কিন্তু এই বৃদ্ধা গৰাকীৰ সপোন কি আছিল জানেনে?

জানিব পৰা মতে, এনি ব্ৰ'কনব্ৰো' যিটো কেয়াৰ হোমত বাস কৰিছিল তাত এটি স্বেচ্ছাসেৱী সংস্থাই বৃদ্ধ লোকসকলৰ এটা ইচ্ছা পূৰণৰ বাবে চেষ্টা চলাই আহিছে। কেয়াৰ হোমটোত এনী ব্ৰ'কনব্ৰো আকাংক্ষা সন্দৰ্ভত এখন ফৰ্ম (দ্য ব্ৰিষ্টল উইজিং ৱাছিং লাইন) পূৰণ কৰে। য'ত বৃদ্ধা গৰাকীয়ে নিজৰ বিষয়ে লিখি এবাৰ জে'ললৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰে।

বৃদ্ধা এনী ব্ৰ'কনব্ৰোই ফৰ্মত লিখিছে- 'মই কেতিয়াও আইন উলংঘন কৰি নাপালো। মই বিচাৰো এবাৰ মোক এৰেষ্ট কৰা হওক। মোৰ সেয়াই ইচ্ছা।'

বৃদ্ধা গৰাকীৰ এই অদ্ভূত ইচ্ছাৰ বিষয়ে জানিব পাৰি স্থানীয় আৰক্ষীয়ে এক টুইটযোগে বৃদ্ধাগৰাকীৰ ইচ্ছাৰ কথা প্ৰকাশ কৰি কয়, 'এনী ব্ৰ'কনব্ৰোৰ এই ইচ্ছা পূৰণ কৰিবলৈ আমি এটা আৰক্ষীৰ দল প্ৰেৰণ কৰিছো। তেওঁলোকে এনীক এৰেষ্ট কৰিব।'