প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শিৰত কুৱেইটৰ সৰ্বোচ্চ সন্মান

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লাভ কৰিলে আন এক সন্মান। প্ৰধানমন্ত্ৰীগৰাকীক প্ৰদান কৰা হৈছে কুৱেইটৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান ''দ্য অৰ্ডাৰ অফ মুবাৰক আল কবীৰ''।

author-image
Asomiya Pratidin
New Update
প্ৰধানমন্ত্ৰীৰ মোডীৰ শিৰত কুৱেইটৰ সৰ্বোচ্চ সন্মান

প্ৰধানমন্ত্ৰীৰ মোডীৰ শিৰত কুৱেইটৰ সৰ্বোচ্চ সন্মান

ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লাভ কৰিলে আন এক সন্মান। প্ৰধানমন্ত্ৰীগৰাকীক প্ৰদান কৰা হৈছে কুৱেইটৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান ''দ্য অৰ্ডাৰ অফ মুবাৰক আল কবীৰ''। ইয়াৰ লগে লগে মোডীয়ে লাভ কৰা মুঠ আন্তৰ্জাতিক সন্মানৰ সংখ্যা বৃদ্ধি পালে ২০ টালৈ। 

উল্লেখ্য যে, কুটনৈতিক বন্ধুত্বৰ বাৰ্তাবাহক হিচাপে কুৱেইটে এই সন্মান বিভিন্ন ৰাষ্ট্ৰপ্ৰধানক প্ৰদান কৰি আহিছে। মোডীৰ পূৰ্বে এই সন্মান লাভ কৰিছিল বিল ক্লিণ্টন, জৰ্জ বুশ্বৰ দৰে নেতাই।

দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে শনিবাৰে কুৱেইটত উপস্থিত হোৱা নৰেন্দ্ৰ মোডীক ৰাষ্ট্ৰখনত ৰাজকীয় অভ্যৰ্থনা প্ৰদান কৰা হৈছে। কুৱেইটৰ ৰাষ্ট্ৰপ্ৰধানৰ সৈতে বৈঠকৰ আগে আগে তেওঁক বায়ান প্ৰসাদত গাৰ্ড অফ অনাৰ দিয়া হয়।

ইয়াৰ লগতে ভাৰতলৈ বন্ধুত্বৰ বাৰ্তাৰে দেশখনৰ সৰ্বোচ্চ সন্মান ''দ্য অৰ্ডাৰ অফ মুবাৰক আল কবীৰ'' প্ৰধানমন্ত্ৰী মোডীলৈ আগবঢ়োৱা হয়। স্মৰ্তব্য, শনিবাৰে কুৱেইটৰ ভূমিত ভৰি ৰখাৰ পাছত মোডীয়ে প্ৰৱাসী ভাৰতীয়সকলৰ সৈতেও সাক্ষাতত লিপ্ত হয়।

তাৰ পাছত তেওঁ ''হালা মোডী'' অনুষ্ঠানৰ মঞ্চত উপস্থিত হয়। এই মঞ্চৰ পৰা তেওঁ ভাষণত কয়, ''মই ইয়াত আহি উপস্থিত হোৱা মাত্ৰ দুঘণ্টা হৈছে। ইয়ালৈ অহাৰ পিছত মোক যিদৰে অভ্যৰ্থনা জনোৱা হৈছে সেয়া দেখি মই অভিভূত। আপোনালোকৰ স্পৰ্শ পাইছো। এনেকুৱা লাগিছে যে সৰু ভাৰতত আহি পাইছো।''

তেওঁ আৰু কয়, "ভাৰতৰ পৰা কুৱেইট আহি পাবলৈ প্ৰায় চাৰি ঘণ্টা সময় লাগে। কিন্তু প্ৰধানমন্ত্ৰী ইয়ালৈ আহিবলৈ চাৰি দশকৰ সময় লাগিল।'' মন কৰিবলগীয়া যে, প্ৰায় ৪৩ বছৰৰ পিছত নৰেন্দ্ৰ মোডীৰ ৰূপত এজন ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে কুৱেইটত ভৰি ৰাখিছে। তেওঁৰ পূৰ্বে শেষবাৰৰ বাবে ইন্দিৰা গান্ধীয়ে কুৱেইট ভ্ৰমণ কৰিছিল।

কুৱেইট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী